সম্পাদনা (Editing) হৈছে কোনো লিখিত নথিপত্ৰ বা অন্য কামৰ পৰ্যালোচনা আৰু পৰিৱৰ্তন কৰি ইয়াক উন্নত কৰাৰ প্ৰক্ৰিয়া। ইয়াৰ অৰ্থ হৈছে বিষয় এটা সামাজিকভাৱে প্ৰকাশৰ বাবে প্ৰস্তুত কৰা, প্ৰকাশৰ পূৰ্বে বিষয়টো শুদ্ধ হোৱাটো নিশ্চিত কৰা। 'সম্পাদনা' শব্দটোৱে মূলতঃ কোনো কাৰ্য্য সুচাৰুৰূপে আৰু ত্ৰুটিমুক্তভাৱে নিষ্পাদন কৰা কাৰ্য্যক বুজায়।১ গুণগত দিশৰ উৎকৰ্ষ সাধন ইয়াৰ প্ৰধান আৰু প্ৰাথমিক চৰ্ত। নিৰ্দিষ্ট কাৰ্য্য একোটা কলাসম্মত ৰূপত, ত্ৰুটিমুক্ত আৰু গুণগত উৎকৰ্ষৰে সমাধা হোৱাটোৱেই সম্পাদনাৰ মূল ভিত্তি।২ সম্পাদনা বিষয়টোৱে বৈদ্যুতিন মাধ্যমসমূহ বিশেষকৈ ৰেডিঅ', টেলিভিছন আদি; তথ্যচিত্ৰ, চলচ্চিত্ৰৰ চিত্ৰনাট্য বা কাৰিকৰী সম্পাদনাৰপৰা ছপামাধ্যমৰ কাকত-আলোচনী-গ্ৰন্থৰ সম্পাদনালৈকে প্ৰতিটো ক্ষেত্ৰ সামৰি লয়।
বিৱৰণ
লেখা, গ্ৰন্থ, দৈনিক, সাপ্তাহিক, মাহেকীয়া বা পষেকীয়া কাকত বা আলোচনী অথবা কবিতাৰ পাঠ, ভাষা, ভাব বা শৃংখলক ব্যাৱস্থিত কৰিবলৈ তথা আৱশ্যকতা অনুসৰি তাত সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন ঘটাই তাক সৰ্বজনীন প্ৰয়োগ অথবা প্ৰকাশযোগ্য কৰি তোলাকে সম্পাদনা কৰা বোলে। লেখা বা কিতাপৰ ভাষা, ভাব তথা শৃংখলৰ সৈতে তালৈ অহা তথ্য আৰু পাঠৰো সংশোধন আৰু পৰিষ্কাৰ কৰি সম্পাদনা কৰা হয়। এই পৰিস্কৰণ প্ৰক্ৰিয়াত উচিত শীৰ্ষক বা উপশীৰ্ষক, অধ্যায় বা ক্ৰম ঠিক কৰি, ব্যাকৰণৰ দৃষ্টিৰে ভাষাৰ শুধৰণি কৰি, শৈলী আৰু প্ৰভাৱৰ সামঞ্জস্য সংস্থাপিত কৰি, নাম, ঘটনা, তিথি আৰু প্ৰসংগৰ উচিত ভাবে সংযোগ কৰি, আৱশ্যকতা অনুসৰি বিষয়, শব্দ, বাক্য বা উদাহৰণ বঢ়ায়, অৱতাৰণা সংযোগ কৰি, তলত টোকা লিখি বোধগম্য ব্যৱস্থাৰো সংযোগ কৰা হয়।
, 1977. Previous front pages are affixed to the wall behind them.]]
সাময়িক ঘটানা বা বিষয়ৰ ওপৰত সম্পাদকীয় লিখা, বিভিন্ন প্ৰকাৰৰ বাতৰিৰ ওপৰত তাৰ তুলনাত্মক মহত্ত্ব অনুসৰি তাৰ ওপৰত বিভিন্ন আঁকাৰ প্ৰকাৰৰ শীৰ্ষক বা শিৰোনাম (headline, flash, banner) দিয়া, অশ্লীল, অপমানজক তথা আপত্তিজনক কথা নিলিখাকৈ সত্যতা, তেজস্বিতা, স্পষ্টবাদিতা, নিৰ্ভীকতা তথা নিৰপেক্ষতাৰ লগতে অন্যায়ৰ বিৰোধিতা কৰা, ৰাইজৰ ভাবনাৰ প্ৰতিনিধিত্ব কৰা, জনতাক পথ প্ৰদৰ্শন কৰা আৰু জনমত নিৰ্মাণ কৰাটো দৈনিক কাকতৰ সম্পাদনাৰ অন্তৰ্গত বিষয়। সাপ্তাহিক কাকতৰ অন্য সকলো কথা দৈনিক কাকতৰ দৰেই হয়, কিন্তু তাত বিচাৰপূৰ্ণ নিৱন্ধ, কাহিনী বা গল্প, বিৱৰণ, বিবেচনা আদিৰ তথ্য-সমৃদ্ধ, পঠনীয় আৰু মননশীল সামগ্ৰীও থাকিব লাগিব। সেয়ে, তাৰ লেখা সমূহ, সাপ্তাহিক বাতৰি, অন্য মনোৰঞ্জক তথা কিশোৰ, মহিলা আদি বিশেষ বৰ্গৰ বাবে সংকলিত সামগ্ৰীৰ নিৰ্বাচন আৰু সম্পাদনা সেই বিশেষ বৰ্গৰ যোগ্যতা আৰু আৱস্থালৈ লক্ষ্য ৰাখি জনহিতৰ দৃষ্টিৰে কৰিব লাগিব। এইদৰেই নিৰ্বাচকৰ দ্বাৰা প্ৰেৰিত পক্ষৰ উত্তৰ জনহিত তথা তথ্যৰ দৃষ্টিৰে পৰীক্ষণ কৰি সমাৱেশিত কৰাৰ আৱশ্যকতা থাকে।
মাহেকীয়া বা সাপ্তাহিক আলোচনী মুখ্যতঃ বিচাৰপত্ৰৰ দৰে হয়, য'ত গভীৰ তথা চিন্তাশীল লেখাৰ আধিক্য থাকে। ইয়াত স্বাভাৱিকতেই লেখনিৰ সম্পাদনা লেখনি বা গ্ৰন্থৰ সম্পাদনাৰ দৰেই হয়। বিতৰ্কমূলক বিষয়ত বিভিন্ন পক্ষৰ পৰা পোৱা লিখনিৰ এনেপ্ৰকাৰে পৰীক্ষণ কৰা হয় যে তাত কোনো প্ৰকাৰে কোনো ব্যক্তি, পক্ষ, সমাজ অথবা গ্ৰন্থৰ ওপৰত কোনো ধৰণৰ ব্যাংগাত্মক বা আক্ৰোশপূৰ্ণ আক্ষেপ নাথাকে আৰু ক'তোৱেই যেন অশ্লীল (অমংগল তথা গ্ৰাম্য) শব্দৰ প্ৰয়োগ নাথাকে। এনে পত্ৰিকা বা আলোচনীত বিভিন্ন শৈলীৰ দ্বাৰা আকৰ্ষক ৰচনাকৌশলেৰে লিখা পঠনীয়, মননশীল, মনোৰঞ্জক, জ্ঞানবিস্তাৰক, বিচাৰপ্ৰৱণ আৰু প্ৰেৰণাশীল লেখাৰ সংগ্ৰহ কৰাটো, তাৰ সৈতে আৱশ্যকীয় সম্পাদকীয় টিপ্পনী দিয়া, স্পষ্টীকৰণৰ বাবে টোকা, পৰিচয় অথবা ব্যাখ্যা আদি সংলগ্ন কৰা আৰু প্ৰাপ্ত লেখা সমূহক বোধগম্য তথা স্পষ্ট কৰাৰ কাৰণে অনাৱশ্যক অংশ পৰিহাৰ কৰা, আৱশ্যক অংশ সংলগ্ন কৰা, যি বিশেষ কৌশলেৰে লেখকে লিখিছে সেই কৌশলৰ প্ৰকৃতি অনুসৰি ভাষা আৰু শৈলীক উপস্থাপন কৰা, যদি লেখকে উচিত কৌশলৰ প্ৰয়োগ কৰা নাই- তেন্তে উচিত কৌশল অনুসৰি লিখনি সলনি কৰা, ভাষাত প্ৰয়োগ কৰা শব্দ আৰু বাক্যৰ ৰূপ শুদ্ধ কৰা বা লিখনিৰ প্ৰভাৱ ধৰি ৰখা অথবা তাক অধিক প্ৰভাৱশালী কৰি তোলাৰ বাবে শব্দ আৰু বাক্যৰ সংযোজন কৰা আদি ক্ৰিয়া সম্পাদনাৰ অন্তৰ্গত বিষয়।
কবিতা বা কাব্যৰ সম্পাদনাৰ ক্ষেত্ৰত ছন্দ, যতি, গতি, প্ৰভাৱ, মাত্ৰা, শব্দৰ উচিত যোজনা বা সংযুক্তকৰণ, অলংকাৰৰ উচিত আৰু প্ৰভাৱকাৰী সংযোগ আদি কথালৈ বিশেষ ধ্যান দিয়া হয়। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সম্পাদনাৰ দ্বাৰা কোনো লিখনি, গ্ৰন্থ বা আলোচনী, কাকতৰ সামগ্ৰী সমূহক উচিত অনুপাত, ৰূপ, শৈলী আৰু ভাষাৰ ক্ষেত্ৰত এনে প্ৰকাৰে মিলোৱা হয়- যাতে সেয়া যি প্ৰকাৰ পাঠকলৈ উদ্দেশ্য কৰা হৈছে, তেওঁলোকক ইয়ে প্ৰভাৱিত কৰিব পাৰে, তেওঁলোকে বুজিব পাৰে আৰু তেওঁলোকৰ ভাবনা, বিচাৰ তথা ভাষাবোধক পৰিমাৰ্জিত, সৱল, প্ৰেৰণাদায়ক আৰু প্ৰবুদ্ধ কৰিব পাৰে তথা লেখককো পথ প্ৰদৰ্শন কৰিব পাৰে।
সম্পাদনাৰ দায়বদ্ধতা
- বিষয়বস্তুৰ স্পষ্টতা ৰক্ষা কৰা।
- বিষয়বস্তুৰ পাৰস্পৰিক সংগতি ৰক্ষা কৰা।
- তথ্যগত শুদ্ধতা নিৰ্ণয় কৰা।
- উপস্থাপনত পুনৰাবৃত্তি-অস্পষ্টতা দূৰ কৰা।
- উদ্ধৃতিৰ যথাৰ্থতা নিৰ্ণয় কৰা।
- ভাষাগত বিভ্ৰান্তি দূৰ কৰা।৩
লগতে চাওক
- Audio editing
- Author editing
- Film editing
- Society for Editors and Proofreaders — UK based
- Stealth edit
- Video editing
- Writer
- Textual scholarship
অধিক জানিবলৈ পঢ়ক
- Morrison, Blake. (6 August 2005). Black day for the blue pencil. The Guardian
- Overholser, Geneva. (December 1998). Editor Inc.. American Journalism Review
- Stephen, Leslie. (1898). Studies of a Biographer. Duckworth and Co. পৃ. 37–73
তথ্যসূত্ৰ
- ↑ Mamishev, Alexander, Williams, Sean, Technical Writing for Teams: The STREAM Tools Handbook, Institute of Electrical and Electronics Engineers, John Wiley & Sons. Inc., Hoboken, 2009, p. 128
- ↑ সম্পাদনা আৰু প্ৰকাশন, নৱ কুমাৰ চমুৱা, নক্সা প্ৰকাশন, ২০২৩
- ↑ সম্পাদনা আৰু প্ৰকাশন, নৱ কুমাৰ চমুৱা, নক্সা প্ৰকাশন, ২০২৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সম্পাদনা” প্ৰবন্ধৰ সংশোধন ৫২৭৩৯৩ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।