অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ক্ষ

ক্ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ অন্তৰ্ভুক্ত আখৰ যদিও ই স্বতন্ত্ৰ বৰ্ণ নহয়। ই এটা যুক্ত বৰ্ণ হে। ক আৰু ষ বৰ্ণ সংযুক্ত হৈ (ক্‌ + ষ) ক্ষ হয়। ইয়াৰ উচ্চাৰণ খিয়ো। শব্দটোত ক’ত ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণটোৰ উচ্চাৰণ বেলেগ বেলেগ হয়। ই এক অস্পষ্ট ব্যঞ্জনবৰ্ণ।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ক্ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ অন্তৰ্ভুক্ত আখৰ যদিও ই স্বতন্ত্ৰ বৰ্ণ নহয়। ই এটা যুক্ত বৰ্ণ হে। ক আৰু ষ বৰ্ণ সংযুক্ত হৈ (ক্‌ + ষ) ক্ষ হয়। ইয়াৰ উচ্চাৰণ খিয়ো। শব্দটোত ক’ত ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণটোৰ উচ্চাৰণ বেলেগ বেলেগ হয়। ই এক অস্পষ্ট ব্যঞ্জনবৰ্ণ।

'ক্ষ'ৰ উচ্চাৰণ

অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা আদি ভাষাত 'ক্ষ'ৰ উচ্চাৰণ দুইধৰণে হ'ব পাৰে:

  1. যদি কোনো শব্দৰ আৰম্ভণিত ক্ষ থাকে তেন্তে ইয়াৰ উচ্চাৰণ ‘খ’ৰ দৰে হয়।

যেনে: ক্ষমা (উচ্চাৰণ: খমা)।

  1. ক্ষ যদি মাজত বা শেষত থাকে তেন্তে ইয়াৰ উচ্চাৰণ ‘ক + খ’ৰ দৰে হয়।

যেনে: সুৰক্ষা (উচ্চাৰণ: সুৰক্খা)।১

অৱশ্যে সংস্কৃত ভাষা, হিন্দী ভাষা আদি ভাষাত ক্ষৰ উচ্চাৰণ বেলেগ ধৰণে হয়। যেনে: ক্ষমা (স্যমা), সুৰক্ষা (সুৰক্ষা)।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ'ক্ষ'ৰ লগত যোগ হ'লে
অক্ষ
আক্ষা
ইক্ষি
ঈক্ষী
উক্ষু
ঊক্ষূ
ঋক্ষৃ
এক্ষে
ঐক্ষৈ
ওক্ষো
ঔক্ষৌ

যুক্তবৰ্ণ (ক্ষ যোগ)

ক্‌ + ষ্‌ + ম = ক্ষ্ম = সুক্ষ্ম

ক্‌ + ষ্‌ + য = ক্ষ্য = লক্ষ্য

'ক্ষ'ৰে আৰম্ভ শব্দৰ উদাহৰণ

  • ক্ষমা
  • ক্ষতি
  • ক্ষত্ৰিয়
  • ক্ষুধা
  • ক্ষণ
  • ক্ষমতা
  • ক্ষেত্ৰ
  • ক্ষুদ্ৰ
  • ক্ষুব্ধ
  • ক্ষিপ্ৰ
  • ক্ষীণ
  • ক্ষোভ

তথ্যসূত্ৰ

  1. ↑ (১৮ জুন ২০২০). ক্ষ-ৰ উচ্চাৰণ. বানান আন্দোলন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষ” প্ৰবন্ধৰ সংশোধন ৫৬২৯৬৭ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।