অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুইছ ব্ৰেইল

লুইছ ব্ৰেইল (Louis Braille;; জন্ম: ৪ জানুৱাৰী, ১৮০৯ - মৃত্যু: ৬ জানুৱাৰী, ১৮৫২ ) এগৰাকী ফৰাচী উদ্ভাৱক আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হৈছিল ফ্ৰান্সৰ ক'পভ্ৰেত। তিনি বছৰ বয়সত তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। পৰৱৰ্তী সময়ত তেওঁ অন্য অন্ধ লোকক পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল।

হালনাগাদ: ১১ অক্টোবৰ ২০২৩ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

লুইছ ব্ৰেইল (Louis Braille;; জন্ম: ৪ জানুৱাৰী, ১৮০৯ - মৃত্যু: ৬ জানুৱাৰী, ১৮৫২ ) এগৰাকী ফৰাচী উদ্ভাৱক আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হৈছিল ফ্ৰান্সৰ ক'পভ্ৰেত। তিনি বছৰ বয়সত তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।১ পৰৱৰ্তী সময়ত তেওঁ অন্য অন্ধ লোকক পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত এবছৰৰ ভিতৰতে তেওঁ অন্ধ আৰু দৃষ্টিহীন লোকৰ সহায় আৰু কল্যাণৰ বাবে ব্ৰেইল ব্যৱস্থাৰ বিকাশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। এই পদ্ধতিৰ সহায়ত আঙুলিৰে এটাৰ পৰা ছয়টা বিন্দুত স্পৰ্শৰ জৰিয়তে বিশ্বৰ লাখ লাখ অন্ধ লোকে শিক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি লিখিব আৰু পঢ়িবলৈ সক্ষম হৈছিল। বৰ্তমান এই পদ্ধতি সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে আৰু প্ৰায় সকলো ভাষাতে উপলব্ধ হৈছে।

প্ৰাৰম্ভিক জীৱন

পেৰিছৰ পৰা প্ৰায় ২০ মাইল দূৰত অৱস্থিত কুপভ্ৰে নামৰ এখন সৰু চহৰত ১৮০৯ চনৰ ৪ জানুৱাৰীত লুইছ ব্ৰেইলৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ এজন চামৰাৰ ব্যৱসায়ীৰ আছিল।৩৪ চাৰিটা সন্তানৰ ভিতৰত তেওঁ আছিল একেবাৰে সৰু। তিনি বছৰ বয়সতে তেওঁৰ চকুত আঘাত প্ৰাপ্ত হৈ দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল।১ সেই সময়ত প্ৰতিজৈৱিকৰ অভাৱত আঘাত পোৱা চকুটো সংক্ৰমিত হৈ পৰিছিল আৰু ই আনটো চকুতো প্ৰভাৱ পেলাইছিল। ফলত তেওঁ চিৰদিনৰ বাবে অন্ধ হৈ পৰিছিল।১

শিক্ষা

দহ বছৰ বয়সত লুইছ ব্ৰেইলক ৰয়েল একাডেমী ফৰ দ্য ব্লাইণ্ড য়ুথত নামভৰ্তি কৰাই দিয়া হৈছিল।৫ শিক্ষা জীৱনত ব্ৰেইল এজন মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হৈছিল। বিজ্ঞান আৰু সংগীতত তেওঁ বিশেষ দক্ষতা প্ৰদৰ্শন কৰিছিল। পিছলৈ তেওঁ গীৰ্জাত অৰ্গেনিষ্ট হিচাপে যোগদান কৰিছিল৬ আৰু যুৱ অন্ধ প্ৰতিষ্ঠানত শিক্ষকতাও কৰিছিল।

মৃত্যু

ব্ৰেইলে শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈকে দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাত জীৱন পাৰ কৰিছিল। চল্লিশ বছৰ বয়সত তেওঁৰ যক্ষ্মা ৰোগ ধৰা পৰিছিল আৰু তাৰ পিছতেই তেওঁ কৰ্মৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। লাহে লাহে তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা বাবে তেওঁক কুপ’ভ্ৰেত থকা পৰিয়ালৰ বাসগৃহলৈ লৈ অনা হৈছিল। অৱশেষত ১৮৫৩ চনৰ ৬ জানুৱাৰীত পেৰিছত লুইছ ব্ৰেইলৰ মৃত্যু হয়।৭

সন্মান

ফ্ৰান্সৰ ক'পভ্ৰে অঞ্চলত থকা লুইছ ব্ৰেইলৰ শৈশৱৰ ঘৰটো লুইছ ব্ৰেইল সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হৈছে আৰু ইয়াক ঐতিহাসিক অট্টালিকাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। চহৰখনত তেওঁৰ এটা বৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।৮ এই স্মৃতিসৌধটোক ব্ৰেইল চৌহদ বুলি জনা যায়।৯ ১৯৫২ চনত তেওঁৰ মৃত্যুৰ শতবাৰ্ষিকীত তেওঁৰ মৃতদেহৰ অৱশেষ পেৰিছৰ পান্থেয়নলৈ স্থানান্তৰ কৰা হয়।১০ সন্মানৰ চিন স্বৰূপে তেওঁৰ প্ৰতীক হিচাপে ব্ৰেইলৰ এটা বাহু কুপ’ভ্ৰেৰ তেওঁৰ গৃহৰ সন্মুখত সমাধিস্থ কৰা হৈছে।১১১২ সমগ্ৰ বিশ্বতে তেওঁৰ স্মৃতিত পোষ্টকাৰ্ড প্ৰচলন কৰা হয়,১৩ আৰু ১৯৯২ চনত তেওঁৰ নামত এটা এষ্টৰইড “৯৯৬৯ ব্ৰেইল” নামকৰণ কৰা হয়।১৪ এনচাইক্লপেডিয়া ব্ৰিটেনিকাই তেওঁক "সৰ্বকালৰ ১০০জন সবাটোতকৈ প্ৰেৰণাদায়ক উদ্ভাৱক"ৰ তালিকাত নামভূক্ত কৰে।১৫

লুইছ ব্ৰেইলৰ সন্মানত জন্মৰ দ্বিশত বাৰ্ষিকীত (১৮০৯-২০০৯) ভাৰত চৰকাৰে মুকলি কৰা দুটকীয়া মুদ্ৰা
লুইছ ব্ৰেইলৰ সন্মানত জন্মৰ দ্বিশত বাৰ্ষিকীত (১৮০৯-২০০৯) ভাৰত চৰকাৰে মুকলি কৰা দুটকীয়া মুদ্ৰাছবি: Gowri Abhiram · CC BY-SA 4.0

লুইছ ব্ৰেইলৰ ১৯৭তম জন্মবাৰ্ষিকী উপলক্ষে ২০০৬ চনত গুগলে তেওঁলোকৰ মুখ্য পৃষ্ঠাত ব্ৰেইল পদ্ধতিত “গুগল” বুলি লিখা এটা গুগল ডুগল প্ৰদৰ্শন কৰে।

২০০৯ চনত সমগ্ৰ বিশ্বতে বিভিন্ন প্ৰদৰ্শনী আৰু আলোচনা চক্ৰৰ আয়োজন কৰি তেওঁৰ দ্বিশততম জন্মবাৰ্ষিকী উদযাপন কৰা হয়। বেলজিয়াম আৰু ইটালীত তেওঁৰ স্মৃতিত দুই ইউৰোৰ মুদ্ৰা, ভাৰতত দুটকা আৰু এশটকাৰ মুদ্ৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এক ডলাৰ মূল্যৰ মুদ্ৰা প্ৰচলন কৰা হয়।১৬১৭১৮১৯

তেওঁৰ জন্মদিন ৪ জানুৱাৰী তাৰিখটো সমগ্ৰ বিশ্বতে বিশ্ব ব্ৰেইল দিৱস হিচাপে পালন কৰা হয়।২০

তথ্যসূত্ৰ

  1. ↑ Louis Braille
  2. ↑ Who was Louis Braille. Royal Blind
  3. ↑ Weygand, p. 282
  4. ↑ Kugelmass (1951), pp. 13–23
  5. ↑ (2000). The World Book Student Discovery Encyclopedia, Vol. B2. World Book Inc. পৃ. 117. ISBN 978-0-7166-7400-9
  6. ↑ Mellor, p. 5
  7. ↑ Marsan, Colette. (2009). Louis Braille: A Brief Overview. Association Valentin Haüy
  8. ↑ (1996). Louis Braille Monument. Louis Braille School, Edmonds, WA
  9. ↑ Farrell, p. 97
  10. ↑ Kugelmass, J. Alvin. (24 February 1952). That Those Who Are Blind May Read. The New York Times. পৃ. BR26
  11. ↑ Mellor, p. 8
  12. ↑ Jernigan, Kenneth. (1995). Facts About Louis Braille's Birthplace. Blind.net. National Federation of the Blind
  13. ↑ Nuessel, Frank. (November 1985). Louis Braille Helped the Sightless to See. The American Philatelist. পৃ. 1005–1007
  14. ↑ Schmadel, Lutz D.; International Astronomical Union. (2003). Dictionary of minor planet names. Springer-Verlag. পৃ. 715. ISBN 978-3-540-00238-3
  15. ↑ McKenna. (2010). The 100 Most Influential Inventors of All Time. Britannica Educational Publishing. পৃ. 94–96. ISBN 9781615300426
  16. ↑ (2009). New 2-euro commemorative coin on display in the Museum. National Bank of Belgium
  17. ↑ (2009). Italy 2 euro commemorative coin 2009 Louis Braille. Brailleroom
  18. ↑ (2010). Commemorative Coins – India – Louis Braille. India Stamp Ghar
  19. ↑ (2019). Louis Braille Bicentennial Silver Dollar. USmint.gov. United States Mint
  20. ↑ (2 January 2018). Celebrate World Braille Day by Raising Awareness. Nfb.org. National Federation of the Blind

সম্পৰ্কিত শ্ৰেণী

উদ্ভাৱকফ্ৰান্সৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুইছ ব্ৰেইল” প্ৰবন্ধৰ সংশোধন ৩৮৭০৯৩ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।