লিখন
৬ প্ৰবন্ধ
-
ব্ৰেইল্
ব্ৰেইল্ হৈছে অন্ধ বা চকুৰে কম দেখা লোকে ব্যৱহাৰ কৰা এটা স্পৰ্শীয় (tactile) লিখন পদ্ধতি। পৰম্পৰাগতভাৱে ইয়াক এম্বছ কাগজত লিখা হয়। ব্ৰেইল্ ব্যৱহাৰকাৰীয়ে refreshable braille display-ৰ সহায়ত কম্পিউটাৰ স্ক্ৰীন বা আন ইলেক্ট্ৰনিক সঁজুলিত আখৰ পঢ়িব পাৰে।
-
লিখন পদ্ধতি
লিখন পদ্ধতি (Writing system) হৈছে মৌখিক যোগাযোগক দৃশ্যমানভাৱে প্ৰতিনিধিত্ব কৰাৰ এক পদ্ধতি, যি সাধাৰনতে এক লিপি আৰু ইয়াৰ ব্যৱহাৰ নিয়মৰ সমষ্টিৰে গঠিত। যদিও বাৰ্তা প্ৰেৰণ কৰাত লিখা আৰু কথা দুয়োটা উপযোগী, তথ্য সংৰক্ষণ আৰু স্থানান্তৰৰ এক নিৰ্ভৰযোগ্য প্ৰকাৰ হিচাপেও লিখা কথাৰ পৰা পৃথক কৰা হয়।
-
সম্পাদনা
সম্পাদনা (Editing) হৈছে কোনো লিখিত নথিপত্ৰ বা অন্য কামৰ পৰ্যালোচনা আৰু পৰিৱৰ্তন কৰি ইয়াক উন্নত কৰাৰ প্ৰক্ৰিয়া। ইয়াৰ অৰ্থ হৈছে বিষয় এটা সামাজিকভাৱে প্ৰকাশৰ বাবে প্ৰস্তুত কৰা, প্ৰকাশৰ পূৰ্বে বিষয়টো শুদ্ধ হোৱাটো নিশ্চিত কৰা।
-
প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়)
প্ৰিন্টাৰ হ'ল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্ষিত ডেটা যেনে নথি-পত্ৰ বা চিত্ৰ আদি কাগজ আদিৰ দৰে স্থায়ী ছপা মধ্যমত ছপা কৰা এবিধ সজুলি বা যন্ত্ৰ।
-
পেঞ্চিল
পেঞ্চিল (pencil) হৈছে এটা সুৰক্ষামূলক আৱৰণৰ কেন্দ্ৰ অংশত কঠিন ৰঞ্জক পদাৰ্থ থকা লিখা বা অংকন সঁজুলি। পেঞ্চিলে ভৌতিক ঘৰ্ষণৰ দ্বাৰা চিন সৃষ্টি কৰে। ব্যৱহাৰৰ সময়ত হাতৰ হেঁচাত কেন্দ্ৰ অংশৰ কঠিন ৰঞ্জক পদাৰ্থৰ এক পাতল আৱৰণ কাগজ বা অন্যকোনো পৃষ্ঠত আঠা লাগি ধৰে।
-
লিখন
লিখন হৈছে ভাষাৰ এক স্থায়ী প্ৰতিনিধিত্ব সৃষ্টিৰ কাৰ্য্য৷ লিখা ব্যৱস্থাত লিপি নামৰ এটা বিশেষ চিহ্নৰ গোট অন্তৰ্ভুক্ত কৰা হয়, লগতে ইহঁতে এটা বিশেষ কথিত ভাষা সংকেত কৰা নিয়মসমূহো অন্তৰ্ভুক্ত কৰে।