স অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'স'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'স' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (স যোগ)
স্ + ক = স্ক = ভাস্কৰ
স্ + খ = স্খ = স্খলন
স্ + ত = স্ত = স্তৰ
স্ + থ = স্থ = স্থান
স্ + ন = স্ন = স্নান
স্ + প = স্প = স্পৰ্শ
স্ + ফ = স্ফ = স্ফটিক
স্ + ব = স্ব = স্বাগতম
স্ + ম = স্ম = স্মৰণ
স্ + ৰ = স্ৰ = স্ৰোত
'স'ৰে আৰম্ভ শব্দৰ উদাহৰণ
- সাগৰ
- সঁফুৰা (শিশু আলোচনী)
- সৰীসৃপ
- সবল
- সঁচা
- সঁজাত
- সৈনিক
- সান্দহ
- সঁজুলি
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৯৯ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।