ং (উনস্বৰ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৯ নং বৰ্ণ। উনস্বৰ হৈছে নাকৰ ধ্বনিৰ প্ৰকাৰ চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰা বৈশিষ্ট্যপূৰ্ণ বা ধ্বনিগত চিহ্ন। ইয়াৰ উৎপত্তি সংস্কৃত ভাষা আৰু ব্ৰাহ্মী লিপিত আৰু ইয়াৰ ব্যৱহাৰ হয় মূলতঃ দেৱনাগৰী লিপি, অসমীয়া-বাংলা, বাৰ্মিজ, সিংহল, তেলুগু ভাষা, থাই আদি লিপিৰ ক্ষেত্ৰত। শব্দটোৰ ভাষা আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ উচ্চাৰণ ভিন্ন হয়।
' ং' যুক্ত শব্দৰ উদাহৰণ
- গঙ্গা নদী
- বংশ
- মাংস
- ইংৰাজী ভাষা
- ভাৰতীয় জাতীয় কংগ্ৰেছ
- অংশ
- আংশিক
- কংস
- খং
- জংচন
- ধ্বংস
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ং” প্ৰবন্ধৰ সংশোধন ৫০৭৪৯৯ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।