অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছি জিনপিং

ছি জিনপিং হৈছে চীনা সাম্যবাদী দল (কমিউনিষ্ট পাৰ্টি অফ চাইনা)-ৰ সাধাৰণ সম্পাদক, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ। চীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে সামৰিক বাহিনী আৰু পাৰ্টিৰো মুখ্য নেতা হোৱাৰ বাবে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট লিডাৰ" বা "সৰ্বোচ্চ নেতা"…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩,৭৯৬ শব্দ · ২১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ছি জিনপিং হৈছে চীনা সাম্যবাদী দল (কমিউনিষ্ট পাৰ্টি অফ চাইনা)-ৰ সাধাৰণ সম্পাদক, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ। চীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে সামৰিক বাহিনী আৰু পাৰ্টিৰো মুখ্য নেতা হোৱাৰ বাবে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট লিডাৰ" বা "সৰ্বোচ্চ নেতা" বুলিও অভিহিত কৰা হয়।১২ সাধাৰণ সম্পাদক হিচাপে, ছি পলিটবিউৰ' ষ্টেণ্ডিং কমিটিৰ পদাধিকাৰী সদস্য, যি চীন দেশৰ প্ৰকৃত সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা।

অভিজ্ঞ সাম্যবাদী নেতা ছি ঝংচুনৰ পুত্ৰ, ছি জিনপিং প্ৰথমে চীনৰ উপকূলীয় প্ৰান্তসমূহত ৰাজনৈতিক পদলৈ আহিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ ফুজিয়ানৰ শাসক (গভাৰ্ণৰ) আছিল, তাৰ পিছত ২০০২ চনৰ পৰা ২০০৭ চনলৈ কাষৰীয়া ঝেজিয়াঙৰ গভাৰ্ণৰ আৰু দলীয় প্ৰধান আছিল। চেন লিয়াংয়ুৰ অপসাৰণৰ পিছত তেওঁক ২০০৭ চনত অলপ সময়ৰ বাবে ছাংহাইলৈ পঠিওৱা হয়, দলীয় নেতাৰ ৰূপত। ছি জিনপিং ২০০৮ চনৰ পৰা ২০১৩ চনলৈ গণপ্ৰজাতন্ত্ৰী চীনৰ উপ-ৰাষ্ট্ৰপতি আছিল।

ছি এতিয়া গণপ্ৰজাতন্ত্ৰী ৰাষ্ট্ৰখনৰ পঞ্চম প্ৰজন্মৰ নেতৃবৰ্গৰ নেতা।৩ নেতৃত্ব বহন কৰাৰ পিছতে তেওঁ চীনত অভূতপূৰ্ব আৰু দূৰগামী দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰিলে, যাৰ মুখ্য দিশ বজাৰ সম্বন্ধিত আৰ্থনৈতিক সংস্কাৰ, আইনৰ মতে শাসন কৰা আৰু আইনী সংস্থাসমূহ শক্তিশালী কৰা, আৰু ন-চীনা স্বপ্নৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব দিয়া।৪

জিনপিঙে চীনা সমাজত চীনা সাম্যবাদী দলৰ প্ৰভাৱ বিস্তাৰ কৰিলৈ অনুষ্ঠিত কৰা মতাদৰ্শগত বক্তৃতাৰ ওপৰতো বিভিন্ন বাধা আৰোপ কৰিছে, পিচে তেওঁ ঐক্য আৰু পাৰ্টিৰ শৃংখলা বৃদ্ধিৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ সাংগঠনিক শক্তি বহু পৰিমাণে কেন্দ্ৰীভূত কৰিছে, তাৰ বাবে তেওঁ নকৈ গঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আয়োগৰ পদকে ধৰি বিভিন্ন পদ নিজে গ্ৰহণ কৰিছে। তেওঁ ওপৰোৱা সংস্কাৰ, সামৰিক সংস্কাৰ আৰু ইণ্টাৰনেটৰ ওপৰত দৃষ্টি ৰাখিবলৈও নতুন সংগঠনৰ সৃষ্টি কৰিছে। জিনপিঙৰ অন্য উল্লেখনীয় কাম এটি হ'ল বৈদেশিক নীতি- তেওঁ চীন আৰু জাপানৰ সম্বন্ধ, দক্ষিণ সাগৰীয় বিবাদ, এছিয়াৰ আঞ্চলিক প্ৰসংগক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তেওঁ শক্তি আৰু প্ৰাকৃতিক সম্পদৰ দিশতো গুৰুত্ব আৰোপ কৰিছে।৫

শৈশৱ আৰু শিক্ষা

ছি জিনপিঙৰ জন্ম ১৫ জুন ১৯৫৩ চনত বেইজিঙত হৈছিল। তেওঁৰ পিতৃ ছি ঝংচুন আছিল এজন সাম্যবাদী বিপ্লৱী নেতা।৬ ১৯৪৯ চনত সাম্যবাদী ৰাজ্য গঠন হোৱাৰ পিছত তেওঁৰ পিতৃয়ে বিভিন্ন পদ গ্ৰহণ কৰিছিলে, যাৰ অন্তৰ্গত সাম্যবাদী দলৰ প্ৰচাৰ প্ৰমুখ, গণপ্ৰজাতন্ত্ৰী চীনৰ উপ-প্ৰধান, আৰু ৰাষ্ট্ৰীয় গণ কংগ্ৰেছৰ উপাধ্যক্ষৰ পদ।৭ ছিৰ দেউতাকৰ ঘৰ চাঞ্চিৰ ফুপিং অঞ্চল। ছিৰ পূৰ্বপুৰুষসকলৰ হেনানৰ ডেংঝৌৰ সৈতেও সম্পৰ্ক আছিল।৮ ছি জিনপিং ছি ঝংচুন আৰু তেওঁৰ পত্নী ছি ছিনৰ দ্বিতীয় সন্তান।৯

ছিৰ ১০ বছৰ বয়সত তেওঁৰ পিতৃক শুদ্ধ কৰি হেনানৰ লুৱয়াঙৰ এখন কাৰখানাত কাম কৰিবলৈ পঠিওৱা হৈছিল।১০ মে' ১৯৬৬ চনত ছিৰ শিক্ষা চিন্ন হৈছিল সাংস্কৃতিক বিপ্লৱৰ বাবে, য'ত মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকসকলক সমালোচনা আৰু বিৰোধিতা কৰিছিল। ১৯৬৮ চনত সাংস্কৃতিক বিপ্লৱৰ বাবে ছিৰ দেউতাকক ছিৰ ১৫ বছৰ বয়সত কাৰাদণ্ড বিহা হ'ল। ১৯৬৯ চনত মাও জে ডঙৰ "ডাউন টু দা কাণ্ট্ৰি ছাইড আন্দোলন"ত পিতৃৰ সুৰক্ষা অবিহনে ছি গ'ল য়াঞ্চুৱানৰ চাঞ্চিৰ এখন কাৰখানাত কাম কৰিবলৈ। তেওঁ পিছলৈ উৎপাদক দলৰ পাৰ্টি ব্ৰাঞ্চ সম্পাদক হ'ল। ১৯৭৫ চনত কাম ত্যাগ কৰাৰ সময়ত তেওঁৰ বয়স আছিল মাথোঁঁ ২২ বছৰ। পিছত এটি চৰকাৰী দূৰদৰ্শন কেন্দ্ৰই তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে যে, "সেয়া আবেগিক আছিল। সেয়া মেজাজ আছিল। আৰু যেতিয়া সাংস্কৃতিক বিপ্লৱৰ আদৰ্শ বুজিব পৰা নগ'ল, ই মায়াৱী প্ৰমাণিত হ'ল। "১১

১৯৭৫ চনৰ পৰা ১৯৭৯চনলৈ তেওঁ চীনৰ বিখ্যাত চিংঘুৱা বিশ্ববিদ্যালয়ত ৰাসায়নিক অভিযান্ত্ৰিক বিদ্যা অধ্যয়ন কৰিছিলে, এজন "কৰ্মী, কৃষক, পিএলএ" ছাত্ৰৰ ৰূপত (গংনংবিং চুৱেচেং)। ১৯৭৫ত শিক্ষা বৃত্তিমূলক নাছিল, ই আছিল ৰাজনৈতিক আৰু ব্যৱহাৰিক, আৰু চিংঘুৱা ৱিশ্ববিদ্যালয় "আৰু শিক্ষা গ্ৰহণৰ কেন্দ্ৰ নাছিল, পিচে এক যোগাযোগৰ কাৰ্যালয় আছিল, য'ত বিজ্ঞান আৰু আভিযান্ত্ৰিকীৰ শিক্ষাৰ্থীসকলে ৮০% সময় কল-কাৰখানাত কাম কৰি বা ব্যৱহাৰিক বিষয় শিকি কটাইছিল, ১৫% সময় মাৰ্ক্স, লেনিন আৰু মাও জেডঙৰ বিচাৰ অধ্যয়ন কৰি, আৰু ৫% সময় খেতি কৰি বা "পিপুল্স লিবাৰেচন আৰ্মিৰ পৰা শিকি" পাৰ কৰিছিল। "১২

সেই শিক্ষাৰ মানদণ্ডৰ বিষয়ে জছেফ ফিউস্মিথে ক'লে, "ই সম্ভৱতঃ ভাল শিক্ষাই আছিল, কিন্তু ইমান ভাল নাছিল যিমান সাংস্কৃতিক বিপ্লৱৰ পূৰ্বে, পিছত অতিকৈ কম, তেওঁ লাভ কৰিব পাৰিলেহেতেন। "১৩

১৯৯৮ চনৰ পৰা ২০০২ চনলৈ তেওঁ মাৰ্ক্সৰ দৰ্শন আৰু আদৰ্শগত শিক্ষা অধ্যয়ন কৰিলে, এটি "অন-দা-জব" স্নাতকোত্তৰ পাঠ্যক্ৰমত, ছিংঘুৱা বিশ্ববিদ্যালয়ৰ মনুষ্যত্ব আৰু সমাজ বিজ্ঞানৰ বিদ্যালয়ত। তেওঁ আইনৰ ডক্টেেট ডিগ্ৰী লাভ কৰিলে, যাৰ অন্তৰ্গত আইন, ৰাজনীতি, ব্যৱস্থাপনা আৰু বিপ্লৱী বুৰঞ্জী।১৪ পিচে, মন্তব্যকাৰীসকলে তেওঁৰ এই শিক্ষাগত যোগ্যতাৰ ওপৰত প্ৰশ্ন তুলিছে। লণ্ডনৰ দা ছাণ্ডে' টাইমছে অপ্ৰকাশিত পিএইছডি গৱেষণা প্ৰবন্ধ প্ৰকাশ কৰি বিশেষজ্ঞক পঢ়িবলৈ দিলে, তেওঁলোকে লক্ষ কৰিলে যে গৱেষণ প্ৰবন্ধটোৰ আইনৰ লগত বিশেষ সম্বন্ধ নাই, আৰু প্ৰবন্ধটোত বিশেষ মৌলিক গৱেষণা দেখা নগ'ল, পিচে ই আছিল পূৰ্বে প্ৰকাশিত কিছু কৰ্মৰ পৰা সংগ্ৰগিত টোকা মাত্ৰ।১৫ লিখক জি চুঙে ছি জিনপিঙৰ কৰ্মসমূহ অন্য পণ্ডিতৰ কৰ্মৰ সৈতে তুলনা কৰি পালে যে ছিৰ প্ৰবন্ধৰ কিছু দফা ছিৰ প্ৰবন্ধৰ পূৰ্বে প্ৰকাশিত বা একে সময়তে প্ৰকাশিত কিছু কৰ্মৰ পৰা লোৱা। এটি উদাহৰণত, উদ্ধৃতিসমূহ অন্য এটি কৰ্মৰ পৰা নকল কৰাৰ কথা কোৱা হৈছিল, পূৰ্বে প্ৰকাশিত কৰ্মটোৰ বানান আদিৰ ভুলো ছিৰ প্ৰবন্ধত হুবহু দেখা গ'ল। চুঙৰ এই গবেষণাটি আধাৰ কৰি তেওঁ এই সন্দেহ প্ৰকাশ কৰিছে যে ছিয়ে হয়টো সম্পূৰ্ণ প্ৰবন্ধটো আন কৰ্মৰ পৰা নকল কৰিছিল।১৬

১৯৭৯ চনৰ পৰা ১৯৮২ চনলৈ ছিয়ে পূৰ্বে তেওঁৰ পিতৃৰ অধীনস্থ গেং বিয়াওৰ সম্পাদকৰ কাম কৰিলে, পিছত তেওঁ গণপ্ৰজাতন্ত্ৰী চীনৰ উপ-প্ৰধান আৰু কেন্দ্ৰীয় সামৰিক আয়োগৰ সাধাৰণ-সম্পাদকৰ দায়িত্ব লাভ কৰিলে। এই ঘটনাৱলীয়ে ছিক এক সামৰিক ভেটি প্ৰদান কৰিলে। ১৯৮৫ চনত, আমেৰিকাৰ কৃষি প্ৰণালী অধ্যয়ন কৰিবলৈ যোৱা চীনা প্ৰতিনিধিৰ দলৰ সৈতে ছিও গৈছিল আয়'ৱাৰ মুস্কাটাইনলৈ।১৭

শক্তিলৈ উত্থান

ছি জিনপিঙে ১৯৭১ চনত সাম্যবাদী যুৱ লীগ আৰু ১৯৭৪ চনত চীনা সাম্যবাদী দলত যোগদান কৰিলে।১৮ ১৯৮২ চনত, জিনপিঙক ঝেংডিং কাউণ্টিৰ উপ-পাৰ্টি-সঞ্চালকৰ দায়িত্বত ঝেংডিং পঠিওৱা হ'ল।১৯ ছি জিনপিঙে তেওঁৰ আঞ্চলিক ৰাজনৈতিক পেচাৰ কালত মুঠ চাৰিটা স্থানত কাম কৰিলে, ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ হেবেইত, ১৯৮৫ চনৰ পৰা ২০০২ চনলৈ ফুজিয়ানত, ২০০২ চনৰ পৰা ২০০৭ চনলৈ ঝেজিয়াং প্ৰান্তত আৰু ২০০৭ চনত ছাংঘাইত।

ছি ফঝৌৰ নগৰ পালিকা পাৰ্টি সমিতিৰ দায়িত্বতো আছিল, তেওঁ ১৯৯০ চনত ফঝৌৰ পাৰ্টি বিদ্যালয়ৰ সভাপতি হ'ল। ১৯৯৯ চনত তেওঁক জিনপিঙক ফুজিয়ানৰ উপ-শাসকৰ দায়িত্ব-ভাৰ দিয়া হ'ল, এবছৰ পিছত তেওঁ সেই ঠাইৰেই শাসক হ'ল। ফুজিয়ানত ছিয়ে টাইৱানৰ পৰা বিনিয়োগকাৰীক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিলে, যাতে প্ৰন্তটোৰ ব্যক্তিগত খণ্ড উন্নীত হওক। ফেব্ৰুৱাৰী ২০০০ চনত জিনপিং আৰু তেতিয়াৰ প্ৰান্তীয় পাৰ্টি সঞ্চালক চেন মিংয়িক দলৰ কেন্দ্ৰীয় পলিটবিউৰ; ষ্টেণ্ডিং কমিটিৰ শীৰ্ষ স্থানীয় নেতাসকল: সাধাৰণ সঞ্চালক জিয়াং জেমিন, প্ৰধান ঝু ৰংজি, উপ-সভাপতি হু জিণ্টাও আৰু অনুশাসন- নিৰীক্ষক ৱেই জিয়ান্সিঙৰ সন্মুখত মতা হ'ল, য়ুৱান্থুৱা কেলেংকাৰীৰ বিষয়ে প্ৰশ্ন কৰিবলৈ।২০

চন ২০০২ত ছিয়ে ফুজিয়ান ত্যাগ কৰিলে, আৰু কাষৰীয়া ঝেজিয়াং প্ৰান্তত তেওঁ শীৰ্ষ ৰাজনৈতিক পদ লাভ কৰিলে, তেওঁ প্ৰান্তীয় দলীয় প্ৰধানৰ পদ গ্ৰহণ কৰিলে। প্ৰথমবাৰৰ বাবে তেওঁ শীৰ্ষ প্ৰান্তীয় দপ্তৰ দখল কৰিলে। ১৯৯৭ চনত ছিক পঞ্চদশ কেন্দ্ৰীয় দলীয় সমিতিৰ বৈকল্পিক সদস্য ঘোষিত কৰা হ'ল। ছিয়ে আটাইতকৈ কম সংখ্যক ভোট লাভ কৰিলে, তেওঁ নীম্নতম স্থানত আছিলে, বিশেষকৈ পূৰ্বৰ এজন শক্তিশালী নেতাৰ সন্তান হোৱাৰ বাবে।২১২২ ২০০২ চনত, ছিক ষোড়শ কেন্দ্ৰীয় সমিতিৰ সম্পূৰ্ণ সদস্যৰ স্বীকৃতি দিয়া হ'ল। এই ঘটনাই তেওঁৰ প্ৰভাৱ ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰিলে। ঝেজিয়াঙত থাকোঁতে জিনপিঙৰ তলত অৰ্থনৈতিক বিকাশৰ হাৰ ১৪% হ'লগৈ। ঝেজিয়াঙত তেওঁৰ শাসন কাল দুৰ্নীতিপৰায়ণ বিষয়াৰ বাবে কঠোৰ সময় বুলি চিহ্নিত কৰা হয়। তেওঁৰ দুৰ্নীতি বিৰোধী স্থিতিয়ে তেওঁক ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু ডাঙৰ ডাঙৰ নেতাসকলৰ চকুত জিলিকাই তুলিলে।২৩

ছাংঘাইৰ পাৰ্টি নেতা চেন লিয়াংয়ুৰ ২০০৬ চনৰ চেপ্টেম্বৰ মাহত সামাজিক সুৰক্ষা পুজি কেলেংকাৰীৰ বাবে অপসাৰণৰ পিছত ছিক মাৰ্চ ২০০৭ চনত পাৰ্টি নেতাৰ ৰূপত ছাংঘাইলৈ পঠিওৱা হ'ল।২৪ যদিও ছিয়ে সেই ঠঈত কেৱল সাত মাহহে কাৰ্য নিৰ্বাহ কৰিলে, পিচে চীনৰ এনে এটি গুৰুত্বপূৰ্ণ অঞ্চলত তেওঁক বাব দিয়াই এই কথা প্ৰমাণিত কৰিলে যে ছিৰ ওপৰত উচ্চ নেতাসকলৰ বিশ্বাস আছিল আৰু ছিয়ে ভৱিষ্যতলৈ অধিক শক্তিশালী বাব লাভ কৰাৰ সম্ভাৱনা আছে। ছাংঘাইত জিনপিঙে সমালোচনা এৰাই চলিলে, তেওঁ পাৰ্টিৰ অনুশাসনৰ ওপৰত বিশেষ গুৰুত্ব দিলে। উদাহৰণ স্বৰূপে, ছাংঘাইৰ পাৰ্টি নেতাৰ দায়িত্বভাৰ গ্ৰহণ কৰিলৈ, ঝেজিয়াঙৰ ৰাজধানী হাংঝৌৰ পৰা ছাংঘাইলৈ যাবলৈ, ছিৰ মন জিকিবলৈ ছাংঘাইৰ শাসকসকলে হাংঝৌৰ পৰা ছাংঘাইলৈ এখন বিশেষ ৰে'ল গাড়ীৰ প্ৰবন্ধ কৰাৰ প্ৰস্তাৱ দিছিল, পিচে ছিয়ে এই প্ৰস্তাৱ এই বুলি কৈ গ্ৰহণ নকৰিলে যে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰাৰ নীয়ম কেৱল ৰাষ্ট্ৰীয় নেতাসকলৰ বাবেহে।২৫ ছাংঘাইত কাম কৰি থাকোঁতে ছিয়ে স্থানীয় পাৰ্টি সংগঠনটোৰ ঐক্য দৃঢ় কৰাৰ ওপৰত গুৰুত্ব দিলে। তেওঁ ঘোষণা কৰিলে যে তেওঁৰ শাসনকালত ছাংঘাইত কোনো বিষয়াকে অপসাৰিত কৰা নহ'ব, যদিও ছাংঘাইৰ বহুতো বিষয়া চেন লিয়াংয়ুৰ সামাজিক সুৰক্ষা পুঁজি কেলেংকাৰীৰ লগত জড়িত থকাৰ কথা অনেকে ভাবিছিল।২৬ প্ৰায়বোৰ ক্ষেত্ৰতে জিনপিঙে ৰাষ্ট্ৰীয় নেতাসকলৰ মতকে দোহাৰিলে।২৭ ছিৰ আঞ্চলিক কাৰ্যভাৰত এই কথা মন কৰিবলগীয়া যে তেওঁৰ কোনো ডাঙৰ কেলেংকাৰীৰ সৈতে জড়িত নহ'ল। তেওঁ বিশেষ ৰাজনৈতিক বিৰোধিতাৰ সন্মুখীনো নহ'ল।

পলিটবিউৰ' ষ্টেণ্ডিং কমিটিৰ সদস্য

তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি ছি জিনপিং]]

সৈতে ছি জিনপিং]]

১৯ চেপ্তেম্বৰ ২০১২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লিয়ন পানেটাৰ সৈতে ছি জিনপিং
১৯ চেপ্তেম্বৰ ২০১২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লিয়ন পানেটাৰ সৈতে ছি জিনপিংছবি: DoD photo by Erin A. Kirk-Cuomo · Public domain

ছাংঘাইৰ পাৰ্টি নেতাৰ হিচাপে ছিৰ নিযুক্তিক তেওঁৰ পঞ্চম প্ৰজন্মৰ নেতৃত্বৰ অংশ হিচাপে প্ৰতিষ্ঠিত কৰাত এটি অতিকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচনা কৰা হয়। অক্টোবৰ ২০০৭ চনত সপ্তদশ পাৰ্টি কংগ্ৰেছৰ দ্বাৰা তেওঁক ন-জনীয়া পলিটবিউৰ' ষ্টেণ্ডিং কমিটিৰ সদস্য ঘোষিত কৰা হ'ল। ছিৰ স্থান লি কেকিয়াঙতকৈ উচ্চ আছিল, ই এই কথাকে সূচাইছিল যে ছি চীনৰ নেতা হিচাপে হু জিণ্টাওৰ উত্তৰাধিকাৰী হোৱাৰ পথত আছিল। তাৰ লগতে ছি সাম্যবাদী দলটোৰ কেন্দ্ৰীয় দপ্তৰৰো শীৰ্ষ স্থানীয় সদস্য আছিল। এই ধাৰা অধিক স্পষ্ট হ'ল যেতিয়া একাদশ ৰাষ্ট্ৰীয় লোক কংগ্ৰেছত ছি জিনপিঙক চীনৰ উপ-ৰাষ্ট্ৰপতি পতা হ'ল, ২০০৮ চনৰ মাৰ্চত। কোনো কোনোৰ মতে ছিয়ে হু জিণ্টাও আৰু কেন্দ্ৰীয় নেতৃত্বৰ আন এজন মুখ্য নেতা জেং চিংগঙৰ সৈতে সু-সম্পৰ্ক ৰখাৰ বাবেই তেওঁ এই পদোন্নতি লাভ কৰিলে।

পদোন্নতিৰ পিছতে ছিয়ে পিভিন্ন পদবী লাভ কৰিলে। তেওঁক ২০০৮ বেইজিং অলিম্পিকৰ ব্যাপক দলৰ শীৰ্ষ নেতা পতা হ'ল। তেওঁ মাকাও আৰু হংকঙৰ সমস্যা আদিৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ মুখ্য ব্যক্তিত্ব আছিল। তাৰ লগতে, তেওঁ কেন্দ্ৰীয় পাৰ্টি বিদ্যালয়ৰো সভাপতি হ'ল, যি সাম্যবাদী দলৰ কেডাৰ প্ৰশিক্ষণ আৰু মতাদৰ্শগত শিক্ষাৰ মুখ্য অনুষ্ঠান। ২০০৮ চনৰ ছুছুৱানৰ ভূমিকম্পৰ পিছত ছিয়ে ছাঞ্চি আৰু গান্সু ভ্ৰমণ কৰিলে। ২০০৮ চনৰ ১৭ৰ পৰা ২৫ তাৰিখলৈ ছি গ'ল উপ-ৰাষ্ট্ৰপতি হিচাপে নিজৰ প্ৰথম বিদেশ ভ্ৰমণত, উত্তৰ কোৰিয়া, চৌদি আৰৱ, কাটাৰ আৰু য়েমেনলৈ।২৮ অলিম্পিকৰ পিছত ছিক গণপ্ৰজাতন্ত্ৰী চীনৰ ৬০তম বাৰ্ষিকীৰ সমিতিৰ অধ্যক্ষৰ পদত নিযুক্ত কৰা হ'ল। তেওঁ সাম্যবাদী দলৰ শীৰ্ষ-স্থানীয় এক সমিতিৰো সদস্য হ'ল যাৰ উদ্দেশ্য আছিল ২০০৯ চনত হোৱা কিছু ৰাজনৈতিক অশান্তিক শান্ত কৰা, প্ৰকল্পটোৰ নাম আছিল ৬৫২১ প্ৰকল্প।২৯

ছিক "ক্ৰাউন প্ৰিঞ্চ পাৰ্টি"ৰ আটাইতকৈ সফল নেতাসকলৰ মাজত গণ্য কৰা হয়; এই দল পূৰ্বৰ চীনা সাম্যবাদী বিপ্লৱী নেতাসকলৰ বংশধৰৰ। সেই সময়ত ছিক এনে এজন বিকাশশীল নেতাৰ ৰূপত চোৱা হ'ল যাৰ সৈতে বজাৰ-অৰ্থনীতিৰ সংস্কাৰ, আৰু ৰাজনৈতিক সংস্কাৰৰো কথা পতা ফলপ্ৰসূ, যদিও ছিৰ ব্যক্তিগত ৰাজনৈতিক দৃষ্টিভংগী কোনেও নাজানিছিল। ছিক বিদেশৰ নেতাসকলে খুব ভাল পাইছিল, তেওঁলোক ছিৰ মুক্ত ব্যৱহাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। যেতিয়া ছিংগাপুৰৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী লি কুঁৱান য়িউক তেওঁৰ বিষয়ে প্ৰশ্ন কৰা হ'ল, উত্তৰ আছিল, "তেওঁ আছিল এজন চিন্তাশীল ব্যক্তি যিয়ে বহু কষ্ট আৰু মুকৰ্দমা পাৰ কৰিছে। "৩০ লিয়ে এই বুলিও ক'লে, "মই তেওঁক নেল্সন মেণ্ডেলাৰ পৰ্যায়ৰ ব্যক্তিসকলৰ লগত ৰাখিম। এজন এনে ব্যক্তি যাৰ বহুত আবেগিক স্থিৰতা আছে, আৰু যিয়ে নিজৰ ব্যক্তিগত দুৰ্ভাগ্য বা কষ্টক সিদ্ধান্তক প্ৰভাৱিত কৰিবলৈ নিদিয়ে। "৩১ পূৰ্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰৰ অধ্যক্ষ হেন্ৰি পলছনে ছিক এনেদৰে বৰ্ণাইছিল, "এনে এজন ব্যক্তি যিয়ে জানে কেনেকৈ সকলো বস্তু লক্ষৰেখালৈ আনিব লাগে। "৩২ অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী কেভিন ৰুডে ছিৰ বিষয়ে কৈছিল, "ছিৰ যথেষ্ট সংস্কাৰবাদী, দলীয় আৰু সামৰিক পটভূমি আছে মোৰ নিজৰ মানুহ বুলিবলৈ। "৩৩

উপ-ৰাষ্ট্ৰপতি ৰূপে যাত্ৰা আৰু মেক্সিকো ভাষ্য ঘটনা

২০০৯ চনৰ ফেব্ৰুৱাৰীত উপ-ৰাষ্ট্ৰপতি হিচাপে ছিয়ে লেটিন আমেৰিকা ভ্ৰমণ কৰিছিল, যাৰ অংশ স্বৰূপে তেওঁ মেক্সিকো,৩৪৩৫ জামাইকা,৩৬৩৭ কলম্বিয়া,৩৮৩৯ ভেনেজুৱেলা,৪০৪১ আৰু ব্ৰাজিল৪২ ভ্ৰমণ কৰিলে। তেওঁৰ উদ্দেশ্য আছিল বৈশ্বিক অৰ্থনৈতিক সংকটৰ সময়ত সেই অঞ্চলৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰা আৰু চীনৰ ছবি সন্মানীয় কৰা। তেওঁ চীনলৈ ঘূৰি অহাৰ পূৰ্বে মালটা আৰু ভেলেটা ভ্ৰমণ কৰিলে।

১১ ফেব্ৰুৱাৰীত মেক্সিকোত তেওঁ প্ৰবাসী চীনাসকলৰ আগত ভাষণ দিলে। তেওঁ বৈশ্বিক অৰ্থনৈতিক সংকটটোৰ সময়ত চীনে আগবঢ়োৱা অৱদানৰ বিষয়ে ক'লে যে "এই অৱদান চীনে সমগ্ৰ মানৱ জাতিলৈ আগ বঢ়োৱা আটাইতকৈ ডাঙৰ অৱদান, চীনৰ ১৩০ কোটি লোকক খাদ্যৰ অভাৱৰ পৰা ৰক্ষা কৰিবলৈ।৪৩ তাৰ পিছত তেওঁ চীনৰ আভ্যন্তৰীন সমস্যাত দখল দিয়া বিদেশীসকলক পোণপটীয়াকৈ সমালোচনা কৰিলে। এই বিষয় চীনা ৰাজনীতিত এক অতিকৈ সংবেদনশীল বিষয়। তেওঁ চীনা ভাষাত কোৱা কথাষাৰ আছিল: "কিছুমান আমণিদায়ক, পেট ভৰি থকা বিদেশী আছে, যাৰ চীনৰ ওপৰত আঙুলিওৱাৰ বাহিৰে কোনো কাম নাই। প্ৰথম কথা, চীনে বিপ্লৱ ৰপ্তানি নকৰে, দ্বিতীয়তে, চীনে ভূক আৰু দৰিদ্ৰতা ৰপ্তানি নকৰে, তৃতীয়তে, চীনে আপুনাৰ মূৰ নিবিষুৱাই, আৰু ক'বলৈ কি আছে?"৪৪৪৫ বাতৰিটো স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল। এই বাতৰিয়ে চীনৰ ইণ্টাৰনেট ফৰামসমূহত একপ্ৰকাৰে আলোচনাৰ "বান"ৰ সৃষ্টি কৰিলে। চীনা বৈদেশিক মন্ত্ৰণালয়ক ছিৰ মন্তব্যই বিপদত পেলালে। প্ৰথমে হংকঙৰ সাংবাদিকে গ্ৰহণ কৰা ভিডিঅ'টো হনকং টিভিত প্ৰকাশ পালে, আৰু তাৰ পিছত ইণ্টাৰনেটৰ কেইবাটাও ভিডিঅ' ৱেবছাইটত।৪৬

ছি আন বহুতো বিদেশ ভ্ৰমণত গ'ল। কোনো কোনোৰ মতে চীনৰ নেতৃত্ব বহন কৰাৰ পূৰ্বে বিদেশত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ। ২০০৯ চনৰ ৭ৰ পৰা ২১ অক্টোবৰলৈ তেওঁ বেলজিয়াম, জাৰ্মানী, বুলগেৰিয়া, হাংগাৰী আৰু ৰোমানিয়া ভ্ৰমণ কৰিলে।৪৭ ২০০৯ চনৰ ১৪ৰ পৰা ২২ ডিচেম্বৰৰ এছিয়া ভ্ৰমণৰ সময়ত তেওঁ জাপান, দক্ষিণ কোৰিয়া, কম্বোডিয়া আৰু ম্যানমাৰ ভ্ৰমণ কৰিলে।৪৮

ফেব্ৰুৱাৰী ২০১২ চনত ছিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, আয়াৰলেণ্ড, তুৰস্ক ভ্ৰমণ কৰিলে। এই ভ্ৰমণত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাক হুৱাইট হাউছত লগ ধৰিলে।৪৯ তেওঁ উপ-ৰাষ্ট্ৰপতি জ' বাইডেনকো লগ লগ ধৰিলে, যাক তেওঁ ২০১১ চনৰ আগষ্টত বহুবাৰ লগ কৰিছিল। তাৰ পিছত তেওঁ কেলিফৰ্ণিয়া আৰু আয়'ৱা গ'ল, তেওঁ ১৯৮৫ চনত হেবেই ভ্ৰমণত তেওঁক আতিথ্য প্ৰদান কৰা মানুহ এঘৰক লগ কৰিলে।৫০

গণপ্ৰজাতন্ত্ৰী চীনৰ নেতৃত্বত

দায়িত্ব গ্ৰহণ

১৫ নৱেম্বৰ ২০১২ চনত, ছি জিনপিঙক চীনা সাম্যবাদী দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ'ল। চীনা সাম্যবাদী দলৰ ১৮তম কেন্দ্ৰীয় সমিতি হয় মানে তেওঁক চীনা সাম্যবাদী দলৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ পদ দিয়া হ'ল, যিয়ে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট লিডাৰ" বা "সৰ্বোচ্চ নেতা"ৰ শক্তি প্ৰদান কৰিলে। পাছ দিনা প্ৰথম ৰাজহুৱা মেলত ছিয়ে পলিটবিউৰ' ষ্টেণ্ডিং কমিটিৰ নেতৃত্ব বহন কৰিলে।৫১ নতুন ষ্টেণ্ডিং কমিটিখনে সদস্যৰ সংখ্যা ৯ৰ পৰা ৭লৈ কমালে। পূৰ্বৰ সদস্যসকলৰ ভিতৰত কেৱল ছি জিনপিং আৰু লি কেকিয়াংহে থাকিলে, আন সকলো নতুন আছিল।৫২৫৩৫৪ এক প্ৰকাৰে পৰম্পৰা ভংগ কৰি, ছিৰ সাধাৰণ সম্পাদকৰ বাবত প্ৰথম ভাষণ আছিল একেবাৰে সাধাৰণ, এই ভাষণত নাছিল কোনো ৰাজনৈতিল শ্ল'গান বা পূৰ্বৰ নেতাসকলৰ নাম।৫৫ ছিয়ে সাধাৰণ মানুহৰ আশা-আকাংক্ষা দাঙি ধৰিলে, তেওঁ ক'লে, "আমাৰ মানুহে [...] ভাল শিক্ষা, সুৰক্ষিত চাকৰি, অধিক আয়, অধিক নিৰ্ভৰযোগ্য সামাজিক সুৰক্ষা, উচ্চ মানৰ চিকিৎসা ব্যৱস্থা আৰু এক সুন্দৰ পৰিবেশ আশা কৰে। " ছিয়ে দুৰ্নীতি দূৰ কৰাৰ ওপৰতো গুৰুত্ব দি ক'লে যে ই দলৰ অস্তিত্বক সংকটত পেলাব; তেওঁ দূৰগামি সামাজিক সংস্কাৰৰ কথাও ক'লে।৫৬

দলীয় নেতা হোবাৰ পিছত বেইজিঙৰ বাহিৰত তেওঁ প্ৰথমবাৰৰ বাবে গুৱাংডং গ'ল। ভ্ৰমণৰ উদ্দেশ্য আছিল অৰ্থনৈতিক সংস্কাৰ আৰু অধিক শক্তিশালী সেনাৰ বিকাশ। ছিয়ে তাত ডেং জিয়াঅ'পঙৰ প্ৰতিমাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। তেওঁ ডেঙৰ দক্ষিণলৈ যাত্ৰাক অনুকৰণ কৰাৰ কথা কোৱা হয়। ডেঙৰ সেই ভ্ৰমণৰ পিছত কনজাৰ্ভেটিভ দলৰ সদস্য আন্দোলনত নামিছিল। ছি জিনপিঙে ধ্বংসকাৰী হাইকৌক লগ ধৰিলে, যি আছিল দক্ষিণ চীনা সাগৰত। তেওঁ গুৱাংঝৌ সামৰিক অঞ্চলত বক্তৃতা আগ বঢ়ালে। সমগ্ৰ যাত্ৰা কালত তেওঁ নিজৰ শ্ল'গান "চীনা স্বপ্ন" দোহাৰিলে। "এই সপোন এখন শক্তিশালী দেশৰ সপোন বুলি ক'ব পাৰি। আৰু সেনাৰ বাবে, ই এক শক্তিশালী সেনাৰ সপোন।৫৭

বেইজিঙত ১২তম ৰাষ্ট্ৰীয় গণ কংগ্ৰেছে ভোট দি ১৪ মাৰ্চ ২০১৩ চনত তেওঁক গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিলে। তেওঁৰ সপক্ষে ২৯৫২টা ভোট পৰিল, বিপক্ষে ১টা আৰু ৩টা নিৰপেক্ষ আছিল।৫৮ তেওঁ হু জিণ্টাওৰ স্থান ল'লে। দুবাৰ সেৱা আগ বঢ়োৱা হুৱে অৱসৰ ল'লে।৫৯ যদিও ৰাষ্ট্ৰপতিৰ পদ মাথোঁঁ এক ঔপচাৰিক পদ, ই অতিকৈ সন্মানীয়। ৰাষ্ট্ৰপতি চীন দেশৰ মুৰব্বী। গণপ্ৰজাতন্ত্ৰী চীনৰ সংবিধানে ৰাষ্ট্ৰপতিক শক্তি প্ৰদান কৰে আৰু তেওঁক চীন দেশৰ মুৰব্বীৰ সন্মান দিয়ে। পিচে চীনৰ ৰাষ্ট্ৰপতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ দৰে প্ৰকৃত শক্তিধৰ নহয়। চীনৰ ৰাষ্ট্ৰপতিক ভাৰতৰ ৰাষ্ট্ৰপতি বা ইউনাইটেড কিংডমৰ ৰাজ-পৰিয়ালৰ সৈতে তুলনা কৰিব পাৰি।৬০ বিগত সময়চোৱাত ই এক পৰম্পৰাত পৰিণত হৈছে, শক্তিৰ উত্থানৰ ঔপচাৰিক স্বীকৃতি স্বৰূপে।

লি য়ুৱাঞ্চাঅ’ক ২৮৩৯ বনাম ৮০ ভোটেৰে উপ-ৰাষ্ট্ৰপতিৰ পদ দিয়া হ’ল। ১৯৯৮ত ৰং য়িৰেনৰ পিছত তেওঁ উপ-ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰা প্ৰথম পলিটবিউৰ’ ষ্টেণ্ডিং কমিটিৰ সদস্য হ’ল।৫৯৬১

ৰাষ্ট্ৰপতি ৰূপে ন-কৈ নিৰ্বাচিত হৈ, ১৬ মাৰ্চত ছিয়ে চীন আৰু শ্ৰী লংকাৰ সম্পৰ্কত কোনো ধৰণৰ দখল সহ্য কৰা নহ'ব বুলি ঘোষণা কৰিলে, শ্ৰী লংকাৰ অসামৰিক যুদ্ধৰ বিষয়ে অনুষ্ঠিত এক ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা সমিতিৰ বৈথকত।৬২ ১৭ মাৰ্চত ছি আৰু তেওঁৰ ন-কৈ গঠিত মন্ত্ৰীমণ্ডলে হংকঙৰ ছীফ এগজিকিউটিভ ছি-ৱাই লিউঙৰ সৈতে কথা পাতিলে। এই বৈঠকে লিউঙৰ প্ৰতি ছিৰ সমৰ্থনকে দৰ্শালে।৬৩ নিৰ্বাচিত হোৱাৰ কেইঘণ্টামানৰ পিছতে তেওঁ ইণ্টাৰনেটৰ সুৰক্ষা আৰু উত্তৰ কোৰিয়াৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে লগে লগে কোষাগাৰ আৰু ৰাষ্ট্ৰীয় সম্পাদক সম্পাদক জেকব লিউ আৰু জন এফ. ফেৰিক চীন ভ্ৰমণত পঠিওৱাৰ কথা ঘোষণা কৰিলে।৬৪ ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ এসপ্তাহৰ ভিতৰতে ছিয়ে ৰাছিয়া, টানজানিয়া, দক্ষিণ আফ্ৰিকা আৰু কংগ' গণৰাজ্য ভ্ৰমণ কৰিলে।৬৫

সংস্কাৰ ঘোষণা

২০১৩ চনৰ নৱেম্বৰ মাহত ১৮ সংখ্যক কেন্দ্ৰীয় সমিতিৰ তৃতীয় প্লেনামৰ অন্তত, সাম্যবাদী দলটোৱে এটি দূৰগামী সংস্কাৰৰ নীতি তৈয়াৰ কৰিলে, যাৰ উদ্দেশ্য আছিল অৰ্থনৈতিক আৰু সামাজিক নীতিক সম্পূৰ্ণৰূপে সলনি কৰা। প্লেনাম চলি থকাৰ সময়ত ছিয়ে ইংগিত দিলে যে তেওঁ শক্তি গ্ৰহণ কৰিছে, বৃহৎ আভ্যন্তৰীন সুৰক্ষা সংস্থাৰ দায়িত্ব গ্ৰহণ কৰি, যি পূৰ্বতে ঝৌ য়ংকাঙৰ দখলত আছিল।৬৬ চীনা সাম্যবাদী দলৰ এক নতুন ৰাষ্ট্ৰীয় সুৰক্ষা আয়োগ ৎহন কৰা হ'ল, ছি জিনপিঙৰ নেতৃত্বত। "ছেণ্ট্ৰেল লিডিং গ্ৰুপ ফৰ কম্প্ৰেহেন্সিভলি ডিপেনিং ৰিফৰ্ম্স" ঘঠন কৰা হ'ল ছিৰ নেতৃত্বত, যাৰ উদ্দেশ্য আছিল সংস্কাৰসমূহৰ সফলতাক নিৰীক্ষণ কৰা।

১৯৯২ চনত ডেং ছিয়াওপিঙৰ দক্ষিণলৈ যাত্ৰাৰ পিছত "কম্প্ৰেহেন্সিভ ডিপেনিং ৰিফৰ্ম্স" বা "ছহুৱান্মিয়ান ছেন্থুৱা গাইগে"কে নীতিটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা বুলি উল্লেখ কৰিলে। অৰ্থনীতিৰ ক্ষেত্ৰত, প্লেনামটোৱে ক'লে, যে "বজাৰ বল"সমূহে সম্পদ বিতৰণত এক "নিৰ্ণায়ক" ভূমিকা গ্ৰহণ কৰিব।৬৬ ইয়াৰ অৰ্থ এইটোৱেই আছিল যে চৰকাৰে ধন বিতৰণত নিজৰ ভূমিকা হ্ৰাস কৰিব, আৰু এনে খণ্ডতো প্ৰতিযোগিতা বৃদ্ধি কৰিবলৈ বিদেশী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক অংশগ্ৰহণৰ সুবিধা দিব, যি ক্ষেত্ৰ পূৰ্বে অতিকৈ চৰকাৰীভাৱে নিয়ন্ত্ৰিত আছিল। এই সিদ্ধান্ত ৰাজহুৱা খণ্ডক মনত ৰাখি লোৱা হৈছিল, যিয়ে পূৰ্বৰ বজাৰ নীতিৰ সুবিধাত, বজাৰ মূল্যতকৈ কমত সম্পদ ক্ৰয় কৰিছিল আৰু সম্পদ নষ্ট কৰিছিল। প্লেনামটোৱে চীনৰ "লাঅ'গাই" প্ৰথা বা "শ্ৰমেৰে শিক্ষা গ্ৰহণৰ প্ৰথা"ৰো অন্ত সূচনা কৰিলে। এই প্ৰথাই দীঘলীয়া সময়ৰ পৰা চীনৰ মানৱ অধিকাৰৰ ফলাফলত কেৰুণ ৰূপে ঠিয় দি আছিল। এই প্ৰথা বহু দেশী তথা বিদেশী সমালোচকৰ সমালোচনাৰ সন্মুখীন হৈছিল।৬৬ "ৱান ছাইল্ড পলিছি" বা "এটি সন্তানৰ নীতি"কো কিছু পৰিমাণে সকাহ দিয়া হ'ল। সেই পৰিয়ালসমূহত, য'ত এজন অভিভাৱক একমাত্ৰ সন্তান, তেনে পৰিয়ালসমূহত দুটা সন্তানৰ অনুমতি প্ৰদান কৰা হ'ল।৬৭

২০১৩ চনত ছাইনা ইউৰোপ ইণ্টাৰনেছনেল বিজনেছ স্কুলৰ একাডেমিয়া ছিনিকা ইউৰোপিয়াৰ সঞ্চালক ডেভিড গছেটে ছি জিনপিঙক "বছৰটোৰ ব্যক্তি"ড়ৰ সন্মান দিলে।৬৮ গছেটে ক'লে যে ছিৰ ব্যৱস্থা গ্ৰহণৰ তৎপৰতা অথচ অমায়িকতাই তেওঁ আৰু তেওঁৰ চৰকাৰক ইউৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰতকৈ পৃথক কৰে।৬৮

২০১৩ চনৰ ডিচেম্বৰত কোনো পূৰ্বজাননী নিদিয়াকৈ ছি গৈ পালেগৈ বেইজিঙৰ এখন ৰেষ্টুৰেণ্টত "বাঅ'জি" খাবলৈ, লগত কেৱল এজন ব্যক্তি লৈ। তেওঁ খাদ্যৰ দাম নিজেই ব্যয় কৰিলে আৰু সাধাৰণ লোকৰ লগতে খাদ্য গ্ৰহণ কৰিলে।৬৯ ছিক এই কাৰ্যৰ "সাধাৰণ ৰহণ"ৰ বাবে বাৰুকৈ প্ৰশংসা কৰা হ'ল। এই ঘটনাৰ আলোকচিত্ৰ চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হ'ল।৬৯

দুৰ্নীতি বিৰোধী অভিযান

১৮ সংখ্যক দলীয় কংগ্ৰেছৰ শক্তি গ্ৰহণ কৰাৰ পিছতে ছি জিনপিঙে চীনৰ পৰা দুৰ্নীতিক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ সংকল্প ল'লে। তেওঁৰ প্ৰথমটো ভাষণত তেওঁ কৈছিল, যে দুৰ্নীতি প্ৰতিৰোধ কৰা কাৰ্যটো দলৰ আটাইতকৈ কষ্টসাধ্য কামৰ মাজত এটা।৭০ দায়িত্ব গ্ৰহণৰ কেইমাহমানৰ পিছত তেওঁ এটি "আঁঠ পইণ্টযুক্ত নিৰ্দেশাৱলী" তৈয়াৰ কৰিলে, য'ত দুৰ্নীতি আৰু পাৰ্টি বাণিজ্যৰ আৱৰ্জনাৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থা ঠিক কৰা হ'ল; এই কাৰ্যৰ উদ্দেশ্য আছিল পাৰ্টিৰ পদাধিকাৰীসকলৰ অনুশাসন বৃদ্ধি কৰা। ছিয়ে "বাঘ আৰু মাখি"ৰ ব্যৱস্থাও সলনি কৰাৰ সিদ্ধান্ত ল'লে, যি উচ্চ পদস্থ দলীয় বিষয়া আৰু তলৰ খাপৰ দলীয় কৰ্মীৰ পাৰ্থক্য।৭১ কাৰ্যকালৰ প্ৰথম দুই বৰ্ষৰ ভিতৰতে ছিয়ে কেন্দ্ৰীয় সামৰিক আয়োগৰ উপ-সভাপতি ছু ছাইহৌ, পপূৰ্বৰ পলিটবিুৰ' ষ্টেণ্ডিং কমিটিৰ সদস্য আৰু সুৰক্ষা নেতা ঝৌ য়ংকাং আৰু হু জিণ্টাওৰ সময়ৰ মুখ্য সহায়ক লিং জিহুৱাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে।৭২

অনুশাসনমূলক নেতা ৱাং ছিছানৰ সৈতে ছি জিনপিং প্ৰশাসনে "ছেণ্ট্ৰেলি ডিস্পেস্ড ইন্স্পেক্সন টীম্স" (中央巡视组)ৰ গঠনতো বিশেষ ভূমিকা গ্ৰহণ কৰিলে, যি ন্যায়িক শক্তি থকা বিষয়াৰ দল, বিশেষকৈ প্ৰান্তীয় অঞ্চলসমূহত পাৰ্টিৰ কৰ্মীসকলৰ কাম আৰু অনুশাসনৰ ওপৰত দৃষ্টি ৰাখিবলৈ। ইয়াৰ উদ্দেশ্য বেইজিঙে কোৱাৰ দৰে পাৰ্টি অনুশাসন বৰ্তাই ৰখা। কেইবাটাও কৰ্মী-দলে কেইববাজনো উচ্চ পদস্থ পাৰ্টি বিষয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিলে। সমগ্ৰ চীন ৰাষ্ট্ৰতে, প্ৰায় ৫০ প্ৰান্তীয় মন্ত্ৰী স্তৰৰ বিষয়াক সাঙুৰা হ'ল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুৰ্নীতি বিৰোধী অভিযানত। তেওঁলোকৰ ভিতৰত তেতিয়াৰ আৰু বৰ্তমানৰ প্ৰান্তীয় বিষয়া: ছু ৰং, বাই এনপেই, ৱান ছিংলিয়াং, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰৰ দ্বাৰা চালিত প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ ব্যক্তি: চং লিন, লিউ টিয়েনান, উচ্চ পদস্থ সামৰিক বিষয়া গু জুনছান আদিৰ নামো আছিল। ছাঞ্চি প্ৰান্তীয় পাৰ্টি প্ৰতিষ্ঠান বন্ধ কৰা হ'ল। এসপ্তাহৰ ভিতৰত চাৰি বিষয়াক প্ৰান্তীয় পাৰ্টি সংস্থাৰ উচ্চ-দৰ্জাৰ চাকৰিৰ পৰা খেদি দিয়া হ'ল।

ন্যায়িক সংস্কাৰ

২০১৪ চনৰ শেষৰ ফালে চতুৰ্থ প্লেনামত ছিৰ নেতৃত্বত পাৰ্টিয়ে কেইবাটাও ন্যায়িক সংস্কাৰ ঘোষণা কৰিলে। তেওঁলোকৰ উদ্দেশ্য আছিল "য়িফাছিগুৱ'" বা "আইনৰ ৰাজ" বা "আইনেৰে ৰাজ" স্থাপন কৰা। পাৰ্টিয়ে পূৰ্বৰ ন্যায়িক ব্যৱস্থা সলোৱাৰ সিদ্ধান্ত ল'লে, পূৰ্বৰ ন্যায়িক ব্যৱস্থা মানুহক ন্যায় প্ৰদান কৰাত অসমৰ্থ আছিল, ই দুৰ্নীতিৰে প্ৰভাৱিত আছিল, আঞ্চলিক প্ৰশাসনৰ দ্বাৰা প্ৰভাৱিত আছিল আৰু চীনৰ সংবিধানে কোনো বিশেষ ব্যৱস্থা নিৰ্ধাৰণ কৰা নাছিল। যদিও প্লেনামটোৱে পাৰ্টিৰ গুৰুত্ব বৃদ্ধি কৰাত গুৰুত্ব দিছিল, ই দেশখনৰ সিদ্ধান্ত গ্ৰহণত সংবিধানৰ ভূমিকা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব ডিছিল আৰু সংবিধানখন বলৱৎ কৰাত নেছনেল পিপল্স কংগ্ৰেছ ষ্টেণ্ডিং কমিটিৰ ভূমিকা বৃদ্ধি কৰিব বিচাৰিছিল।৭৩ ন্যায়িক প্ৰক্ৰিয়া সকলোৰে বাবে খোলা কৰাৰ, সাধাৰণ মানুহক অধিক মহত্ত্ব দিয়াৰ আৰু ন্যায়িক প্ৰক্ৰিয়াৰ সৈতে অধিক জড়িত কৰাৰ আৰু ক'বলৈ গ'লে ন্যায়িক কাৰ্যবলক "বৃত্তমূলক" কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ল। পাৰ্টিয়ে পাৰ-ক্ষেত্ৰাধিকাৰ চাৰ্কিট আইনী অধিকৰণ গঠন কৰিলে আৰু স্থানীয় চৰকাৰক নীম্ন স্তৰৰ সম্পদ সম্বন্ধিত ন্যায়ী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অধিক শক্তি প্ৰদান কৰাৰ সিদ্ধান্ত ল'লে।৭৪

ৰাষ্ট্ৰপতি ছিৰ বিদেশ ভ্ৰমণ

ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ প্ৰায় এসপ্তাহমান পিছতে ২২ মাৰ্চ ২০১৩ চনত তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত নিজৰ প্ৰথম বিদেশ ভ্ৰমণ কৰিলে, তেওঁ ৰাছিয়া ভ্ৰমণত ওলাল। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাত কৰিলে। দুয়োজন নেতাই বাণিজ্য আৰু শক্তিৰ বিষয়ত আলোচনা কৰিলে। তাৰ পিছত ৰাষ্ট্ৰপতি ছি গ'ল আফ্ৰিকাৰ দক্ষিণ অঞ্চলৰ টানজানিয়ালৈ (য'ত তেওঁ ডাৰবানত ব্ৰিস্ক সন্মিলনত অংশগ্ৰহণ কৰিলে)। তেওঁ কংগ' গণৰাজ্যও ভ্ৰমণ কৰিলে।৭৫ তাৰ পিছত ছি গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। তাত তেওঁ কেলিফ'ৰ্ণিয়াৰ ছানিলেণ্ডছ এষ্টেটত ছাৰ্টস্লিভ সন্মিলনত ৰাষ্ট্ৰপতি বাৰাক অ'বামাক লগ ধৰিলে জুন ২০১৩ চনত। পিচে এই ভ্ৰমণক আনুষ্ঠানিক ৰাষ্ট্ৰভ্ৰমণ বুলি গণ্য কৰা নহয়।৭৬ অক্টোবৰ ২০১৩ চনত ছিয়ে ইণ্ডোনেছিয়াৰ বালিত এপেক সন্মিলনত যোগদান কৰিলে।

মাৰ্চ ২০১৪ চনত ছি গ'ল পশ্চিম ইউৰোপৰ নেডাৰলেণ্ডছ, ফ্ৰাঞ্চ, জাৰ্মানী আৰু বেলজিয়াম। নেডাৰলেণ্ডছত তেওঁ হে'গত পৰমাণৱিক সুৰক্ষা সন্মিলনত যোগদান কৰিলে।৭৭ এপ্ৰিল ২০১৪ চনত ছি গ'ল জাকাৰ্টালৈ। তাত তেওঁ এফ্ৰ'-এচিয়ান লিডাৰ্ছ ছামিট (আফ্ৰিকা আৰু এছিয়াৰ নেতাসকলৰ সন্মিলন)ত যোগদান কৰিলে। তেওঁ বাণ্ডুং কনফাৰেঞ্চৰ ৬০ সংখ্যক বাৰ্ষিকীতো যোগদান কৰিলে। ৪ জুলাই ২০১৪ চনত তেওঁ দক্ষিণ কোৰিয়া গ'ল আৰু ৰাষ্ট্ৰপতি পাৰ্ক গেউন-হিয়েক লগ ধৰিলে।৭৮ ১৪ জুলাইৰ পৰা ২৩ জুলাইলৈ ছিয়ে ব্ৰাজিলত ব্ৰিস্ক সন্মিলনত অংশগ্ৰহণ কৰিলে। তেওঁ আৰ্জেণ্টিনা, ভেনেজুৱেলা, আৰু ক্যুবাও ভ্ৰমণ কৰিলে।৭৯

চেপ্তেম্বৰ ২০১৪ চনত ছি এক আনুষ্ঠানিক ভ্ৰমণত ভাৰতলৈ গ'ল, তাত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ ধৰিলে। নতুন দিল্লী ভ্ৰমণ কৰাৰ লগতে তেওঁ গুজৰাটত মোডীৰ গৃহ চহৰলৈও গ'ল।৮০ নৱেম্বৰ ২০১৪ চনত ছি অষ্ট্ৰেলিয়ালৈ গ'ল আৰু প্ৰধানমন্ত্ৰী ট'নি এবটক লগ ধৰিলে।৮১ তাৰ পিছত তেওঁ দ্বীপ ৰাষ্ট্ৰ ফিজিলৈ গ'ল।৮২ ছি জিনপিঙে এপ্ৰিল ২০১৫ চনত পাকিস্তান ভ্ৰমণ কৰিলে। তাত তেওঁ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ বিকাশৰ বিষয়ে আলোচনা কৰিলে।৮৩ তাৰ পিছত ছিয়ে ৰাছিয়া ভ্ৰমণ কৰিলে। ৰাছিয়াত ছিক মিত্ৰ শক্তিৰ বিজয়ক স্মৰণ কৰি অনুষ্ঠিত কৰা ৭০ সংখ্যক মস্ক' ভিক্টৰি দে' পেৰেডত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ "গেষ্ট অৱ অ'নাৰ"ৰ সন্মান দিয়া হ'ল। পেৰেডত ছি আৰু প্ৰথম মহিলা পেং লিয়ুৱান ভ্লাডিমিৰ পুটিনৰ কাষতে বহিল। বাহিৰে বাহিৰে তেওঁ কাজাখস্তান ভ্ৰমণ কৰি ৰাষ্ট্ৰপতি নুৰছুল্টান নজৰবয়েভক লগ ধৰিলে আৰু বেলাৰুছত আলেগজেণ্ডাৰ লুকাছেংক'ক লগ ধৰিলে।৮৪

ছিয়ে এবাৰো উত্তৰ কোৰিয়াৰ নেতা কিম জং-উনৰ সৈতে মুখা-মুখি বৈঠকত মিলিত হোৱা নাই।৮৫

ব্যক্তিগত জীৱন

১৯৮০ৰ দশকৰ আগৰ অংশত ছি জিনপিঙে ব্ৰিটেইনলৈ চীনৰ ৰাষ্ট্ৰদূত কে হুৱাৰ জীয়ৰী কে লিংলিঙক বিয়া কৰালে। কেইবছৰমানৰ পিছতেই তেওঁলোকৰ বিহাহ বিচ্ছেদ হ'ল।৮৬

১৯৮৭ চনত জিনপিঙে প্ৰখ্যাত চীনা গায়িকা পেং লিয়ুৱানক বিয়া কৰালে।৮৭ ছিৰ ৰাজনৈতিক উত্থানৰ আগলৈকে সকলোৰে পৰিচিত পেং লিয়ুৱানক ছিতকৈ চীনা ৰাইজে অধিক জানিছিল। এই দম্পতী কেইবাবাৰো দীৰ্ঘ সময়ৰ বাবে পৃথকে থাকিছিল, বিশেষকৈ দুয়োৰে পৃথক বৃত্তিৰ বাবে। ছি জিনপিঙ আৰু পেং লিয়ুৱানৰ এজনী কন্যা আছে, তাইৰ নাম ছি মিংজে। ছি মিংজেই ২০১০ চনত হাৰ্ভাৰ্ডত ফ্ৰেছমেন হিচাপে যোগদান কৰিলে।৮৮

পেঙে ছিক এজন কষ্ট কৰা আৰু সহজ সৰল ব্যক্তি বুলি অভিহিত কৰিছিল। "যেতিয়া তেওঁ ঘৰলৈ আহে, মোৰ কেতিয়াও এজন নেতা ঘৰত থকা যেন অনুভৱ নহয়। মোৰ দৃষ্টিত, তেওঁ কেৱল মোৰ গিৰিয়েক। "৮৯ প্ৰথম মহিলা হিচাপে পেঙে চীনৰ পূৰ্বৰ আন কোনো প্ৰথম মহিলাতকৈ অধিক ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। যেতিয়া মাৰ্চ ২০১৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা মিচেল অ'বামা চীন ভ্ৰমণত আহিল, পেং লিয়ুৱানেই তেওঁক আতিথ্য প্ৰদান কৰিলে।৯০ ছিৰ বিষয়ে এটি প্ৰবন্ধ ২০১১ চনত "দা ৱাছিংটন প'ষ্ট"ত প্ৰকাশ পাইছিল, সেইসকলৰ দ্বাৰা যিসকলে তেওঁ এজন "ব্যৱহাৰিক, গাম্ভীৰ্যপূৰ্ণ, সাৱধান, কষ্ট কৰা, সহজ-সৰল আৰু কম-মহত্ত্বপূৰ্ণ" ব্যক্তি হিচাপে গণ্য কৰিছিল। তেওঁক এজন সমস্যা সমাধানকাৰী ব্যক্তি হিচাপে দাঙি ধৰা হৈছিল, আৰু এনে এজন ব্যক্তি হিচাপেও যি "উচ্চ-পদৰ বান্ধোনৰ প্ৰতি আকৃষ্ট নহয়"।৯১ তেওঁ আমেৰিকাৰ চলচ্চিত্ৰ খুব ভাল পাই, যেনে ছেভিং প্ৰাইভেট ৰায়ান, দা ডিপাৰ্টেড আদি।৯২ তেওঁ স্বাধীন চলচ্চিত্ৰ নিৰ্মাতা জিয়া ঝাংকেৰো প্ৰশংসক।৯৩ দা গডফাডাৰ মুভিজ তেওঁৰ অতিকৈ প্ৰিয় বুলি কোৱা হয়।৯৪

১৮০ চেণ্টি মিটাৰ (৫'১১") ওখ ছি জিনপিং তেওঁৰ পূৰ্বসূৰী হু জিণ্টাওতকৈ প্ৰায় ৭ চেণ্টি মিটাৰ ওখ।৯৫ বেইজিঙত ডাঙৰ হোৱা জিনপিঙে শুদ্ধ মান্য মাণ্ডাৰিন চীনা ভাষা কয়, কোনো ধৰণৰ আঞ্চলিক প্ৰভাৱ নপৰাকৈ।৫৫

জুন ২০১২ চনত ব্লুম্বাৰ্গ বিজনেছৱিকে এক প্ৰবন্ধত উল্লেখ কৰিলে যে ছি জিনপিঙৰ দূৰৰ পৰিয়ালবৰ্গসমূহৰ বাণিজ্যিক সম্পত্তি বহুল পৰিমাণৰ, যদিও এই কথাৰ কোনো প্ৰমাণ নাই যে ছিৰ ৰাজনৈতিক পদবীৰ সেই ক্ষেত্ৰত অলপো অৱদান আছে।৯৬ ফলস্বৰূপে মূলসুঁতিৰ চীনত ব্লুম্বাৰ্গ ৱেবচাইটটোৰ প্ৰচাৰ বন্ধ কৰি দিয়া হ'ল।৯৭ ছিয়ে দুৰ্নীতিবিৰোধী অভিযান আৰম্ভ কৰাৰ পিছতে, নিউ য়ৰ্ক টাইমছত প্ৰকাশ পোৱাৰ মতে ছিৰ পৰিয়ালবৰ্গই নিজৰ ক'ৰ্প'ৰেট আৰু মাটি-বাৰিজনিত সম্পত্তি বিক্ৰি কৰিবলৈ আৰম্ভ কৰিছে, যাতে ছি দুৰ্বল নপৰক।৯৮

ৰাজনৈতিক স্থান

চীনা স্বপ্ন

ছি জিনপিং আৰু তেওঁৰ চীনা সাম্যবাদী দলে "চীনা স্বপ্ন" শব্দকেইটা আগ বঢ়ালে। এই শব্দকেইটা তেওঁলোকৰ দেশ আৰু তেওঁলোকৰ নেতাক লৈ দূৰগামী নীতিক সূচাবলৈ ব্যৱহাৰ কৰা হ'ল। ২০১৩ চনৰ পৰা এই শব্দকেইটা ছি জিনপিং চৰকাৰৰ মুখ্য নীতিত পৰিণত হৈছে, ঠিক ততেনেদৰেই যেনেদৰে "উন্নতিৰ বৈজ্ঞানিক দৃষ্টিভংগী" হু জিণ্টাওৰ সপোন আছিল, আৰু "তিনি প্ৰতিনিধি" ঝিয়াং জেমিনৰ মূল নীতি আছিল।

সন্মান

বিদেশত সন্মান

  • অৰ্ডাৰ অৱ লিয়'পল্ডৰ গ্ৰেণ্ড কৰ্ডন (Grand Cordon of the Order of Leopold) (৩০ মাৰ্চ ২০১৪)৯৯
  • অৰ্ডাৰ অৱ জ'চ মাৰ্টি (Order of José Martí) (২ জুলাই, ২০১৪)১০০
Olympic flag.svg
ছবি: Original author: Pierre de Coubertin (1863-1937) · Public domain

আই-অ'-চি: দা গ'ল্ডেন অলিম্পিক অৰ্ডাৰ (The golden olympic order) (১৯ নৱেম্বৰ ২০১৩)১০১

  • নিচান-এ-পাকিস্তান (Nishan-e-Pakistan) (এপ্ৰিল ২১, ২০১৫)১০২
  • অৰ্ডাৰ অৱ লিবাৰেটৰ (Order of the Liberator) (২০ জুলাই ২০১৪)১০৩

চহৰলৈ চাবি

Flag of Iowa.svg
ছবি: Public domain

মুস্কাটাইন, আয়'ৱা (Muskatine, Iowa) (১৯৮৫)১০৪

Flag of Iowa.svg
ছবি: Public domain

মুস্কাটাইন আয়'ৱা (Muskatine, Iowa) (১৪ ফেব্ৰুৱাৰী, ২০১২)১০৫

  • ম'ণ্টেগ' বে' (Montego Bay), জামাইকা (১৩ ফেব্ৰুৱাৰী ২০০৯)১০৬
Flag of Mexico City.svg
ছবি: Heraldry · Public domain

মেক্সিকো চিটি (Mexico City), মেক্সিকো (৫ জুন ২০১৩)১০৭

Bandera de San José (Costa Rica).svg
ছবি: Connormah · Public domain

ছেন হ'জে (San José), ক'ষ্টা ৰিকা (৩ জুন, ২০১৩)১০৮

বুৱেন'চ আইৰিচ, আৰ্জেণ্টিনা (১৯ জুলাই, ২০১৪)১০৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Huang, Cary. Xi Jinping pledges renewal of the nation. South China Morning Post
  2. ↑ Wang, Xiangwei. (November 18, 2013). Xi moves closer to becoming another paramount leader. South China Morning Post
  3. ↑ deckblatt-ca-data sup-form.pdf
  4. ↑ Xi Jinping calls for a Chinese dream, Daily Telegraph
  5. ↑ (December 5, 2014). China’s Soft-Power Deficit Widens as Xi Tightens Screws Over Ideology. the China Brief. Brookings Institution
  6. ↑ Isogawa, Tomoyoshi. (2012). Understand Xi Jinping in 30 Minutes. United Books. পৃ. 151
  7. ↑ (7 November 2012). Profile: Chinese Vice President Xi Jinping. Radio Free Europe
  8. ↑ (16 November 2012). 本报独家探访河南邓州习营村. Wen Wei Po
  9. ↑ (28 April 2009). 与丈夫习仲勋相伴58年 齐心:这辈子无比幸福_读书频道_新华网. Xinhuanet
  10. ↑ Bouée, Charles-Edouard, China's Management Revolution: Spirit, Land, Energy, (Palgrave Macmillan, 15 December 2010), p. 93; via Googlebooks. Retrieved 15 February 2012
  11. ↑ Watts, Jonathan. (26 October 2007). Most corrupt officials are from poor families but Chinese royals have a spirit that is not dominated by money. The Guardian
  12. ↑ Denis Fred Simon; Cong Cao. (19 March 2009). China's Emerging Technological Edge: Assessing the Role of High-End Talent. Cambridge University Press. পৃ. 28–. ISBN 978-0-521-88513-3
  13. ↑ Joseph Fewsmith. Civil-Military Change in China Elites, Institutes, and Ideas after the 16th Party Congress. DIANE Publishing. পৃ. 87–. ISBN 978-1-4289-1026-3
  14. ↑ (30 March 2010). Xi Jinping
  15. ↑ (11 August 2013). Objection, Mr Xi. Did you earn that law degree?
  16. ↑ (24 September 2013). Plagiarism and Xi Jinping
  17. ↑ Associated Press, "China's Vice-President revisits youth with a trip to the Midwest to meet farming family he stayed with on exchange trip", The Daily Mail, 15 February 2012
  18. ↑ Ranade, Jayadva. (25 October 2010). China's Next Chairman - Xi Jinping. Centre for Air Power Studies
  19. ↑ (7 November 2011). Xi Jinping. GlobalSecurity.org
  20. ↑ Yu, Xiao. (18 February 2000). Fujian leaders face Beijing top brass. South China Morning Post
  21. ↑ It should be duly noted that Liu Yandong, Wang Qishan, and Deng Pufang (Deng Xiaoping's son) all placed among the bottom of the alternate member list. Like Xi, all three were seen as "Princelings". It should also be noted that Bo Xilai did not get elected to the Central Committee at all; that is, Bo placed lower in the vote count compared to Xi
  22. ↑ www.canyu.org/n24349c6.aspx 中共十五大习近平位列候补委员最后一名为何 April 22, 2011 Canyu.org
  23. ↑ opinion.dwnews.com/news/2014-12-25/59626005.html 习近平为官之道 拎着乌纱帽干事 December 25, 2014 Duowei News Lei Wang
  24. ↑ news.sohu.com/20070324/n248946143.shtml 习近平任上海市委书记 韩正不再代理市委书记 March 24, 2007 Sohu
  25. ↑ www.boxun.com/news/gb/china/2013/07/201307110449 从上海到北京 习近平贴身秘书只有钟绍军 July 11, 2013 Mingjing News Boxun
  26. ↑ Chinese Politics in the Era of Xi Jinping March 20, 2015 Routledge Willy Lam
  27. ↑ www.caijing.com.cn/2007-10-22/100034588.html 新晋政治局常委:习近平 October 22, 2007 Caijing
  28. ↑ www.mfa.gov.cn/eng/wjdt/wsrc/t462294.htm Vice-President Xi Jinping to Visit DPRK, Mongolia, Saudi Arabia, Qatar and Yemen 5 June 2008 Ministry of Foreign Affairs 20 October 2010
  29. ↑ Michael Wines. 'China's Leaders See a Calendar Full of Anniversaries, and Trouble'. The New York Times, 9 March 2009
  30. ↑ Ansfield, Jonathan. (22 December 2007). Xi Jinping: China’s New Boss And The ‘L’ Word. Newsweek
  31. ↑ (19 November 2007). China's Nelson Mandela. Time
  32. ↑ Tang, Eugene. (15 March 2008). China Appoints Xi Vice President, Heir Apparent to Hu. Bloomberg
  33. ↑ Rudd seeks to pre-empt PM's China white paper with his own version The National, David Uren, 5 October 2012
  34. ↑ (11 February 2009). Chinese vice president in Mexico to boost trade. Channel NewsAsia. Agence France-Presse
  35. ↑ (10 February 2009). Chinese Vice President Xi Jinping speaks during a news conference in Mexico City. Jinping is on a two-day official visit to Mexico.. Associated Press
  36. ↑ (12 February 2009). Photo Gallery of the Official Visit of the Vice President of the People's Republic of China and the State Visit of the King and Queen of Spain. Jamaica Information Service
  37. ↑ (13 February 2009). China, Jamaica vow to enhance friendly partnership. China Central Television
  38. ↑ Mu Xuequan. (17 February 2009). Chinese vice president concludes official visit to Colombia. Xinhua News Agency
  39. ↑ China Names Colombia Official Tourism Destination. Latin American Herald Tribune
  40. ↑ Fang Yang. (19 February 2009). Chinese VP meets Venezuelan top legislator on parliamentary co-op, bilateral ties. Xinhua News Agency
  41. ↑ Devereux, Charlie. (26 September 2012). China Bankrolling Chavez’s Re-Election Bid With Oil Loans. Bloomberg News
  42. ↑ (20 February 2009). Chinese VP meets Brazilian president on deepening strategic partnership. Xinhua News Agency
  43. ↑ Original: 在国际金融风暴中,中国能基本解决13亿人口吃饭的问题,已经是对全人类最伟大的贡献|t=在國際金融風暴中,中國能基本解決13億人口吃飯的問題,已經是對全人類最偉大的貢獻
  44. ↑ Original: 有些吃饱没事干的外国人,对我们的事情指手画脚。中国一不输出革命,二不输出饥饿和贫困,三不折腾你们,还有什么好说的?|t=有些吃飽沒事干的外國人,對我們的事情指手畫腳。中國一不輸出革命,二不輸出飢餓和貧困,三不折騰你們,還有什麽好說的?
  45. ↑ (14 February 2009). AsiaOne.com: Chinese VP blasts meddlesome foreigners. News.asiaone.com
  46. ↑ 記者賴錦宏. (18 February 2009). 習近平出訪罵老外 外交部捏冷汗. 聯合報
  47. ↑ (10 October 2009). Vice President Xi Jinping to visit Belgium, Germany, Bulgaria, Hungary and Romania and attend Europalia Chinese Art Festival and China's Guest-of-Honor Activities in Frankfurt Book Fair. Mfa.gov.cn
  48. ↑ Raman, B. (25 December 2009). China's Cousin-Cousin Relations with Myanmar. South Asia Analysis Group
  49. ↑ Reuters
  50. ↑ "Chinese Vice President Xi Jinping heads back to his favourite U.S. town 27 years after he first stayed there", Daily Mail Online, 16 February 2012
  51. ↑ China Confirms Leadership Change. BBC News
  52. ↑ Xi Jinping: China's 'princeling' new leader
  53. ↑ (14 November 2012). Ending Congress, China Presents New Leadership Headed by Xi Jinping. The New York Times
  54. ↑ (16 November 2012). After months of mystery, China unveils new top leaders. CNN
  55. ↑ Johnson, Ian. (November 15, 2012). A Promise to Tackle China’s Problems, but Few Hints of a Shift in Path. New York Times
  56. ↑ (15 November 2012). Full text: China's new party chief Xi Jinping's speech. BBC
  57. ↑ "For Xi, a 'China Dream' of Military Power", 13 March 2013 WSJ
  58. ↑ BBC News (2012). "China confirms leadership change", BBC, Retrieved 17 November 2012
  59. ↑ Demick, Barbara. (3 March 2013). China's Xi Jinping formally assumes title of president. Los Angeles Times
  60. ↑ Krishna Kanta Handique State Open University, EXECUTIVE: THE PRESIDENT OF THE CHINESE REPUBLIC
  61. ↑ Moore, Malcolm. (14 March 2013). Xi Jinping becomes China's president. The Sunday Telegraph
  62. ↑ (16 March 2013). China's Xi Jinping hints at backing Sri Lanka against UN resolution. Press Trust of India
  63. ↑ Cheung, Tony; Ho, Jolie. (17 March 2013). CY Leung to meet Xi Jinping in Beijing and explain cross-border policies. South China Morning Post
  64. ↑ (15 March 2013). China names Xi Jinping as new president. Agence France-Presse
  65. ↑ Chris Buckley, "China’s Leader Tries to Calm African Fears of His Country’s Economic Power", The New York Times, 26 March 2013
  66. ↑ Kroeber, Arthur R. (November 17, 2013). Xi Jinping's Ambitious Agenda for Economic Reform in China. The Brookings Institution
  67. ↑ Ouyang, Yadan. (19 November 2013). China Chips Away at One-Child Policy. Science
  68. ↑ Gossett, David. Xi Jinping - Person of the Year 2013. Huffington Post
  69. ↑ (Jan 4, 2014). Presidential Style: A New Flavour. The Economist
  70. ↑ (November 15, 2012). Xi Jinping's inaugural Speech. BBC News
  71. ↑ (March 27, 2013). Elite in China Face Austerity Under Xi’s Rule. The New York Times
  72. ↑ (March 4, 2014). President Xi’s Anti-Corruption Campaign Biggest Since Mao. Bloomberg
  73. ↑ (October 24, 2014). Communist Party pledges greater role for constitution, rights in fourth plenum. South China Morning Post
  74. ↑ Doyon, J; Winckler, H. (November 20, 2014). The Fourth Plenum, Party Officials and Local Courts
  75. ↑ (April 1, 2015). Xi's maiden foreign tour historic, fruitful. People.cn
  76. ↑ Bush, Richard C. III. Obama and Xi at Sunnylands: A Good Start. Brookings Institution
  77. ↑ (March 22, 2014). President Xi visits Western Europe. Xinhua
  78. ↑ www.korea.net/NewsFocus/Society/view?articleId=1
  79. ↑ (September 5, 2014). Xi Jinping's July 2014 Trip to Latin America. Carnegie Endowment for World Peace
  80. ↑ (September 20, 2014). Chinese incursion in Ladakh: A little toothache can paralyze entire body, Modi tells Xi Jinping. Time of India
  81. ↑ (November 19, 2014). Xi says time to lift relations. The Sydney Morning Herald
  82. ↑ (November 22, 2015). Chinese president Xi Jinping signs five agreements with Fiji as part of China's Pacific engagement strategy. ABC News (Australia)
  83. ↑ Xi Jinping Heads to Pakistan, Bearing Billions in Infrastructure Aid The New York Times. April 19, 2015
  84. ↑ (May 9, 2015). At Russia's Military Parade, Putin and Xi Cement Ties. The Diplomat
  85. ↑ (January 20, 2015). Is Xi Jinping Rethinking Korean Unification?. Brookings Institution
  86. ↑ Elizabeth Yuan. (8 November 2012). Xi Jinping: From 'sent-down youth' to China's top. CNN
  87. ↑ Magnier, Mark. (23 October 2007). China's 'fifth generation' of leaders reflects nation's shifts. Los Angeles Times
  88. ↑ (16 February 2012). Red Nobility: Xi Jinping's Harvard daughter. Want China Times
  89. ↑ China's Leaders. BBC
  90. ↑ Beech, Hannah. (March 21, 2014). Michelle Obama Tours Beijing With China’s First Lady
  91. ↑ Richburg, Keith B. (15 August 2011). Xi Jinping, likely China’s next leader, called pragmatic, low-key. The Washington Post
  92. ↑ Buckley, Chris, "China leader-in-waiting carries heavy political baggage to U.S.", Reuters, 8 February 2012. Retrieved 14 February 2012
  93. ↑ Branigan, Tania. (13 February 2012). The Guardian profile: Xi Jinping. The Guardian
  94. ↑ Buckley, Chris, "Xi, in ‘Godfather’ Mold, Looks Assertive and Even Imperial" New York Times, 15 November 2013. Retrieved 14 May 2012
  95. ↑ Karen, Christensen. (1 April 2011). The "Rise of China" Takes on New Meaning. Berkshire Publishing
  96. ↑ (29 June 2012). Xi Jinping Millionaire Relations Reveal Fortunes of Elite. Bloomberg
  97. ↑ Branigan, Tania. (29 June 2012). China blocks Bloomberg for exposing financial affairs of Xi Jinping's family. The Guardian
  98. ↑ Forsythe, Michael. (17 June 2012). As China’s Leader Fights Graft, His Relatives Shed Assets. New York Times
  99. ↑ China's Xi receives royal welcome in Belgium before EU talks. EUbusiness
  100. ↑ Xi Jinping Receives Order of José Marti of Cuba. Ministry of Foreign Affairs of the People's Republic of China
  101. ↑ Xi Jinping Meets with International Olympic Committee President Thomas Bach and Receives the Olympic Order in Gold. Consulate-General of the People's Republic of China in San Francisco
  102. ↑ Pakistan confers Nishan-e-Pakistan on Chinese President Xi Jinping. Hindustantimes
  103. ↑ Xi Jinping Receives the Order of the Liberator from Venezuela. Ministry of Foreign Affairs of the People's Republic of China
  104. ↑ A Familiar Face Back In Iowa: China's Vice President. National Public Radio
  105. ↑ A Familiar Face Back In Iowa: China's Vice President. National Public Radio
  106. ↑ Chinese VP Receives Key to the City of Montego Bay. Jamaica Information Service
  107. ↑ President Xi Jinping Receives Key to Mexico City. Ministry of Foreign Affairs of the People's Republic of China
  108. ↑ President Xi Jinping Receives Key to City of San Jose. Ministry of Foreign Affairs of the People's Republic of China
  109. ↑ Xi Jinping Receives Key to the City of Buenos Aires. Ministry of Foreign Affairs of the People's Republic of China

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছি জিনপিং” প্ৰবন্ধৰ সংশোধন ৬৩৭১২৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।