চীনৰ ব্যক্তি
৮২ প্ৰবন্ধ
-
হিউৱেন-চাং
হিউৱেন-চাং (Xuanzang) এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল।
-
টেনজিং গিয়াত্ ছো
টেনজিং গিয়াত্ ছো হৈছে চতুৰ্দশ দালাই লামা। তেখেত ১৯৫৯ চনত তিব্বতৰ পৰা প্ৰস্থান কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰে। তিব্বতৰ শান্তিৰক্ষাৰ ক্ষেত্ৰত অবদানৰ বাবে তেখেতক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।
-
মাও জেদং
মাও জেদং (Mao Zedong) চীন দেশৰ এজন ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে চীন দেশৰ য়ুনান প্ৰদেশৰ (Hunan Province) ছাও ছান (Shaoshan) নামে ঠাইৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। খেতিয়কৰ সন্তান মাওক দেউতাকে খেতিয়ক হোৱাটোকে বিচাৰিছিল।
-
কনফুচিয়াছ
কনফুচিয়াছ (৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়। কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়াছ ধৰ্ম বুলি জনা যায়।
-
ফা-হিয়েন
ফা-হিয়েন (Fa Xian,Fa-Hien বা Fa-hsien, ) এজন চীনা বৌদ্ধ ভিক্ষু, পৰিব্ৰাজক আৰু অনুবাদক। তেওঁ প্ৰাচীন চীনৰ পৰা ভাৰতলৈ ভ্ৰমণ কৰিছিল।
-
ব্ৰুছ লী
ব্ৰুছ লী (Bruce Lee) লী জুন ফেন বা পেছাদাৰীগতভাৱে ব্ৰুছ লী নামেৰে পৰিচিত এগৰাকী হংকং আমেৰিকান সমৰ কলা শিল্পী, অভিনেতা, পৰিচালক, সমৰ কলা প্ৰশিক্ষক আৰু দাৰ্শনিক।
-
ছি জিনপিং
ছি জিনপিং হৈছে চীনা সাম্যবাদী দল (কমিউনিষ্ট পাৰ্টি অফ চাইনা)-ৰ সাধাৰণ সম্পাদক, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ। চীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে সামৰিক বাহিনী আৰু পাৰ্টিৰো মুখ্য নেতা হোৱাৰ বাবে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট লিডাৰ" বা "সৰ্বোচ্চ নেতা"…
-
লি ৱেনলিয়াং
লি ৱেনলিয়াং (Li Wenliang; ১২ অক্টোবৰ ১৯৮৬ – ৭ ফেব্ৰুৱাৰী ২০২০) এগৰাকী চীনা চকুৰোগ বিশেষজ্ঞ আছিল। ৱুহান কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক লিয়ে ২০১৯ৰ ডিচেম্বৰত তেওঁৰ সহকৰ্মীসকলক চাৰ্চ (Severe acute respiratory syndrome) সদৃশ ৰোগ অথবা পিছলৈ COVID-19 নামেৰে চিহ্নিত হোৱা ৰোগবিধৰ সম্ভাব্য বিস্তাৰৰ বিষয়ে…
-
ক্যিন ছি হোৱং
ক্যিন ছি হোৱাং (Qin Shi Huang) (খ্ৰীঃ পূৰ্ব ২৫৯ – ২১০), যাৰ ব্যক্তিগত নাম আছিল ইয়িং ঝিং (Ying Zhing), চীন দেশ যুদ্ধ-বিগ্ৰহত লিপ্ত থকা সময়ত খ্ৰীঃপূৰ্ব ২৪৬-২২১ লৈকে ক্যিন ৰাজ্যৰ ৰজা আছিল। পিছত ২২১ খ্ৰীঃপূৰ্বত তেওঁ প্ৰথম বৃহত চীন সম্ৰাজ্যৰ সম্ৰাট হয়।
-
ক্লৱি ঝাও
ক্লৱি ঝাও (Chloé Zhao), জন্ম-৩১ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী চীনা ছবি-নিৰ্মাতা। আমেৰিকান স্বাধীন ছবিলৈ (Independent Films) আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত জনাজাত। ক্লৱিৰ প্ৰথমখন কাহিনী-ছবি আছিল Songs My Brothers Taught Me। ছবিখনে ২০১৫ চনত মুক্তিলাভ কৰিছিল আৰু ছানডান্স ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
-
জেকী চান
জেকী চান (Jackie Chan); জন্মগত নাম- চান কং-চাং (Chan Kong-sang) হংকঙৰ এগৰাকী অভিনেতা, পৰিচালক, সমৰ কলা শিল্পী আৰু ষ্টাণ্টমেন যি তেওঁৰ স্লেপষ্টিক এক্ৰ’বেটিক ফাইটিং ষ্টাইল, কমিক টাইমিং আৰু অভিনৱ ষ্টাণ্টৰ বাবে জনাজাত৷ তেওঁৰ চলচ্চিত্ৰসমূহত, তেওঁ প্ৰদৰ্শন কৰা শাৰীৰিক যুদ্ধ কলা, হাস্যৰসাত্মক ভঙ্গী আৰু…
-
গাও চ্যিংজিয়ান
গাও চ্যিংজিয়ান (高行健 চীনা ভাষাত, Gao Xingjian; জন্ম: ৪ জানুৱাৰী, ১৯৪০) এগৰাকী চীনা ঔপন্যাসিক, নাট্যকাৰ, সমালোচক, চিত্ৰশিল্পী, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু অনুবাদক।
-
তু ইউইউ
তু ইউইউ (; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন( Artemisinin বা Qinghaosu) আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন (Dihydroartemisinin) আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়।
-
লি বাই
লি বাই ( ৭০১ – ৭৬২), লি বো বুলি উচ্চাৰিত হ’বও পাৰে, তেওঁৰ উপনাম আছিল তাইবাই (太白), তেওঁ এজন চীনা কবি আছিল, যাক টাং যুগৰ তথা সমগ্ৰ চীনা ইতিহাসৰ অন্যতম মহান আৰু গুৰুত্বপূৰ্ণ কবি হিচাপে স্বীকৃতি দিয়া হয়।
-
সিমা কিয়ান
সিমা কিয়ান (চীনা: 司馬遷; Pinyin: Sīmǎ Qiān; জন্ম: ক্ৰমে খ্ৰীষ্টপূৰ্ব ১৪৫ বা ১৩৫ – মৃত্যু: খ্ৰীষ্টপূৰ্ব ৮৬) এজন প্ৰাচীন চীনা ইতিহাসবিদ, দাৰ্শনিক আৰু সাহিত্যিক আছিল।
-
আই জিং
আই জিং (চীনা:艾敬; পিনয়ন: Ài Jìng; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৬৯) এগৰাকী চীনা গায়িকা, অভিনেত্ৰী আৰু চিত্ৰশিল্পী। চীনৰ নৰ্থইষ্ট নিউজে তেওঁক “চীনৰ আটাইতকৈ প্ৰতিভাৱান মহিলা লোক-ৰক গায়িকা” বুলি অভিহিত কৰিছে। আইৰ জন্ম হৈছিল শ্বেনয়াং, লিয়াওনিঙৰ এটা সংগীত পৰিয়ালত।
-
আহ টয়
আহ টয় (ইংৰাজী: Ah Toy; ১৮ মে’ ১৮২৯ – ১ ফেব্ৰুৱাৰী ১৯২৮) কেলিফৰ্ণিয়া গোল্ড ৰাছৰ সময়ত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এগৰাকী চীনা আমেৰিকান যৌনকৰ্মী আৰু ম্যাডাম আছিল। তেওঁ ছান ফ্ৰান্সিস্কোৰ প্ৰথমগৰাকী চীনা যৌনকৰ্মী আছিল।
-
ইউয়ানিউয়ান ইয়াং
ইউয়ানিউয়ান ইয়াং (ইংৰাজী: Yuanyuan Yang) এগৰাকী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী যাৰ আগ্ৰহৰ ভিতৰত আছে সমান্তৰাল আৰু বিতৰিত কম্পিউটিং, বেতাঁৰ চেন্সৰ নেটৱৰ্ক আৰু ক্লাউড কম্পিউটিং।
-
ইউৱান কিনয়ুৱে
ইউৱান কিনয়ুৱে (জন্ম ২১ ডিচেম্বৰ ১৯৯৬) এগৰাকী চীনা ভলীবল খেলুৱৈ। তেওঁ চীনৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক। ক্লাব পৰ্যায়ত তেওঁ ভাকিফ বেংক এছ.কে.-ৰ হৈ খেলে। ২.০৩ মিটাৰ উচ্চতাৰে ইউৱান চীনৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ ইতিহাসত আটাইতকৈ ওখ খেলুৱৈ।
-
ইয়াং ডেন
ডেন ইয়াং (চীনা: 丹扬; পিনয়ন: Dān Yáng) এগৰাকী চীনা-আমেৰিকান স্নায়ুবিজ্ঞানী। তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ স্নায়ুজীৱবিজ্ঞানৰ পল লিচ্ট বিশিষ্ট অধ্যাপিকা আৰু হাৱাৰ্ড হিউজেছ মেডিকেল ইনষ্টিটিউট (এইচ এইচ এম আই)ৰ তদন্তকাৰী।
-
কাই চাং
কাই চাং (১৪ মে' ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী চীনা ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল; যি চীনৰ মহিলা অধিকাৰ সংগঠন অল-চাইনা মহিলা ফেডাৰেচনৰ প্ৰথম অধ্যক্ষ আছিল।
-
কুমাৰজীৱ
কুমাৰজীৱ (৩৩৪-৪১৩ খ্ৰীষ্টাব্দ) কুচা ৰাজ্যৰ এজন বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক আছিল। তেওঁ প্ৰথমে সৰ্বাস্তিবাদ মতবাদৰ শিক্ষালাভ কৰে আৰু পৰবৰ্তীকালত মহাযান বৌদ্ধধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নাগাৰ্জুনৰ মধ্যমক দৰ্শন সম্বন্ধে শিক্ষালাভ কৰে।
-
গু কাইঝি
গু কাইঝি (Gu Kaizhi; সৰলীকৃত চীনা: 顾恺之; ৩৪৪-৪০৬) এগৰাকী চীনা চিত্ৰশিল্পী আৰু ৰাজনীতিবিদ আছিল। তেওঁ প্ৰাচীন চীনৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী। তেওঁৰ জন্ম ৱুক্সিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে ৩৬৪ চনত নানজিঙত তেওঁ ছবি আঁকিছিল।
-
গু কাইলাই
গু কাইলাই (ইংৰাজী: Gu Kailai; জন্ম: ১৫ নৱেম্বৰ ১৯৫৮) এগৰাকী চীনা আইনজীৱী আৰু ব্যৱসায়ী, যি চীনৰ প্ৰভাৱশালী ৰাজনীতিজ্ঞ ব’ জিলাইৰ দ্বিতীয় পত্নী। ২০১২ চনৰ আগষ্ট মাহত গুক ব্ৰিটিছ ব্যৱসায়ী নীল হেইউডক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয় আৰু নিলম্বিত মৃত্যুদণ্ড দিয়া হয়, পিছলৈ ২০১৫ চনৰ ডিচেম্বৰ…
-
গু হেংব'
গু মেই (ইংৰাজী: Gu Mei; ১৬১৯–১৬৬৪) এগৰাকী চীনা গেজী (Gējì), কবি আৰু চিত্ৰশিল্পী আছিল। তেওঁ নিজৰ শৈল্পিক নাম গু হেংব হিচাপে অধিক পৰিচিত আছিল। বিবাহৰ পিছত তেওঁ জু শানচি আৰু জু ঝিজু নামেৰেও জনাজাত হৈছিল।
-
গুও ইংগুয়াং
গুও ইংগুয়াং (郭盈光; জন্ম ১৯৮৩) এগৰাকী চীনা আলোকচিত্ৰশিল্পী। তেওঁৰ সৃষ্টিসমূহ আধুনিক চীনৰ সামাজিক সমস্যাসমূহ—বিশেষকৈ বিবাহৰ চাপত পৰা নাৰী, ব্যৱস্থাপিত বিবাহ, আৰু তেনে বিবাহৰ ফলত স্বামী-স্ত্ৰীৰ মাজত গঢ় লৈ উঠা ছদ্ম-আন্তৰিকতা—ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।
-
চং ৰুইঝিয়াং
চং ৰুইঝিয়াং (ইংৰাজী: Song Ruixiang; জন্ম: অক্টোবৰ ১৯৩৯) এগৰাকী চীনা ৰাজনীতিবিদ যিয়ে ১৯৮৫ চনৰপৰা ১৯৮৯ চনলৈ চিংহাইৰ ৰাজ্যপাল, ১৯৯৪ চনৰপৰা ১৯৯৮ চনলৈ চীনৰ ভূতত্ত্ব আৰু খনিজ সম্পদ মন্ত্ৰী আৰু ২০০২ চনৰপৰা ২০০৪ চনলৈ চীন ভূমিকম্প প্ৰশাসনৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
চাং চুং-হো
চাং চুং-হো (ইংৰাজী: Chang Ch'ung-ho; জন্ম: ১৭ মে', ১৯১৪ – ১৭ জুন, ২০১৫), বিবাহোত্তৰ নাম চুং-হো চাং ফ্ৰেংকেল হিচাপেও পৰিচিত, এগৰাকী চীনা-আমেৰিকান কবি, কেলিগ্ৰাফাৰ (লিপিকাৰ), শিক্ষাবিদ আৰু 'কুনকু' (Kunqu) অপেৰা গায়িকা আছিল। তেওঁক "চীন গণৰাজ্যৰ অন্তিম গৰাকী প্ৰতিভাশালী মহিলা" বুলি অভিহিত কৰা হয়।
-
চান য়াট-চেন
চান য়াট-চেন (ইংৰাজী: Sun Yat-sen; জন্ম: ১২ নবেম্বৰ ১৮৬৬ – মৃত্যু: ১২ মাৰ্চ ১৯২৫) আছিল এজন চীনা ৰাজনীতিবিদ, বিপ্লৱী আৰু চিকিৎসক, যাক আধুনিক চীনৰ “পিতা” হিচাপে গণ্য কৰা হয়। তেওঁ চিং ৰাজবংশৰ চৰকাৰ উৎখাত কৰি চীনৰ প্ৰথম গণৰাজ্য প্ৰতিষ্ঠা কৰে।
-
চিয়া ঝৌ
জিয়া ঝৌ (ইংৰাজী: Xia Zhou) কলম্বিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এগৰাকী সহযোগী অধ্যাপক। তেওঁৰ গৱেষণা ম'বাইল কম্পিউটিং আৰু ইয়াৰ সৈতে অন্যান্য শাখাৰ সংযোগৰ ওপৰত কেন্দ্ৰিত। কলম্বিয়ালৈ অহাৰ পূৰ্বে তেওঁ ডাৰ্টমাউথ মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপক আছিল।