অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

য়েমেন

য়েমেন মধ্যপ্ৰাচ্য এছিয়াৰ এখন দেশ। ই আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত। সুউচ্চ পৰ্বতমালা য়েমেনৰ উপকূলীয় সমভূমিক অভ্যন্তৰৰ জনবিৰল মৰুভূমিৰ পৰা পৃথক কৰিছে। য়েমেনৰ জনসংখ্যা অতি কম। দেশখনৰ আধাতকৈ বেছি অংশ বসবাসৰ বাবে অযোগ্য। ইয়াৰ জনসংখ্যাৰ বেছি ভাগেই গাঁৱত বাস কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৭৬০ শব্দ · ৪ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

য়েমেন মধ্যপ্ৰাচ্য এছিয়াৰ এখন দেশ। ই আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত। সুউচ্চ পৰ্বতমালা য়েমেনৰ উপকূলীয় সমভূমিক অভ্যন্তৰৰ জনবিৰল মৰুভূমিৰ পৰা পৃথক কৰিছে। য়েমেনৰ জনসংখ্যা অতি কম। দেশখনৰ আধাতকৈ বেছি অংশ বসবাসৰ বাবে অযোগ্য। ইয়াৰ জনসংখ্যাৰ বেছি ভাগেই গাঁৱত বাস কৰে। প্ৰাচীনকালত ইয়াত কেইবাটাও সমৃদ্ধশীল সভ্যতা গঢ় লৈ উঠিছিল। কিন্তু ধীৰে ধীৰে ইয়াৰ গুৰুত্ব হ্ৰাস পায় আৰু এক হাজাৰ বছৰতকৈও বেছি সময় ই দৰিদ্ৰ আৰু অৱহেলিত দেশ হিচাপে চিহ্নিত হৈছে। বিংশ শতিকাৰ শেষৰ ফালে ইয়াত খাৰুৱা তেল আৱিষ্কাৰ হোৱাত য়েমেনৰ অৰ্থনৈতিক আৰু জনগণৰ জীৱনৰ মান উন্নয়নৰ সম্ভাৱনা দেখা গৈছে।

১৯৯০ চনত য়েমেন আৰৱ গণতন্ত্ৰ (উত্তৰ য়েমেন) আৰু গণপ্ৰজাতন্ত্ৰী য়েমেন (দক্ষিণ য়েমেন) দেশ দুখন একত্ৰিত কৰি য়েমেন প্ৰজাতন্ত্ৰ গঠন কৰা হয়। চানা'আ য়েমেনৰ ৰাজধানী আৰু বৃহত্তম চহৰ। য়েমেনৰ পশ্চিমে লোহিত সাগৰ আৰু দক্ষিণে এডেন উপসাগৰ। ই আফ্ৰিকা মহাদেশৰ পৰা বাব-এল-মান্দেব প্ৰণালীৰ মাধ্যমত বিচ্ছিন্ন। দেশখনৰ উত্তৰ আৰু উত্তৰ-পূবত চৌদি আৰৱ আৰু পূবত ওমান অৱস্থিত। চৌদি আৰৱ আৰু ওমানই য়েমেনৰ প্ৰতিবেশী ৰাষ্ট্ৰ। য়েমেনৰ আয়তন ৫,২৭,৯৭০ বৰ্গকিলোমিটাৰ।

ইতিহাস

১৯৯০ চনৰ মে মাহৰ পূৰ্বে এই দেশ দুখন পৃথক ৰাষ্ট্ৰত বিভক্ত আছিল। উত্তৰ য়েমেন আৰু দক্ষিণ য়েমেন সেই দুখন ৰাষ্ট্ৰ। উভয় দেশ একত্ৰিত হোৱাৰ পূৰ্বে উত্তৰ য়েমেন গণতন্ত্ৰ আৰু দক্ষিণ য়েমেন কমিউনিষ্ট সকলৰ শাসনাধীন আছিল। খ্ৰীষ্টপূৰ্ব ২,০০০ বছৰ আগতে উত্তৰ য়েমেনত প্ৰথম জনবসতি গঢ় লৈ উঠিছিল। খ্ৰীষ্টপূৰ্ব ১৪০০ বছৰ আগতে এই অঞ্চল ব্যৱসায়ী সকলৰ বাবে অতি উত্তম পথ হিচাপে বিবেচিত হয়। খ্ৰীষ্টাব্দৰ আৰম্ভণিৰ লগে লগে এই অঞ্চলৰ স্বাভাৱিক গতি মন্থৰ হৈ পৰে। এই সময়ত আবিছিনিয়ায়ে (ইথিওপিয়া) এই অঞ্চল দখল কৰে। পৰৱৰ্তী প্ৰায় ১৩০০ বছৰ এই অঞ্চলত বিভিন্ন উপজাতি, ধৰ্মীয় গোত্ৰ, মিছৰীয় আৰু টাৰ্কছ সকলৰ বিৰুদ্ধে যুদ্ধত আছিল। ৮৯৭ চনৰ গোড়াৰ দিশত এজন ইমামৰ নেতৃত্বত এইদেশ শাসিত হয়। ১৫১৭ চনৰ পৰা ১৯১৮ পৰ্যন্ত উত্তৰ য়েমেন অটোমেন সাম্ৰাজ্যৰ অধিনস্থ আছিল। ১৯২৪ চনত ই লাউছান চুক্তিৰ মাধ্যমত অটোমেন টাৰ্ক সাম্ৰাজ্যৰ পৰা মুক্ত হয়।

প্ৰাচীনকালৰ পৰায়ে লোহিত সাগৰ ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ মাজত সমুদ্ৰপথৰ একমাত্ৰ আৰু গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ হিচাপে ব্যৱহৃত হৈ আহিছে। ফলত আৰৱ সাগৰৰ তিৰৱৰ্তী য়েমেন বাণিজ্যিক দিশৰ পৰা এক গুৰুত্বপূৰ্ণ অৱস্থানত থকাৰ উপৰিও এই অঞ্চলৰ জীৱনযাত্ৰাৰ মান উত্তৰোত্তৰ বৃদ্ধি পাবলৈ ধৰে। আৰৱত ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ পৰায়ে এই অঞ্চলত ইছলাম ধৰ্ম প্ৰচলন আৰম্ভ হয়। বিভিন্ন সময়ত বিভিন্ন মুছলমান উপজাতীয় প্ৰধানসকলে এই অঞ্চল শাসন কৰি আহিছে। ইয়াৰ মাজেৰে সমুদ্ৰপথত এখন ব্ৰিটিছ জাহাজ চুৰ হোৱাৰ অজুহাতত ১৮৩৯ চনত ব্ৰিটেনে এডেন দখল কৰে। ১৯৩৭ চনত এই অঞ্চল ব্ৰিটিছ ৰাজশাসনৰ অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে এডেন ব্ৰিটিছ ভাৰতৰ অংশ হিচাপে শাসিত হৈ আহিছিল। ১৯৬৭ চনৰ ৩০ নৱেম্বৰত দক্ষিণ য়েমেনে স্বাধীনতা লাভ কৰে।

ৰাজনীতি

য়েমেন এখন ৰাষ্ট্ৰপতিশাসিত প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। ৰাষ্ট্ৰপতি হ’ল দেশৰ প্ৰধান। প্ৰধানমন্ত্ৰী হল চৰকাৰৰ প্ৰধান। তেওঁক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ হাতত ন্যস্ত থাকে। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু আইনসভা উভয়ৰ ওপৰত ন্যস্ত। বিচাৰ বিভাগ তাত্ত্বিকভাৱে চৰকাৰ আৰু আইনসভাৰ পৰা স্বাধীন।

ভূগোল

য়েমেনৰ ভূ-সংস্থানিক মানচিত্ৰ
য়েমেনৰ ভূ-সংস্থানিক মানচিত্ৰছবি: Sadalmelik · Public domain

য়েমেন দক্ষিণ-পশ্চিম এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ প্ৰান্তত ওমান আৰু চৌদি আৰৱৰ মাজত অৱস্থিত। দেশখন লোহিত সাগৰ ভাৰত মহাসাগৰক সংযোগকাৰী বাব-এল-মান্দেৰ প্ৰণালীৰ মুখত অৱস্থিত। লোহিত সাগৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত পেৰিম দ্বীপ আৰু এডেন উপসাগৰত অৱস্থিত ছোকোত্ৰা দ্বীপক ধৰিলে য়েমেনৰ মুঠ আয়তন ৫,২৭,৯৭০ বৰ্গকিলোমিটাৰ। য়েমেনৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য ১,৭৪৬ কিলোমিটাৰ।১

য়েমেন আৰৱ মালভূমিৰ দক্ষিণ প্ৰান্তত অৱস্থিত। দেশখন পৰ্বতময়, অভ্যন্তৰভাগ পশ্চিম, দক্ষিণ আৰু পূবত সৰু উপকূলীয় সমভূমি আৰু উত্তৰে চৌদি আৰৱৰ লগত সীমান্তত মৰুভূমিৰ দ্বাৰা বেষ্টিত। লোহিত সাগৰৰ উপকূলক আগুৰি প্ৰলম্বিত প্ৰায় ৪১৯ কিলোমিটাৰ দীঘল অৰ্ধ উষ্ণ উপকূলীয় সমভূমি তিহামাহ নামে পৰিচিত। অভ্যন্তৰভাগৰ পৰ্বতসমূহ বিভিন্ন উচ্চতাৰ। সৰ্বোচ্চ পৰ্বত জাবাল আন নাবি ছোৱাইব সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৭৬০ মিটাৰ উচ্চতাত অৱস্থিত। উচ্চভূমি সমূহৰ মাজেৰে কিছু কিছু ঠাইত নদী উপত্যকা বা মৰূদ্যান দেখা যায়। এইসমূহ গ্ৰীষ্মকালত শুষ্ক থাকে। য়েমেনৰ কোনো স্থায়ী নদী নাই। উত্তৰ আৰু পূবৰ মালভূমি আৰু মৰুভূমি উত্তপ্ত আৰু শুষ্ক। সেয়ে ইয়াত উদ্ভিদ আৰু জীৱৰ সংখ্যা অতি কম।

ভাষা

য়েমেনৰ ২ কোটি জনগণৰ বেছি ভাগেই য়েমেনী আৰৱী ভাষা ব্যৱহাৰ কৰে। দেশখনৰ দক্ষিণ-পূবত ওমান আৰু চৌদি আৰৱৰ লগত সীমান্তবৰ্তী এলাকাত মেহৰি নামৰ দক্ষিণী আৰৱী ভাষাৰ প্ৰচলন আছে। সাম্প্ৰতিক সময়ত ছুমালিয়াৰ লোহিত সাগৰৰ উপকূলীয় অঞ্চল সমূহৰ অধিবাসী ছুমালি সম্প্ৰদায়ৰ ছুমালি ভাষাৰ প্ৰচলন আছে। য়েমেনপাহাৰীয়া ৰুক্ষ অঞ্চল বাবে ই প্ৰায় বিচ্ছিন্ন অঞ্চলৰ সদৃশ। সেয়ে ইয়াত প্ৰচলিত আৰৱী ভাষাত বিচিত্ৰতাৰ পৰিমাণ বেছি আৰু প্ৰাচীন আৰৱীৰ বিভিন্ন বৈশিষ্ট্য সংৰক্ষিত হৈ আছে।

পৰ্যটন

য়েমেনত পৰ্যটনৰ নব্য বহুতো আকৰ্ষণীয় স্থান আছে। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হল ইয়াৰ ৰাজধানী চানা চহৰ। চানা সম্ভৱত মনুষ্যনিৰ্মিত প্ৰথম চহৰৰ ভিতৰত অন্যতম। ইউনেস্ক'য়ে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage of Mankind) হিচাপে ঘোষণা কৰিছে। ৰাব আল খালি মৰুভূমিৰ প্ৰান্তত অৱস্থিত মাৰিব চহৰ শেবাৰ ৰাণীৰ সাম্ৰাজ্যৰ ৰাজধানী আছিল। ইয়াত ৩০০০ বছৰ আগতে নিৰ্মিত বান্ধ এতিয়াই দেখিবলৈ পোৱা যায়। য়েমেন পূৰ্বতে বিভিন্ন সাম্ৰাজ্যৰ অংশ আছিল আৰু সেইবোৰৰ ৰাজধানীসমূহ দেশখনৰ বিভিন্ন চহৰত বিস্তৃত হৈ আছে। প্ৰত্যেক চহৰতে সেই আমলৰ বিশেষ নিদৰ্শন দেখিবলৈ পোৱা যায়। ইছলামৰ একেবাৰে প্ৰথম দিশকাৰ হজৰত মহম্মদৰ জীৱন কালৰ মছজিদৰ পৰা আৰম্ভ কৰি ইছলামী যুগৰ প্ৰথম বিশ্ববিদ্যালয় আৰু আন অনেক প্ৰাচীন ঐতিহ্যবাহী স্থানৰে য়েমেন পৰিপূৰ্ণ।

পৰ্যটন শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা য়েমেনৰ অৰ্থনীতি যথেষ্ট টনকিয়াল কৰিব পাৰি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Yemen country profile. দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছFederal Research Division (December 2006). This article incorporates text from this source, which is in the ৰাজহুৱা ক্ষেত্ৰ.

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়েমেন” প্ৰবন্ধৰ সংশোধন ৬৪০২২৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।