ঘটনাপঞ্জী
- ১৬৯৮ – থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে।
- ১৮৯৭ – ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে।
- ১৯৪০– ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়।
- ২০০২ – অকলশৰে বেলুনত উঠি পৃথিৱী প্ৰৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফ'ছেট।
- ২০১৩ - আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্ল'টোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহ দুটাক ক্ৰমে কাৰ্বেৰছ (Kerberos) আৰু ষ্টিক্স (Styx) নামেৰে নামকৰণ কৰে।
জন্ম
- ১৮৬২ – ৱিলিয়াম হেনৰী ব্ৰেগ, ইংৰাজ ন'বেল বঁটা বিজয়ী বিজ্ঞানী। (মৃত্যু. ১৯৪২)
- ১৮৭৭ – হেৰমান হেস, জাৰ্মান ন'বেল বঁটা বিজয়ী সাহিত্যিক তথা কবি। (মৃত্যু ১৯৬২)
- ১৯৮৩ - সুহাস ললিনাকেৰী য়াথিৰাজ, ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
মৃত্যু
- ১৭৫৭ - চিৰাজ-উদ-দৌলা, বংগৰ অন্তিম স্বাধীন নৱাব আছিল।
- ১৭৭৮ - জঁ-জাক ৰুছ’, চমুকৈ ৰুছো, ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ, চুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক।
- ১৮৪৩ - চেমুৱেল হ্যানিমেন, জাৰ্মানীৰ হোমিওপেথিক ঔষধৰ আবিষ্কাৰক।
- ১৯৬১ - আৰ্নেষ্ট হেমিংৱে, আমেৰিকান উপন্যাসিক, ছুটিগল্প ৰচক আৰু সাংবাদিক।
- ১৯৫০ - ইউছুফ মেহেৰ আলী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজতান্ত্ৰিক নেতা। (তেওঁ ১৯৪২ চনত বোম্বাইৰ মেয়ৰ নিৰ্বাচিত হৈছিল। তেওঁ ৰাষ্ট্ৰীয় মিলিছিয়া, বোম্বাই যুৱ লীগ আৰু কংগ্ৰেছ সমাজতান্ত্ৰিক দলৰ প্ৰতিষ্ঠাপক আছিল।)
- ২০২২ - তুলসী ওজা, অসমীয়া লোক কৃষ্টিৰ সাধক, ঢোলৰ ওজা তথা প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক। ১
দিৱস
- বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস।
- স্বাধীনতা দিৱস - বাহিয়া
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক. (২ জুলাই, ২০২২). ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক তুলসী ওজা আৰু নাই…. www.asomiyapratidin.in. অসমীয়া প্ৰতিদিন, গুৱাহাটী, অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২ জুলাই” প্ৰবন্ধৰ সংশোধন ৪৪৮২৬৭ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।