অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেন ঝাও

বেন ঝাও (Ban Zhao, চীনা ভাষাত: 班昭; ৪৫ বা ৪৯ – প্ৰায় ১১৭/১২০ খ্ৰীষ্টাব্দ) এগৰাকী চীনা ইতিহাসবিদ, দাৰ্শনিক আৰু ৰাজনীতিবিদ। তেওঁ আছিল প্ৰথমগৰাকী পৰিচিত চীনা ইতিহাসবিদ আৰু এপিডাউৰাছৰ পেম্ফাইলৰ সৈতে প্ৰথম পৰিচিত মহিলা ইতিহাসবিদসকলৰ ভিতৰত অন্যতম।

হালনাগাদ: ১ অক্টোবৰ ২০২৬ ৪৪৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বেন ঝাও (Ban Zhao, চীনা ভাষাত: 班昭; ৪৫ বা ৪৯ – প্ৰায় ১১৭/১২০ খ্ৰীষ্টাব্দ) এগৰাকী চীনা ইতিহাসবিদ, দাৰ্শনিক আৰু ৰাজনীতিবিদ। তেওঁ আছিল প্ৰথমগৰাকী পৰিচিত চীনা ইতিহাসবিদ আৰু এপিডাউৰাছৰ পেম্ফাইলৰ সৈতে প্ৰথম পৰিচিত মহিলা ইতিহাসবিদসকলৰ ভিতৰত অন্যতম। পশ্চিম হানৰ ইতিহাসৰ ওপৰত তেওঁ ভাতৃ বেন গুৰ কিতাপ দ্য বুক অৱ হান সম্পূৰ্ণ কৰিছিল। তেওঁ মহিলাৰ আচৰণৰ ওপৰত প্ৰভাৱশালী গ্ৰন্থ লেচনছ ফৰ উইমেনো লিখিছিল। জ্যোতিৰ্বিজ্ঞান আৰু গণিতৰ প্ৰতিও তেওঁৰ অতি আগ্ৰহ আছিল আৰু কবিতা, স্মৃতিগ্ৰন্থ, যুক্তি, ধাৰাবাহিক, ৰচনা আৰু কেইবাখনো দীঘলীয়া গ্ৰন্থ লিখিছিল,১ যাৰ বেছিভাগেই বৰ্তমান উপলব্ধ নহয়। তেওঁ চীনৰ আটাইতকৈ বিখ্যাত মহিলা পণ্ডিত২ আৰু সাম্ৰাজ্যবাদী পৰিয়ালৰ জন্মগ্ৰহণৰ বাবে তেওঁ তাওবাদী যৌন প্ৰথাৰ প্ৰশিক্ষক হৈ পৰে।৩ বেন ঝাওক জিন গুলিয়াঙৰ ৱু শ্বুয়াং পু (無雙譜, বেতনহীন নায়কৰ তালিকা)ত চিত্ৰিত কৰা হৈছে।

পৰিয়াল

বেন ঝাওৰ জন্ম হৈছিল ছানচি প্ৰদেশৰ আধুনিক চিয়ায়াঙৰ ওচৰৰ আনলিঙত। চৈধ্য বছৰ বয়সত তেওঁ কাও চিছু নামৰ স্থানীয় লোক এজনক বিয়া কৰাইছিল আৰু বিবাহসূত্ৰে তেওঁৰ নাম আইনীভাৱে মেডাম কাওলৈ (曹大家) সলনি হয়। অৱশ্যে কম বয়সতে তেওঁৰ স্বামীৰ মৃত্যু হয়। তথাপি তেওঁ পুনৰ বিবাহ নকৰাই, নিজৰ জীৱনটো বৃত্তিৰ বাবে উৎসৰ্গা কৰিলে।৪ বিখ্যাত ইতিহাসবিদ বেন বিয়াওৰ কন্যা আৰু জেনেৰেল বেন চাও আৰু ইতিহাসবিদ বেন গুৰ তেওঁ কনিষ্ঠা ভগ্নী আছিল। তেওঁ উল্লেখযোগ্য পণ্ডিত আৰু কবি কনচৰ্ট বেনৰ নাতিও আছিল।

কৰ্মৰাজি

上官周}} অঁকা বেন ঝাওৰ ছবি
上官周}} অঁকা বেন ঝাওৰ ছবিছবি: Public domain

পশ্চিম হানৰ চৰকাৰী বংশগত ইতিহাস হান্সু (漢書, আক্ষৰিক অৰ্থত "[পূৰ্বৰ] হানৰ কিতাপ") সম্পূৰ্ণ কৰাত আৰু কিতাপখনৰ প্ৰচাৰত বেন ঝাওৱে বহুখিনি অৰিহণা যোগাইছিল। সম্ৰাটৰ বিধৱা পত্নী সম্ৰাজ্ঞী ডুৰ পৰিয়ালৰ সৈতে জড়িত হোৱাৰ বাবে কাৰাগাৰত থকা অৱস্থাতে ৯২ বছৰত বেন গুৰ মৃত্যুৰ পিছত বেন ঝাওৱে বাবিয়াওৰ হেৰাই যোৱা অংশটো (八表 আঠটা টেবুল) সমাধা কৰি কামটো সমাপ্ত কৰাত সহায় কৰে। তেখেতে সম্ৰাটৰ মাতৃৰ বংশাৱলী যোগ কৰি বহু তথ্য দিছিল যিবোৰ সাধাৰণতে সংৰক্ষণ কৰা হোৱা নাছিল। পিছলৈ মা জুৱে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত এক বিশেষ লেখা (天文志) যোগ কৰি হান্সুক এখন সম্পূৰ্ণ গ্ৰন্থ কৰি তুলিলে।

বেন ঝাওৱে মহিলাৰ বাবে বিভিন্ন শিক্ষামূলক পাঠ্যও লিখিছিল। নাৰীৰ শিক্ষা সম্পৰ্কীয় এই পাঠ্যসমূহ বেন ঝাওৰ পৰিয়ালৰ কন্যাসকলৰ বাবে উৎসৰ্গা কৰা হৈছিল যদিও তৎক্ষণাত সমাজত এইসমূহ প্ৰচাৰিত হৈছিল আৰু ইয়াৰ প্ৰভাব সুদুৰপ্ৰসাৰী আছিল। চীনত মহিলাৰ আচৰণৰ পথ প্ৰদৰ্শক হিচাপে এইবোৰ যুগ যুগ ধৰি জনপ্ৰিয় আছিল।৫

তথ্যসূত্ৰ

  • Bennet Peterson, Barbara. (2000). Notable Women of China: Shang Dynasty to the Early Twentieth Century. M.E. Sharpe, Inc
  • Hinsch, Bret. (2014). Berkshire Dictionary of Chinese Biography. Berkshire. পৃ. 222–235. ISBN 978-1933782-66-9
  • Donawerth, Jane. (2002). Rhetorical Theory by Women Before 1900. Rowman & Littlefield Publishers. পৃ. 337. ISBN 978-0-7425-1717-2
  • Perkins, Dorothy. (2000). Encyclopedia of China: The Essential Reference to China, Its History and Culture. Roundtable Press. ISBN 0-8160-2693-9
  • Wang, Robin. (2003). Images of women in Chinese thought and culture: writings from the pre-Qin. Hackett Publishing Company
  • Zhao, Ban. "Excerpts From Admonitions for Women".
  • Goldin, Paul R. “Ban Zhao in Her Time and in Ours.” After Confucius: Studies in Early Chinese Philosophy, University of Hawai’i Press, 2005, pp. 112–18.

তথ্যসূত্ৰ

  1. ↑ Wang 2003, পৃ. 177
  2. ↑ Perkins 2000, পৃ. 25
  3. ↑ Gender and Sexuality in Modern Chinese History By Susan L. Mann page 88
  4. ↑ Bennet Peterson 2000, পৃ. 99
  5. ↑ Donawerth 2002, পৃ. 14

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিইতিহাসবিদদাৰ্শনিকৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেন ঝাও” প্ৰবন্ধৰ সংশোধন ৬৪০৫১২ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।