মাও জেদং (Mao Zedong) চীন দেশৰ এজন ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে চীন দেশৰ য়ুনান প্ৰদেশৰ (Hunan Province) ছাও ছান (Shaoshan) নামে ঠাইৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে।১২৩৪ খেতিয়কৰ সন্তান মাওক দেউতাকে খেতিয়ক হোৱাটোকে বিচাৰিছিল। কিন্তু শিশু অৱস্থাৰ পৰাই সকলো কথাৰ প্ৰতি সূক্ষ্মদৃষ্টি সম্পন্ন মাওৱে ছাত্ৰাৱস্থাতে উপলব্ধি কৰে যে পৃথিৱীৰ বৃহত্তম জনগোষ্ঠীটোৰ কৃষক শ্ৰমিক সকলৰ দুখ দৈন্য আঁতৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ বহুতো কৰিবলগীয়া আছে। তেওঁ লগতে এইটোও উপলব্ধি কৰে যে শ্ৰমিক শ্ৰেণীৰ জৰ্জড়িত জীৱনৰ যন্ত্ৰণা দূৰ কৰাৰ একমাত্ৰ উপায় বিপ্লৱ। সেয়ে তেওঁ তেওঁৰ উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজনীয় শিক্ষা আহৰণত গুৰুত্ব দিয়ে আৰু দেউতাকে তেওঁ শিক্ষা গ্ৰহণৰ বাবে খৰচ যোগাবলৈ অমান্তি হোৱাত মাওৱে তেওঁৰ বন্ধুবৰ্গৰ পৰা টকা ধাৰ কৰি নিজৰ অধ্যয়নৰ খৰচ যোগাৰ কৰে।
পৃথিৱীৰ এক তৃতীয়াংশ জনতাৰ ভাগ্য পৰিবৰ্তনৰ ইপ্সিত লক্ষ্য আগত ৰাখি মাওৱে প্ৰথমতে অধ্যয়ন কৰিবলৈ লয় চীনৰ অতীত ইতিহাস। এই সময়ত মাওক বুৰঞ্জীৰ দুটা ঘটনাই বৰকৈ আকৃষ্ট কৰে। এটা হ’ল ১৮৫০ চনৰ পৰা ১৮৬৫ চনলৈ টাইপিং (Taiping) বিপ্লৱৰ নেতাসকলৰ নেতৃত্বত শ্ৰমিক শ্ৰেণী মুক্ত হ’বলৈ চলোৱা প্ৰচেষ্টা আৰু আনটো হ’ল চানয়েট চেনৰ নেতৃত্বত মাঞ্চু শাসকৰ বিৰুদ্ধে মুক্তি অভিযান।৫
১৯১৯ চনত, ২৬ বছৰ বয়সত মাওৱে সমগ্ৰ চীন ভ্ৰমণৰ অন্তত ছাংহাইত উপস্থিত হয় আৰু প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ আৰু ফৰাচী মিত্ৰ গোষ্ঠীয়ে চীনৰ প্ৰতি বিশ্বাসঘাতকতা কৰাৰ প্ৰতিবাদত ছাত্ৰ সকলে আৰম্ভ কৰা বিক্ষোভ প্ৰদৰ্শনত যোগ দিয়ে।
কৰ্ম আৰু ৰাজনৈতিক জীৱন

ইয়াৰ পিছত ১৯২১ চনত মাও জে দং চীন কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা চে-টু-ছিওৰ (Chen-Tu-Hsiu) সান্নিধ্যলৈ আহে আৰু কমিউনিষ্ট ভাৱাদৰ্শ গ্ৰহণ কৰি ছাংহাইত অনুষ্ঠিত চীন কমিউনিষ্ট পাৰ্টিৰ সভাত যোগ দিয়ে।
১৯২৬ চনত চীনৰ শাসনভাৰ চিয়াং কাই চেকৰ নেতৃত্বাধীন কুমিণ্টাং দলৰ হাতলৈ যায়। এই সময়ত মাও-চে দঙৰ ৰাজনৈতিক কাৰ্য্যদক্ষতালৈ লক্ষ্য কৰি কুমিয়েণ্টাং শাসক বৰ্গই তেওঁক চৰকাৰী প্ৰচাৰ বিভাগৰ পৰিচালন সঞ্চালক পদত নিয়োগ কৰাৰ লগতে, জাতীয় কৃষক আন্দোলন অনুষ্ঠানৰ মুৰব্বী নিযুক্ত কৰে। কিন্তু ইয়াৰ এবছৰৰ ভিতৰতে কৃষক আন্দোলন অনুষ্ঠানৰ ওপৰত যুগুতোৱা মাও জেদংৰ এখন প্ৰতিবেদন (Report on an Investigation into the peasant Movement in Unan) ৰ ভিত্তিত তেওঁক প্ৰতিক্ৰিয়াশীল আখ্যা দি পলিটবুৰো আৰু পাৰ্টি কমিটীৰ পৰা নিলম্বিত কৰা হয়। অৱশ্যে ইয়াৰ লগে লগেই মাওৰ নেতৃত্বত আৰম্ভ হয় এটা কৃষক আন্দোলন। তেওঁ য়ুনান প্ৰদেশৰ কৃষকসকলক সংঘবদ্ধ কৰি আৰম্ভ কৰা এই আন্দোলন অৱশ্যে বেছিদিন চলিবলৈ নাপালে। কুমিণ্টাং শাসনে এই আন্দোলন অতি নিষ্ঠুৰভাবে দমন কৰে আৰু মাও জেদংক বন্দী কৰি তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়ে। বন্দী অৱস্থাৰ পৰা মাও পলাই সাৰে আৰু এহেজাৰ জনমান কৃষক বিপ্লৱীক লগত লৈ ছিঙকাংছাঙ বৰফে আবৰা দুৰ্গম অঞ্চলত আশ্ৰয় লয়গৈ আৰু তাৰ পৰাই পৰিচালনা কৰিবলৈ লয় তেওঁৰ আন্দোলনৰ কাৰ্য্যসূচী। ছিঙকাংছাঙত এই ভাৱে থাকোঁতেই ১৯২৮ চনৰ মে মাহত তেওঁৰ বিৰুদ্ধে এটা কুমিয়েণ্টাং সৈন্যদল পঠোৱা হয়। কিন্তু মাওৰ দলৰ হাতত এই সৈন্য দলৰ শোচনীয় পৰাজত ঘটে আৰু পৰাস্ত হোৱা সৈন্য সকলৰ সকলো অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি মাৱে তাৰ সহায়ত গঠন কৰে লাল সৈনিক প্ৰথম বাহিনী। এই সময়ত মাওৰ কাৰ্য্যকলাপে ছোভিয়েত নেতৃবৰ্গৰ দৃষ্টি আকৰ্ষণ কৰে আৰু মস্কোত অনুষ্ঠিত ছোভিয়েত কমিউনিষ্ট পাৰ্টিৰ ষষ্ঠ কংগ্ৰেছৰ অধিবেশনত মাও জেদংক কেন্দ্ৰীয় কমিটি আৰু পলিটবুৰ’ৰ সদস্য ভুক্ত কৰা হয়।
১৯৩০ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯৩৩ চনৰ অক্টোবৰ মাহৰ ভিতৰত ছিয়াংকাই ছেকে মাও জেদংৰ বিপ্লৱী আস্থান ধ্বংস কৰিবৰ বাবে চাৰিটা সু-সজ্জিত সামৰিক আভিযান চলায় কিন্তু প্ৰতিবাৰেই কুমিয়েণ্টাং সেনাদল মাওৰ গেৰিলা বাহিনীৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। এই কেইটা কুমিয়েণ্টাং আভিযানক নিৰৰ্থক কৰি প্ৰমাণ কৰা লাল বাহিনীৰ কৃতকাৰ্য্যতাৰ গুৰিতেই আছিল মাওৰ ৰণনীতি, গেৰিলা ৰণ-কৌশল আৰু কঠোৰ নিয়মানুবৰ্তিতাৰ শাসন। অৱশ্যে স্থানীয় কৃষক জনগোষ্ঠী আৰু তেওঁৰ প্ৰধান সহায়ক চু-টেইৰ অৱদানো এই কৃতকাৰ্য্যতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।
মাও জেদংৰ বিপ্লৱী বাহিনীৰ বিৰুদ্ধে পঞ্চমটো অভিযান পঠোৱাৰ পূৰ্বে চিয়াংকাই ছেকে এইবাৰ জাৰ্মান সমৰবিদ সকলৰ সৈতে আলোচনাত বহি সমৰ কৌশল তৈয়াৰ কৰে। সেই অনুসৰি ১৯৩৪ চনৰ প্ৰথম ভাগতে প্ৰায় এক নিযুত সৈন্য মোতায়েন কৰে। এই বিপুল সংখ্যক সৈন্যই মাওৰ বিপ্লৱী বাহিনীৰ আস্থান চাৰিওফালৰ পৰা ঘেৰি ধৰে। কিন্তু ইতিমধ্যেই সেই আস্থান ত্যাগ কৰি লাল বাহিনী বহুদূৰলৈ আঁতৰি গৈ নতুন ছাউনী তৈয়াৰ কৰে। কুমিয়েণ্টাং বাহিনীৰ এই অভিযানো ব্যৰ্থ হয়। সেই বছৰৰে অক্টোবৰ মাহত মাও জেদংৰ নেতৃত্বত আৰম্ভ হয় ৰাজনৈতিক বুৰঞ্জীৰ এটি অভূতপূৰ্ব ঘটনা ’লং মাৰ্চ’। এবছৰ ধৰি নানান বিপদ বিঘিণিৰ মাজেদি চলা এই পদযাত্ৰাৰ অন্তত ১৯৩৫ চনৰ অক্টোবৰ মাহত মাওৰ দল উপস্থিত হয় উত্তৰ চেনছীত। ইয়াতেই আৰম্ভ হয় লাল বাহিনীৰ পুনৰ গঠন। গেৰিলা বাহিনীৰ পুনৰ গঠন, তেওঁলোকক শিক্ষাদান আৰু অন্যান্য কাৰ্য্যসূচী অব্যাহত ৰাখিও মাও জেদংে সমানে জনসংগঠনৰ কামো চলাই যায়। দেশ আৰু দেশৰ জনতাৰ খাতিৰত নিজ স্বাৰ্থত্যাগৰ তুলনাবিহীন আদৰ্শ দাঙি ধৰি পৰৱৰ্তী ১২ বছৰ কাল মাওৱে অতিবাহিত কৰে তেওঁৰ বৈপ্লৱিক কাৰ্য্যক্ষেত্ৰৰ প্ৰসাৰতা ঘটাই। ১৯৪৯ চনত ১ অক্টোবৰ তাৰিখে কমিউনিষ্ট নেতাসকল অগ্ৰসৰ হয় বেইজিংৰ ফালে, আৰু ৫৫ বছৰ বয়সত ভৰি দিয়া মহান জননেতা মাও জেদংক ’চেয়াৰমেন’ হিচাপে লৈ গঠিত হয় ’চেণ্ট্ৰেল পিপল্ছ গভৰ্ণমেণ্ট’। ৮০ কোটি জনতাই মাও জেদংক আদৰি লয়। বিশ্বৰ মুঠ জন সংখ্যাৰ এক তৃতীয়াংশ লোকৰ বসতি বৃহত্ চীনত প্ৰতিষ্ঠিত হয় কমিউনিষ্ট সাধাৰণ তন্ত্ৰ। দেশৰ শাসনভাৰ হাতত লৈ মাওৱে পূৰ্বতকৈ অধিক তত্পৰতাৰে কাম কৰিবলৈ লয়। কুমিয়েণ্টাং সকলৰ হাতত উৱলি যোৱা অৰ্থনীতি টনকিয়াল কৰাৰ দিশত। মাৱে তেওঁৰ সৰ্বশক্তি প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ আঁচনি কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত উঠি পৰি লাগে। ইয়াৰ পিছতে আৰম্ভ হয় সাংস্কৃতিক বিপ্লৱ। মাওৰ চিন্তা ভাৱনা কেন্দ্ৰীভূত হয় দেশৰ সৰ্বাঙ্গীণ উন্নতিৰ লক্ষ্যত।
মৃত্যু
১৯৪৯ চনত ক্ষমতা দখল কৰাৰ পৰা সুদীৰ্ঘ ২৭ বছৰ কাল দেশক সফল নেতৃত্ব দিয়াৰ লগতে বহুতো সঙ্কটৰ পৰা ৰক্ষা কৰাৰ অন্তত ১৯৭৬ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। বহুতো ক্ষেত্ৰত তেওঁ শাসন কালতেই আন্তৰ্জাতিক মত বিৰোধৰ সৃষ্টি হয় যদিও তেওঁ কোনো বাহিৰা শক্তিৰ কথালৈ কৰ্ণপাত নকৰি কেৱল দেশৰ বাবে মঙ্গলজনক কৰ্তব্য সমূহ সমাধান কৰি গৈছিল।
তথ্য সংগ্ৰহ
গ্ৰন্থপঞ্জী
- Carter, Peter. (1976). Mao. Oxford University Press. ISBN 978-0192731408
- Chang, Jung; Halliday, Jon. (2005). The Unknown Story. Ted Smart. ISBN 978-0224071260
- Dikötter, Frank. (2010). ((Mao's Great Famine|Mao's Great Famine: The History of China's Most Devastating Catastrophe, 1958–62)). Bloomsbury Publishing PLC. ISBN 978-0747595083
- Feigon, Lee. (2002). Mao: A Reinterpretation. Ivan R. Dee. ISBN 978-1566634588
- Gao, Mobo. (2008). The Battle for China's Past: Mao and the Cultural Revolution. Pluto Press. ISBN 978-0745327808
- Hollingworth, Clare. (1985). Mao and the Men Against Him. Jonathan Cape. ISBN 978-0224017608
- Li, Zhisui. (1994). ((The Private Life of Chairman Mao|The Private Life of Chairman Mao: The Memoirs of Mao's Personal Physician)). Random House. ISBN 978-0701140186
- MacFarquhar, Roderick; Schoenhals, Michael. (2008). Mao's Last Revolution. Harvard University Press. ISBN 978-0674027480
- Schram, Simon. (1966). Mao Tse-Tung. Penguin Books. ISBN 978-0140208405
বাহ্যিক সংযোগ
সাধাৰণ
- Asia Source biography
- ChineseMao.com: Extensive resources about Mao Zedong
- CNN profile
- Collected Works of Mao at the Maoist Internationalist Movement
- Mao quotations
- Mao Zedong Reference Archive at marxists.org
- Oxford Companion to World Politics: Mao Zedong
- Spartacus Educational biography
- Bio of Mao at the official Communist Party of China web site
মন্তব্য
- Discusses the life, military influence and writings of Chairman Mao ZeDong.
- What Maoism Has Contributed
- China must confront dark past, says Mao confidant
- Mao was cruel – but also laid the ground for today's China
- On the Role of Mao Zedong
- Propaganda paintings showing Mao as the great leader of China
- Remembering Mao's Victims
- Mao Tse Tung: Leader, Killer, Icon
- Mao's Great Leap to Famine
- Finding the Facts About Mao's Victims
- Remembering China's Great Helmsman
- Did Mao Really Kill Millions in the Great Leap Forward?
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাও জেদং” প্ৰবন্ধৰ সংশোধন ৬৩১৭২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।