অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এডল্ফ হিটলাৰ

এডল্ফ হিটলাৰ (Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯ – ৩০ এপ্ৰিল ১৯৪৫) মানৱ-ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোকসকলৰ মাজৰ এজন, তৃতীয় ৰেইকৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২,৫৯৫ শব্দ · ১৪ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

এডল্ফ হিটলাৰ (Adolf Hitler; ২০ এপ্ৰিল ১৮৮৯ – ৩০ এপ্ৰিল ১৯৪৫) মানৱ-ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোকসকলৰ মাজৰ এজন, তৃতীয় ৰেইকৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।

জন্ম আৰু ল’ৰালি

১৮৮৯ চনৰ ২০ এপ্ৰিলত অষ্ট্ৰিয়াৰ ব্ৰাউনাউ আম ইনত হিটলাৰৰ জন্ম হয়। অষ্ট্ৰিয়াৰে লিনজ চহৰত তেওঁ শিক্ষা লাভ কৰে। সৰুকালত তেওঁ এজন চিত্ৰকাৰ হ’বলৈ ইচ্ছা কৰিছিল, কিন্তু সেই উদ্দেশ্যত সফলকাম হ’ব পৰা নাছিল। এই সময়ছোৱাত তেওঁ জীৱনধাৰণৰ বাবে নানান সৰু-সুৰা কাম কৰিছিল বুলি জনা যায়। তেওঁ অষ্ট্ৰিয়াত থাকিলেও নিজকে জাৰ্মান নাগৰিক বুলিহে গণ্য কৰিছিল, আৰু অ-জাৰ্মানসকলক ঘৃণা কৰা আৰম্ভ কৰিছিল। ১৯১৩ চনত হিটলাৰে জাৰ্মানীৰ হৈ প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰে। এই যুদ্ধত তেওঁ আঘাতপ্ৰাপ্তও হয়। যুদ্ধৰ পৰা ঘূৰি আহি হিটলাৰে এখন বিধ্বস্ত জাৰ্মানী দেখা পায়।

ৰাজনীতিত প্ৰৱেশ

১৯২০ চনত হিটলাৰে নাজী নামেৰে পৰিচিত জাৰ্মান শ্ৰমিক দলত যোগদান কৰে। নাজীসকলে পৃথিৱীৰ সকলো জাৰ্মানকে একেলগ হৈ এখন শক্তিশালী জাৰ্মানী গঢ়ি তুলিবলৈ আহ্বান জনায়। খুব কৌশলী বক্তা হোৱাৰ সুবাদত সোনকালেই হিটলাৰে নাজীৰ নেতৃত্ব লাভ কৰে আৰু ইয়াৰ সদস্যৰ সংখ্যা তীব্ৰগতিত বঢ়াবলৈ সক্ষম হয়। হিটলাৰে লাহে লাহে এক সৈন্যদলো তৈয়াৰ কৰে আৰু এই সৈন্যৰ সহায়ত বাভাৰিয়ান চৰকাৰক ওফোৰাই পেলাবলৈ চেষ্টা কৰে। যদিও এই প্ৰচেষ্টা বিফল হয় আৰু হিটলাৰক কাৰাৰুদ্ধ কৰা হয়। কাৰাগাৰত থকা অৱস্থাতে তেওঁ মেইন কাম্ফ বা মোৰ সংগ্ৰাম নামৰ কিতাপ এখন লিখি উলিয়ায়; য’ত তেওঁ এক শক্তিশালী জাৰ্মানী গঢ়ি তোলাৰ অৰ্থে নিজৰ পৰিকল্পনাসমূহ ব্যক্ত কৰে। কাৰাগাৰৰ পৰা ওলাই তেওঁ পুনৰ নাজী দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰি তোলাৰ চেষ্টাত ব্ৰতী হয়।

"Madame Tussauds London" সংগ্ৰহালয়ত থকা হিটলাৰৰ ম’মৰ প্ৰতিমূৰ্ত্তি
"Madame Tussauds London" সংগ্ৰহালয়ত থকা হিটলাৰৰ ম’মৰ প্ৰতিমূৰ্ত্তিছবি: Mvkulkarni23 · CC BY-SA 3.0

ৰাজনৈতিক ক্ষমতালাভ

১৯৩০ চনত অৰ্থনৈতিক মন্দাৱস্থাই জাৰ্মানীক জুৰুলা কৰে আৰু এই সময়ছোৱাতে হিটলাৰৰ নাজী দল নিৰ্বাচনত জিকি ক্ষমতালৈ আহে। জাৰ্মানীৰ চাঞ্চেলৰ হোৱাৰ লগে লগে হিটলাৰে নিজৰ সাংবিধানিক ক্ষমতা বঢ়াই জাৰ্মানীৰ একচ্ছত্ৰী নেতা হিচাপে পৰিগণিত হয়, আৰু নিজকে ফ্যুহাৰ বুলি পৰিচয় দিয়ে।

তৃতীয় ৰেইখ

হিটলাৰৰ চৰকাৰক তৃতীয় ৰেইক বুলি জনা গৈছিল, আৰু এই ৰেইকে ব্যক্তি স্বাধীনতাৰ পোষকতা নকৰিছিল। নাগৰিকসকলৰ জীৱনৰ সকলো দিশেই ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল। ফ্যুহাৰ হিচাপে হিটলাৰে এজন নিকা আৰ্য্য জাৰ্মানী গঢ়ি তুলিবলৈ ইহুদী, নিগ্ৰো, জীপচী আৰু শাৰীৰিক আৰু মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ পৰা পৃথিৱীখন মুক্ত কৰিব লাগিব বুলি জাৰ্মানীৰ জনগণক পতিয়ন নিয়াবলৈ সক্ষম হয়।

দ্বিত্বীয় বিশ্বযুদ্ধ

মূল প্ৰবন্ধ: দ্বিতীয় বিশ্বযুদ্ধ

হিটলাৰে ১৯৩৯ চনত পোলেণ্ড আক্ৰমণ কৰাৰ ফলশ্ৰুতিতেই দ্বিত্বীয় বিশ্বযুদ্ধৰ সূত্ৰপাত হয়। মানৱ-ইতিহাসৰ সবাতোকৈ ঘাটক এই মহাসমৰত পৃথিৱীৰ প্ৰায় সকলো দেশেই জড়িত হৈ পৰে। ১৯৪৫ চন মিত্ৰশক্তিয়ে সন্মিলিত প্ৰচেষ্টাৰে হিটলাৰৰ আগ্ৰাসনৰ অন্ত পেলায়।

বৈবাহিক জীৱন

ৰাজহুৱাভাৱে হিটলাৰে ঘোষণা কৰিছিল যে তেওঁ কোনো সম্বন্ধৰ বান্ধোনত নোসোমায় আৰু নিজৰ জীৱন দেশৰ বাবে উছৰ্গা কৰিব। ১৯২৯ চনত তেওঁ ইভা ব্ৰাউন নামৰ এগৰাকী মহিলাক লগ পায় আৰু বহুদিন একেলগে কটোৱাৰ পাছত ১৯৪৫ চনত মৃত্যুৰ আগদিনা ইভাক বিবাহ কৰে। এই বংশৰ শেষ জীৱিত ব্যক্তি প’লা হিটলাৰৰ ১৯৬০ চনত মৃত্যু হয়।

মৃত্যু

দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানী আৰু ইয়াৰ মিত্ৰজোঁটৰ পৰাজয়ত হতাশ হৈ হিটলাৰে ১৯৪৫ চনৰ ৩০ এপ্ৰিলত ইভা ব্ৰাউনৰ সৈতে একেলগে আত্মহত্যা কৰে।

তথ্য সংগ্ৰহ

উৎস

Online

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰিয়াৰ ব্যক্তিজাৰ্মানীৰ ব্যক্তিৰাজনীতিবিদশাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডল্ফ হিটলাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৭৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।