এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৪৯ - মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত নাথুৰাম গডছে আৰু নাৰায়ণ দত্তাত্ৰেয় আপ্তেক আম্বালা জেলত ফাঁচি দিয়া হয়।
- ১৯৮৩ - চাইপ্ৰাছে স্বাধীনতা লাভ কৰে।
- ২০০০ - অসমৰ সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰে।
- ২০০০ - ঝাৰখণ্ডক ভাৰতৰ ২৮ সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হয়।
- ২০০৭ - বাংলাদেশত হোৱা ঘূৰ্ণী বতাহত প্ৰায় ৭০০০ মানুহৰ মৃত্যু হয়।
জন্ম
- ১৮৬৬ - কৰ্ণেলিয়া সৰাবজী, ভাৰতীয় বিদুষী মহিলা।
- ১৮৭৫ - বীৰচা মুণ্ডা, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৯৪ - বাণীকান্ত কাকতি, অসমীয়া ভাষাবিদ, গৱেষক তথা সাহিত্যিক।
- ১৯২৩ - ড° গোলোকচন্দ্ৰ গোস্বামী, অসমৰ ভাষাত্ত্ববিদ, গৱেষক।
- ১৯৭০ - বিদিতা অশোক বৈদ্য, ভাৰতীয় স্নায়ুবিজ্ঞানী।
- ১৯৮৬ - ছানিয়া মিৰ্জা, আন্তৰ্জাতিক ভাৰতীয় মহিলা টেনিচ খেলুৱৈ।
মৃত্যু
- ১৬৩০ - জহান্স কেপলাৰ, জাৰ্মান জ্যোতিৰ্বিজ্ঞনী।
- ১৯১৭ - ইমিল ডাৰখাইম, ফৰাচী সমাজতত্ত্ববিদ।
- ১৯৮২ - বিনোৱা ভাৱে, ভূ-দান আন্দোলনৰ নেতা।
- ১৯৮৭ - শ্যামল মিত্ৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ২০১৫ - ছৈয়দ জাফৰি, ভাৰতীয় অভিনেতা।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৯১৫৩৯ (১৩ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।