বেইজিং হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন।১ জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ। ১৬ খন নগৰ, উপনগৰ আৰু গ্ৰাম্য জিলাৰ সৈতে উত্তৰ চীন অঞ্চল ৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰতক্ষ্য-সঞ্চালিত নগৰসমিতিৰ দ্বাৰা শাসন কৰা হয়।২ জিনজিনজি চীনৰ নগৰসমিতি অঞ্চল আৰু চীনৰ দিল্লীৰ সৈতে বেইজিং নগৰসমিতি, দক্ষিণৰ টিয়ানজিন নগৰসমিতিক বাদ দি হেবাই প্ৰভিডেন্সৰ দ্বাৰা আগুৰি আছে।৩
নগৰৰ জনসংখ্যাৰ দিশৰ পৰা বেইজিং হৈছে ছাংহাইৰ পিছতেই চীনৰ দ্বিতীয় জনবহুল নগৰ। ই চীনৰ ৰাজনৈতিক, সাংস্কৃতিক, শিক্ষাৰ প্ৰধান প্ৰাণ কেন্দ্ৰ।৪ চীনৰ বহুসংখ্যক ৰাষ্টীয় উদ্যোগৰ গৃহ চহৰ হৈছে বেইজিং। তদুপৰি ই হৈছে চীনৰ ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছৱে, ৰেলপথ, আৰু উচ্চ-গতিৰ ৰেল সংযোগৰ প্ৰধান কেন্দ্ৰস্থল। বেইজিঙৰ বেইজিং কেপিটেল ইণ্টাৰনেচনেল এয়াৰপৰ্ট হৈছে পৃথিৱীৰ এটা অন্যতম অতি ব্যস্ত বিমান বন্দৰ।৫
বেইজিঙৰ ইতিহাস প্ৰায় তিনি হেজাৰ বছৰ পুৰণি। যোৱা আঠ শতিকা ধৰি ৰাজনৈতিক কেন্দ্ৰস্বৰূপ বেইজিং চীনৰ চাৰিখন মহান ঐতিহাসিক ৰাজধানীৰ অন্যতম।৬ নগৰ খন ইয়াৰ ঐতিহ্যমণ্ডিত অট্টালিকা, মন্দিৰ, উদ্যান, ট'ম্ব, প্ৰাচীৰ আৰু তোৰণসমূহৰ বাবে প্ৰখ্যাত,৭ আৰু ইয়াৰ কলা সংগ্ৰহ আৰু বিশ্ববিদ্যালয়বোৰে ইয়াক চীনৰ কলা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।৭ এনচাইক্ল'পিডিয়া ব্ৰিটেনিকাৰ টোকা মতে "চীনৰ এই চহৰখনৰ দৰে ৰাজনৈতিক মুখ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে কাম কৰা নগৰ পৃথিৱীত কেইখন মাহহে আছে।"৮ বেইজিঙৰ সাতটা অঞ্চল ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছে – ফ'ৰবিডেন চিটি, টেম্পল অৱ হেভেন, ছামাৰ পেলেচ, মিং ট'ম্বছ্, ঝ'ক'ডিয়ান, বৃহৎ প্ৰাচীৰ, আৰু গ্ৰাণ্ড কেনেল।৯
গীষ্মকালীন অলিম্পিক ২০০৮ বেইজিঙত অনুস্থিত হৈছিল আৰু শীতকালীন অলিম্পিক ২০২২ও ইয়াতেই অনুস্থিত কৰা হ'ব। ইয়াৰ ফলত চহৰখন দুয়োপ্ৰকাৰৰ অলিম্পিক অনুস্থিত কৰা পৃথিৱীৰ একমাত্ৰ চহৰৰূপে পৰিগণিত হ'ব।১০
প্ৰাক ইতিহাস
ফাংচান জিলাৰ জুক'ডিয়ান গাঁওৰ কাষৰ ড্ৰেগন ব'ন পৰ্বতৰ গুহাবোৰত বেইজিং নগৰ সমিতিৰ অতীতৰ "পিকিং মেন"ৰ বসবাসৰ প্ৰমান পোৱা গৈছে। এই গুহাসমূহৰ পৰা ২,২৩,০০০ ৰ পৰা ২,৫০,০০০ বছৰ পুৰণি "হ'ম' ইৰেকটাছৰ জীৱাশ্ম উদ্ধাৰ কৰা হৈছে। শেহতীয়াকৈ প্ৰায় ২০,০০০ বছৰ আগতে ইয়াত পস্থৰ যুগৰ হ'ম' ছেপিয়েনছ বাস কৰিছিল।১১ পুৰাতত্ববিদ সকলে সমগ্ৰ নগৰখনত নামনি বেইজিঙৰ ৱাংফুজিঙকে ধৰি বহু নিউলিথিক ভংগ্নাশৱশেষ উদ্ধাৰ কৰিছে।
বৰ্তমান আধুনিক বেইজিঙৰ বেইজিং ৱেষ্ট ৰেলৱে ষ্টেচনৰ দক্ষিণত অৱস্থিত, খ্ৰীষ্টপূৰ্ৱ ১১শ ৰ পৰা ৭ম শতিকা পৰ্যন্ত ৰাষ্ট্ৰীয় ৰাজধানীৰূপে থকা চীনৰ জি হৈছে বেইজিঙৰ প্ৰথম প্ৰাচীৰ চহৰ।১২ পিছলৈ ইয়াক ষ্টেট অৱ য়ানে অধিকাৰ কৰে আৰু য়েনজিংত ৰাজধানী স্থাপন কৰে।১৩
তথ্যসূত্ৰ
- ↑ Beijing population reaches 21 million. Global Times
- ↑ Figures based on 2006 statistics published in 2007 National Statistical Yearbook of China and available online at 2006年中国乡村人口数 中国人口与发展研究中心 (archive). Retrieved 21 April 2009
- ↑ Basic Information. Beijing Municipal Bureau of Statistics
- ↑ (2008). Beijing. The Columbia Encyclopedia
- ↑ (23 June 2014). Year to date Passenger Traffic. Airports Council International
- ↑ Peking (Beijing). Encyclopædia Britannica. পৃ. 468
- ↑ Beijing. World Book Encyclopedia. 2008
- ↑ Beijing. Encyclopædia Britannica. Encyclopædia Britannica Online
- ↑ (Chinese) 走进北京七大世界文化遗产--千龙网 18 August 2014
- ↑ ASSOCIATED PRESS. (31 July 2015). IOC: Beijing To Host 2022 Winter Olympics. The Huffington Post
- ↑ The Peking Man World Heritage Site at Zhoukoudian
- ↑ Beijing's History. China Internet Information Center
- ↑ Haw, Stephen. Beijing: A Concise History. Routledge, 2007. p. 136
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেইজিং” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৬৫ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।