ব্ৰাজিল, যাৰ আধিকাৰিক নাম ফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল, দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ। ভৌগোলিক আকাৰ আৰু জনসংখ্যা দুয়ো দিশৰ পৰাই ই পৃথীৱীৰ পঞ্চম সৰ্ববৃহৎ দেশ। ইয়াৰ জনসংখ্যা ১৯২ মিলিয়ন।১২ তদুপৰি ব্ৰাজিল আমেৰিকা মহাদেশৰ একমাত্ৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ পৰ্তুগীজভাষী দেশ।১
পূব দিশত আটলাণ্টিক মহাসাগৰেৰে আৱৰা ব্ৰাজিলৰ তটৰেখা ৭৪৯১ কি.মি. দীঘল।১ উত্তৰে ভেনিজুৱেলা, গায়ানা, ছুৰিনাম আৰু ফ্ৰেন্স গায়ানাৰ ফৰাচী উপনিবেশ, উত্তৰ-পশ্চিমে কলম্বিয়া, পশ্চিমে ব'লিভিয়া আৰু পেৰু, দক্ষিণ-পশ্চিমে আৰ্জেণ্টিনা আৰু পাৰাগুৱে আৰু দক্ষিণে উৰুগুৱে অৱস্থিত। ইয়াৰ উপৰিও ফাৰ্ণাণ্ড’ডে ন’ৰ’ন্হা, ৰ’কাছ এটল, ছেইণ্ট পিটাৰ আৰু প’ল ৰক্স, আৰু ট্ৰিণ্ডাডে আৰু মাৰ্টিম ভাজ আদি বহুতো দ্বীপপুঞ্জ ব্ৰাজিলৰ অন্তৰ্ভুক্ত।১ ইকুৱেডৰ আৰু চিলিৰ বাদে সকলো দক্ষিণ আমেৰিকীয় দেশৰে সীমা ব্ৰাজিলৰ লগত লাগি আছে।
১৫০০ খ্ৰীষ্টাব্দত পেড্ৰ’ এলভাৰেছ কাব্ৰালে এই ভূখণ্ডত পদাৰ্পণ কৰাৰ পাছত ১৮১৫ চনলৈকে ব্ৰাজিল পৰ্তুগালৰ উপনিবেশ আছিল, তাৰ পাছত ইয়াক এখন ৰাজতন্ত্ৰলৈ উন্নীত কৰা হয় আৰু “পৰ্তুগাল, ব্ৰাজিল আৰু এল্গাৰ্ভ্ছ সংযুক্ত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হয়। ১৮০৮ চনত নাপ’লেয়ই পৰ্তুগাল অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত “পৰ্তুগীজ ঔপনিবেশিক সাম্ৰাজ্যৰ” ৰাজধানী লিছ্বনৰ পৰা ৰিঅ’ ডে জেনিৰ’লৈ স্থানান্তিৰত কৰাত এই ঔপনিবেশীয় জোঁটবন্ধন ভাগি যায়।৩ ১৮২২ চনত ব্ৰাজিল স্বাধীন হয় আৰু সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদ ব্যৱস্থাৰে পৰিচালিত একক দেশ "ব্ৰাজিল সাম্ৰাজ্য" প্ৰতিষ্ঠা হয়। ১৮৮৯ চনত হোৱা এক সামৰিক অভ্যুত্থানৰ যোগে ৰাষ্ট্ৰখনত "ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ" প্ৰতিষ্ঠা হয়, যদিও ইয়াৰ দুতৰপীয়া সংসদ ব্যৱস্থা (আজিকালিৰ কংগ্ৰেছ) ১৮২৪ চনৰ প্ৰথম সংবিধানৰ দিনৰ পৰা চলি আহিছিল।৩ ১৯৮৮ চনত প্ৰবৰ্তন কৰা বৰ্তমানৰ সংবিধানে ব্ৰাজিলক এক যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ আখ্যা দিয়ে।৪২৬খন প্ৰদেশ আৰু ৫৫৬৪টা পৌৰ নিগমেৰে এই যুক্তৰাষ্ট্ৰ গঠিত কৰে।৪৫
নমিনেল জি.ডি.পি.-ৰ হিচাপত ব্ৰাজিলৰ অৰ্থনীতি বিশ্বৰ ভিতৰত ৬ষ্ঠ আৰু ক্ৰয় ক্ষমতা সাম্যৰ আধাৰত ৭ম(২০১১ চনত)।৬৭ ব্ৰাজিল পৃথিৱীৰ সকলোতকৈ ক্ষিপ্ৰ গতিৰে উন্নতি কৰা বৃহৎ অৰ্থনীতিবিলাকৰ অন্যতম। অৰ্থনৈতিক সংস্কাৰে ব্ৰাজিলক বিশ্বত এক উল্লেযোগ্য স্থানত অধীস্থিত কৰিছে।৮ ব্ৰাজিল ৰাষ্ট্ৰসংঘ, জি ২০, চি.পি.এল.পি., লেটিন সংঘ, Organization of Ibero-American States, ‘আমেৰিকীয় দেশসমূহৰ সংগঠন’, মাৰ্ক’ছুল আৰু দক্ষিণ আমেৰিকীয় জাতিসংঘ আদিৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে, দেশসমূহৰো এখন। ইয়াৰ বাদেও ব্ৰাজিল পৃথিৱীৰ ১৭খন জৈৱ-বিচিত্ৰ দেশৰ এখন, ইয়াত বন্যজীৱ, প্ৰাকৃতিক পৰিৱেশৰ লগতে ব্ৰাজিলৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল বিলাকত অফুৰন্ত প্ৰাকৃতিক সম্পদ পোৱা যায়।১ নিশ্চিতভাৱে পৰিচিত ৬৭টা বিচ্ছিন্ন উপজাতিৰে (isolated tribes) ব্ৰাজিল পৃথিৱীৰ ভিতৰত সৰ্বাধিক অসংস্পৰ্শিত লোকৰ (uncontacted peoples) বাসস্থান।৯
নামৰ উৎপত্তি
ব্ৰাজিল শব্দটো ব্ৰাজিলউড নামৰ এবিধ গছৰ পৰা আহিছে, ব্ৰজিলৰ সমুদ্ৰতীৰত এই গছ উভৈনদী কৈ পোৱা যায়। .পৰ্তুগীজ ভাষা ভাষাত ব্ৰাজিলউডক ‘পউ ব্ৰাচিল’ (pau-brasil) বোলা হয়, এই ব্ৰাচিল শব্দই “ অঙঠাৰ দৰে ৰঙা” বুজায়। .১০১১১২ ব্ৰাজিলউডৰ পৰা গভীৰ ৰঙা ডাই বা ৰং প্ৰস্তুত কৰিব পাৰি, গতিকে ইউৰোপীয় বস্ত্ৰ উদ্যোগত ইয়াৰ ই এক বহুমূলীয়া সামগ্ৰী ৰূপে পৰিগণিত হৈছিল। এই ব্ৰাজিলউড ব্ৰাজিলৰ প্ৰথম ব্যৱসায়িক ভাৱে উৎপাদিত সামগ্ৰী। ১৬ শ শতিকাত ব্ৰাজিলৰ থলুৱা লোকসকলে ব্যাপক পৰিমাণে সমুদ্ৰতীৰবৰ্তী অঞ্চলসমূহৰ এই ব্ৰাজিলউড আহৰণ কৰি ইউৰোপীয় ব্যৱসায়ী সকলক (মূলতঃ পৰ্তুগীজসকলক, কেতিয়াবা ফৰাচী সকলকো) বিক্ৰী কৰি তাৰ বিনিময়ত নানান ইউৰোপীয় উদ্যোগজাত সামগ্ৰী ক্ৰয় কৰিছিল।১৩
প্ৰাচীন পৰ্তুগীজ অভিলেখসমূহৰ মতে এই দেশৰ আধিকাৰিক নাম "পৱিত্ৰ ক্ৰুছৰ দেশ" (The land of the Holy Cross- Terra da Santa Cruz), কিন্তু ইউৰপোৰ নাৱিক সকলে সাধাৰণতে ইয়াক "ব্ৰাজিলৰ দেশ" - (ব্ৰাজিলউডৰ ব্যৱসায়ৰ বাবে) বুলিয়েই কৈছিল। এই জনপ্ৰিয় নামে কালক্ৰমত আধিকাৰিক নামক নাইকিয়া কৰি পেলালে। প্ৰাচীন নাৱিক সকলে কেতিয়াবা ব্ৰাজিলক "ভাটৌৰ দেশ" বুলিও কৈছিল।
পাৰাগুৱেৰ ৰাষ্ট্ৰীয় ভাষা “গুৱাৰানি” ত ব্ৰাজিলক পিণ্ডোৰামা বুলি কোৱা হয়। থলুৱা বাসিন্দা সকলে দিয়া এই নামৰ অৰ্থ হ’ল পাম গছেৰে আৱৰা ভূখণ্ড।
ইতিহাস
পৰ্তুগীজ উপনিবেশ হিচাপে

১৫০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত,ব্ৰাজিল নামেৰে প্ৰসিদ্ধ এই ভূখণ্ডত, Pedro Álvares Cabral ৰ অধীনস্থ পৰ্তুগীজ জাহাজৰ এটা ফ্লীট প্ৰবেশ কৰে আৰু তাৰ পাছৰ পৰাই ইয়াত এই ভূখণ্ডত পৰ্তুগাল সাম্ৰাজ্যৰ দাবী সাব্যস্ত হয়।১৪ পৰ্তুগীজ সকল বিভিন্ন থলুৱা উপজাতি সমূহৰ সম্মুখীন হয়, যি সকলে গুৱাৰানি ভাষা ব্যৱহাৰ কৰিছিল আৰু নিজৰ মাজতে যুদ্ধ বিগ্ৰহত ব্যস্ত আছিল।১৫ যদিও থলুৱা লোক সকলৰ লগত ১৫৩২ চনতে সন্ধি স্থাপন হৈছিল, আচলতে ১৫৩৪ চনৰ পৰাহে প্ৰকৃতাৰ্থত ব্ৰাজিলৰ পৰ্তুগীজ উপনিবেশ স্থাপন হয়। কাৰণ সেই বছৰতে পৰ্তুগীজ সম্ৰাট Dom João III য়ে ব্ৰাজিলক বাৰখন উত্তৰাধীকাৰী ৰাজ্যত ভাগ কৰি এক পৰিকল্পিত শাসনধাৰা আৰম্ভ কৰে।১৬১৭পিছে এই শাসনধাৰাত বহু সমস্যাই দেখা দিয়ে আৰু ১৫৪৯ চনত পৰ্তুগীজ সম্ৰাটে এই ভূখ্ণ্ড শাসন কৰিবৰ বাবে এজন গভৰ্ণৰ জেনেৰেল নিযুক্ত কৰে।১৭১৮পৰ্তুগীজ সকলে মাত্ৰ কেইটামান থলুৱা উপজাতিক নিজৰ লগত লয়১৯ আৰু বাকীবোৰক দাস হিচাপে ব্যৱহাৰ কৰে, এই বাকী উপজাতি বিলাক, হয় দীৰ্ঘদিনীয়া যুদ্ধ, নহয় ইউৰোপৰ পৰা অহা নতুন ৰোগ বিলাকৰ বিৰুদ্ধে যুঁজি যুঁজি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হয়।২০২১ ১৬শ শতিকাৰ মাজভগলৈ চেনি ব্ৰাজিলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰপ্তানি সামগ্ৰী হিচাপে পৰিগণিত হয়১৫২২ আৰু তেতিয়াই পৰ্তুগীজসকলে বৰ্ধিত আন্তৰ্জাতিক বজাৰৰ মোকাবিলা কৰিবলৈ আফ্ৰিকাৰ পৰা কুঁহিয়াৰ খেতিৰ বাবে দাস অনা আৰম্ভ কৰে।২৩২৪২০২৫
ফ্ৰান্সৰ সৈতে একেৰাহে হৈ থকা যুদ্ধৰ পৰিপ্ৰক্ষিততো, পৰ্তুগীজ সকলে লাহে লাহে এই ভূখণ্ডত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰে আৰু ১৫৬৭ খ্ৰীষ্টাব্দত দক্ষিণ-পূবৰ ৰিঅ’ ডে জেনিৰ’ আৰু ১৬১৫ চনত উত্তৰ পূবৰ চাও লুইচ নিজৰ দখললৈ আনে।২৬ তেওঁলোকে আমাজনৰ বৰ্ষাৰণ্যত সামৰিক অভিযান চলাই ইংৰাজ আৰু ডাচ্ছ সকলৰ শক্তিশালী অধিকাৰ থকা অঞ্চলসমূহতো নিজৰ স্থিতি সবল কৰি তোলে।২৭ আৰু ১৬৬৯ চনৰ পৰা বিভিন্ন ঠাইত নিজৰ সৰু সুৰা চহৰ আৰু দুৰ্গ প্ৰতিষ্ঠা কৰে২৮ ১৬৮০ চনত তেওঁলোকে এই ভুখণ্ডৰ দক্ষিণতম সীমালৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে আৰু পূব তীৰবৰ্তী অঞ্চলত কলনিয়া ডেল চাক্ৰামাণ্টো চহৰৰ প্ৰতিষ্ঠা কৰে।২৯ ১৭ শ শতিকাৰ শেষৰ ফালে চেনিৰ ৰপ্তানি ক্ৰমাগত ভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে,৩০ কিন্তু ১৬৯০ৰ আৰম্ভণিতে সোণৰ খনিৰ আৱিষ্কাৰে এই উপনিবেশক অৱশ্যম্ভাৱী ধ্বংসৰ পৰা ৰক্ষা কৰে।৩১ ব্ৰাজিলৰ সকলো স্থানৰ লগতে পৰ্তুগালৰ পৰাও এই খনি বিলাকলৈ প্ৰব্ৰজন আৰম্ভ হয়।৩২
Bibliography
- Azevedo, Aroldo. O Brasil e suas regiões. São Paulo: Companhia Editora Nacional, 1971.
- Barman, Roderick J. Citizen Emperor: Pedro II and the Making of Brazil, 1825–1891. Stanford: Stanford University Press, 1999. ISBN 0-8047-3510-7
- Boxer, Charles R.. O império marítimo português 1415–1825. São Paulo: Companhia das Letras, 2002. ISBN 85-359-0292-9
- Bueno, Eduardo. Brasil: uma História. São Paulo: Ática, 2003. ISBN 85-08-08213-4
- Calmon, Pedro. História da Civilização Brasileira. Brasília: Senado Federal, 2002.
- Carvalho, José Murilo de. D. Pedro II. São Paulo: Companhia das Letras, 2007.
- Coelho, Marcos Amorim. Geografia do Brasil. 4th ed. São Paulo: Moderna, 1996.
- Diégues, Fernando. A revolução brasílica. Rio de Janeiro: Objetiva, 2004.
- Enciclopédia Barsa. Volume 4: Batráquio – Camarão, Filipe. Rio de Janeiro: Encyclopædia Britannica do Brasil, 1987.
- Fausto, Boris and Devoto, Fernando J. Brasil e Argentina: Um ensaio de história comparada (1850–2002), 2nd ed. São Paulo: Editoria 34, 2005. ISBN 8573263083
- Gaspari, Elio. A ditadura envergonhada. São Paulo: Companhia das Letras, 2002. ISBN 85-359-0277-5
- Janotti, Aldo. O Marquês de Paraná: inícios de uma carreira política num momento crítico da história da nacionalidade. Belo Horizonte: Itatiaia, 1990.
- Lyra, Heitor. História de Dom Pedro II (1825–1891): Ascenção (1825–1870). v.1. Belo Horizonte: Itatiaia, 1977.
- Lyra, Heitor. História de Dom Pedro II (1825–1891): Declínio (1880–1891). v.3. Belo Horizonte: Itatiaia, 1977.
- Lustosa, Isabel. D. Pedro I: um herói sem nenhum caráter. São Paulo: Companhia das letras, 2006. ISBN 85-359-0807-2
- Moreira, Igor A. G. O Espaço Geográfico, geografia geral e do Brasil. 18. Ed. São Paulo: Ática, 1981.
- Munro, Dana Gardner. The Latin American Republics; A History. New York: D. Appleton, 1942.
- Schwarcz, Lilia Moritz. As barbas do Imperador: D. Pedro II, um monarca nos trópicos. 2nd ed. São Paulo: Companhia das Letras, 1998. ISBN 85-7164-837-9
- Skidmore, Thomas E. Uma História do Brasil. 4th ed. São Paulo: Paz e Terra, 2003. ISBN 85-219-0313-8
- Souza, Adriana Barreto de. Duque de Caxias: o homem por trás do monumento. Rio de Janeiro: Civilização Brasileira, 2008. ISBN 978-85-200-0864-5
- Vainfas, Ronaldo. Dicionário do Brasil Imperial. Rio de Janeiro: Objetiva, 2002. ISBN 85-7302-441-0
- Vesentini, José William. Brasil, sociedade e espaço – Geografia do Brasil. 7th Ed. São Paulo: Ática, 1988.
- Vianna, Hélio. História do Brasil: período colonial, monarquia e república, 15th ed. São Paulo: Melhoramentos, 1994.
Further reading
- Alves, Maria Helena Moreira. (1985). State and Opposition in Military Brazil. University of Texas Press
- Amann, Edmund. (1990). The Illusion of Stability: The Brazilian Economy under Cardoso. World Development (pp. 1805–1819)
- Background Note: Brazil. US Department of State
- Bellos, Alex. (2003). Futebol: The Brazilian Way of Life. Bloomsbury Publishing plc
- Bethell, Leslie. (1991). Colonial Brazil. CUP
- Costa, João Cruz. (1964). A History of Ideas in Brazil. University of California Press
- Fausto, Boris. (1999). A Concise History of Brazil. CUP
- Furtado, Celso. (1965). The Economic Growth of Brazil: A Survey from Colonial to Modern Times. University of California Press
- Leal, Victor Nunes. (1977). Coronelismo: The Municipality and Representative Government in Brazil. CUP
- Malathronas, John. (2003). Brazil: Life, Blood, Soul. Summersdale
- Martinez-Lara, Javier. (1995). Building Democracy in Brazil: The Politics of Constitutional Change. Macmillan
- Prado Júnior, Caio. (1967). The Colonial Background of Modern Brazil. University of California Press
- Schneider, Ronald. (1995). Brazil: Culture and Politics in a New Economic Powerhouse. Boulder Westview
- Skidmore, Thomas E. (1974). Black Into White: Race and Nationality in Brazilian Thought. Oxford University Press
- Wagley, Charles. (1963). An Introduction to Brazil. Columbia University Press
- (2006). The World Almanac and Book of Facts: Brazil. World Almanac Books
বাহ্যিক সংযোগ
- Official Tourist Guide of Brazil
- Brazilian Federal Government
- Chief of State and Cabinet Members
- Brazilian Institute of Geography and Statistics
- Brazil at UCB Libraries GovPubs
- Country Profile from the U.S. দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ (1997)
- Video report on Brazil in 1961
- Brazil from the BBC News
- Brazil at Encyclopædia Britannica
- Key Development Forecasts for Brazil from International Futures
- Democracy in Brazil from the Dean Peter Krogh Foreign Affairs Digital Archives
তথ্যসূত্ৰ
- ↑ (2008). Geography of Brazil. Central Intelligence Agency
- ↑ (2008). People of Brazil. Central Intelligence Agency
- ↑ (2008). Introduction of Brazil. Central Intelligence Agency
- ↑ (1988). Brazilian Federal Constitution. Presidency of the Republic (2007). Brazilian Federal Constitution. v-brazil.com
- ↑ (2008). Territorial units of the municipality level. Brazilian Institute of Geography and Statistics
- ↑ "World Development Indicators database" (PDF file), World Bank, 7 October 2009
- ↑ CIA – The World Factbook – Country Comparisons – GDP (purchasing power parity). Cia.gov
- ↑ Clendenning, Alan. (2008-04-17). Booming Brazil could be world power soon. USA Today – The Associated Press. পৃ. 2
- ↑ "Brazil sees traces of more isolated Amazon tribes", Reuters
- ↑ CNRTL – Centre National de Ressources Textuelles et Lexicales
- ↑ Michaelis – Moderno Dicionário da Língua Portuguesa
- ↑ iDicionário Aulete
- ↑ Eduardo Bueno, Brasil: uma História (São Paulo: Ática, 2003; ISBN 85-08-08213-4), p.36
- ↑ Boxer, p. 98
- ↑ Boxer, p. 100
- ↑ Boxer, pp. 100–101
- ↑ Skidmore, p. 27
- ↑ Boxer, p. 101
- ↑ Boxer, p. 108
- ↑ Boxer, p. 102
- ↑ Skidmore, pp. 30, 32
- ↑ Skidmore, p. 36
- ↑ Boxer, p. 110
- ↑ Skidmore, p. 34
- ↑ Skidmore, pp. 32–33
- ↑ Bueno, pp. 80–81
- ↑ Facsimiles of multiple original documents relating about the events in Brazil in the 17th century that led to a Dutch influence and their final defeat
- ↑ Calmon, p. 294
- ↑ Bueno, p. 86
- ↑ Boxer, p. 164
- ↑ Boxer, pp. 168, 170
- ↑ Boxer, p. 169
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰাজিল” প্ৰবন্ধৰ সংশোধন ৬৩২১৬০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।