কমলাবাৰী সত্ৰ মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদুলা আতাই প্ৰতিষ্ঠা কৰিছিল। এওঁৰ প্ৰকৃত নাম কমলাকান্ত আতা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামৰ্মে মাধৱদেৱৰ গাৰ বদ্বল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। সেয়ে বদলা পদ্ম আতাৰুপে পৰিচিত হয়। কালক্ৰমত এইখন সত্ৰ মূলতঃ চাৰিভাগ হয়। মূল কমলাবাৰী, উত্তৰ কমলাবাৰী, মধ্য কমলাবাৰী আৰু নতুন কমলাবাৰী। মূল কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী ভৱকান্ত দেৱগোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামী আৰু নতুন কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী সত্যজিৎ মহন্ত।
তথ্য সংগ্ৰহ
- মাজুলীৰ ঐতিহ্য, সংকলন আৰু সম্পাদনা - জয়ন্ত কুমাৰ বৰা,অনন্ত কলিতা।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলাবাৰী সত্ৰ” প্ৰবন্ধৰ সংশোধন ৬১৮৯০১ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।