অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মণিকূট

অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট। অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে নামঘৰৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়। নামঘৰ অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে। নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২১ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট। অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে নামঘৰৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়। নামঘৰ অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে। নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়। এই মণিকূটৰ সোঁ-মাজত সিংহাসন বা গুৰু আসন স্থাপন কৰি তাত মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ কীৰ্তন-দশম, ঘোষা আৰু ৰত্নাৱলীৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয়। মণিকূট শব্দৰ মূলগত অৰ্থ হ’ল ৰত্ন থোৱা ঘৰ। মণিকূটসমুহ সাধাৰণতে দুচলীয়া। বৰপেটা সত্ৰৰ মণিকূটটো চাৰিচলীয়া। চালবোৰ ভাঁজখোৱা আৰু দেখিবলৈ বৰ্তুলকাৰ। সেইবাবে ইয়াক কোৱা হয় ভাঁজঘৰ। প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথে[বৌদ্ধ গ্ৰন্থত উল্লিখিত বংগ গৃহৰ পৰা ভাঁজঘৰ শব্দটি অহা বুলি সাব্যস্ত কৰিছে। মণিকূটটো দেখাত দেৱগৃহৰ শিখৰৰ দৰে ৰমক-জমক নহ’লেও ইয়াৰ এটা নিজস্ব বৈশিষ্ট্য আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা অগণন নামঘৰ আৰু মণিকূট গইনা লৈ শংকৰী সংস্কৃতিৰ আজিও জীৱন্ত আৰু গতিশীল হৈ আছে১।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড° পৰমানন্দ ৰাজবংশী, ড° নাৰায়ন দাস (পৃষ্ঠা- ২৭২)

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতিনৱবৈষ্ণৱ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকূট” প্ৰবন্ধৰ সংশোধন ৩০৯৩৩০ (১৮ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।