যোৰহাট জিলাৰ পৰ্যটনস্থলী
১৭ প্ৰবন্ধ
-
দক্ষিণপাট সত্ৰ
দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেওখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ।
-
আউনীআটী সত্ৰ
আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।
-
হোলোঙাপাৰ গিবন অভয়াৰণ্য
হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে Hollongapar Reserved Forest বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল) হৈছে ভাৰতৰ অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল।
-
যোৰহাট জিমখানা ক্লাব
যোৰহাট জিমখানা ক্লাব (Jorhat Gymkhana Club) হৈছে যোৰহাট জিলাত অৱস্থিত এটা ক্লাব। ১৮৭৬ চনত চেকনীধৰা গাঁৱত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হৈছিল। স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে।
-
গড়মূৰ সত্ৰ
গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়।
-
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
চন্দ্ৰকান্ত সন্দিকৈ ভৱন (Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে।
-
ঠেঙাল ভৱন
ঠেঙাল ভৱন (Thengal Bhawan) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ইয়াৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল। তেতিয়া কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন। 'বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।
-
ঢেকীয়াখোৱা বৰনামঘৰ
ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়।
-
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ (Jorhat Science Centre and Planetarium) হৈছে যোৰহাট নগৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত। পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বিস্তৃত হৈ আছে।
-
গৰখীয়া দ'ল
গৰখীয়া দ'ল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ।
-
যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
যোৰহাট জিলা অসম ৰাজ্যৰ ৩২খন জিলাৰ ভিতৰত এখন। তলত যোৰহাট জিলাৰ কেইখনমান পৰ্যটনস্থলীৰ নাম যুগুতোৱা হ’ল।
-
বঙাল পুখুৰী
বঙাল পুখুৰী (Bangal Pukhuri) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী। এই পুখুৰীটো যোৰহাট নগৰৰ দক্ষিণত ন-আলিৰ ওচৰত অৱস্থিত।
-
বুঢ়ীগোঁসানী দেৱালয়
বুঢ়ীগোঁসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোঁসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল।
-
মালৌপথাৰ
মালৌপথাৰ হৈছে যোৰহাট জিলাৰ এখন ঐতিহাসিক ঠাই। এই অঞ্চলৰ খুটীয়াপোতা নামৰ ঠাইটুকুৰা মোৱামৰীয়া বিদ্ৰোহৰ পীঠস্থান আছিল।
-
হাতীগড় শিৱদ'ল
হাতীগড় শিৱ দেৱালয় বা দ'ল যোৰহাট নগৰৰপৰা প্ৰায় পাঁচ মাইল দূৰত ট্ৰাংক ৰ'ডৰ দাঁতিত অৱস্থিত এখন দেৱালয়। ট্ৰাংক ৰ'ডৰ (এ. টি. ৰ'ড) পৰা প্ৰায় তিনিশ মিটাৰ দক্ষিণে সোমাই দ'লটো আছে। ১৭৮৬-৮৭ চনত এই দ'লৰ ভেটি স্থাপন কৰা হয়।
-
বালিজান বৌদ্ধ বিহাৰ
বালিজান বৌদ্ধ বিহাৰ (Balijan Buddhist Monastery) হৈছে অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসম ৰাজ্যৰ যোৰহাট জিলাৰ তিতাবৰ বালিজান শ্যাম গাঁৱত অৱস্থিত। এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৮২৭ চনত।
-
মইনাপৰীয়া নামঘৰ
মইনাপৰীয়া নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২ কিঃমিঃ দূৰৰ মইনাপৰীয়া গাঁৱত অৱস্থিত। ভক্তিধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ সৃষ্টি কৰা সত্ৰ-নামঘৰে পৰৱৰ্তী সময়ত ব্যাপক প্ৰসাৰতা লাভ…