ৰাধাকান্ত সন্দিকৈ এজন সমাজকৰ্মী, চাহ খেতিয়ক আৰু বিখ্যাত সাহিত্যিক কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ৷ তেখেতৰ স্মৃতিতে গুৱাহাটীস্থিত ৰাধাকান্ত সন্দিকৈ ছোৱালী কলেজৰ প্ৰতিষ্ঠা কৰা হয়৷১
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হয় ১৮৫৭ চনত শিৱসাগৰ আৰু যোৰহাটৰ মাজতে অৱস্থিত চেটীয়া গাঁৱত৷ পিতৃৰ নাম বোপাৰাম সন্দিকৈ আৰু মাতৃৰ নাম বৰকুকৈ৷ তেখেতৰ পত্নীৰ নাম নাৰায়ণী সন্দিকৈ৷ ২৩ সন্দিকৈৰ বিবাহৰ চন হৈছে ১৮৯৭৷ তেওঁলোকৰ সন্তানকেইজনৰ নাম হ’ল ক্ৰমে- কৃষ্ণকান্ত সন্দিকৈ, চন্দ্ৰকান্ত সন্দিকৈ লক্ষ্মীকান্ত সন্দিকৈ, ইন্দ্ৰকান্ত সন্দিকৈ আৰু একমাত্ৰ কন্যাৰ নাম অন্নদা সন্দিকৈ৷১ পত্নী নাৰায়ণী সন্দিকৈ অসমৰ আন এগৰাকী পণ্ডিত লোক পদ্মনাথ গোহাঞি বৰুৱাৰ ভগ্নী আছিল৷
শিক্ষা
তেখেতে শিৱসাগৰ হাইস্কুলৰপৰা ১৮৮১ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ চিটি কলেজত বি.এ শ্ৰেণীত নামভৰ্তি কৰে৷ সন্দিকৈয়ে কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৮৮৩-৮৪ চনত এফ্-এ পৰীক্ষাত উত্তীৰ্ণ হয়৷
চাকৰি জীৱন
বি.এ পৰীক্ষা দিয়াৰ আগতেই অসম চৰকাৰে সন্দিকৈক ছিলঙৰ ডি. এল আৰ. অৰ্থাৎ ডাইৰেক্টৰ অৱ্ লেণ্ড ৰেকৰ্ডছৰ অফিচত কেৰাণীৰ পদত অধিষ্ঠিত কৰে৷ তেওঁ এই পদত পাঁচ বছৰমান চাকৰি জীৱন অতিবাহিত কৰে৷ পৰৱৰ্তী সময়ত একেটা কাৰ্যালয়তে তেখেতে চাব্ ডেপুটি হাকিম পদলৈ উন্নীত হয়৷ ১৯০২ চনত তেখেতে একষ্ট্ৰা এছিছটেণ্ট কমিছনাৰলৈ প্ৰমোচন পায়৷ পৰৱৰ্তী ১৯০২ চনত তেখেতে এছিছটেণ্ট ছেটলমেণ্ট অফিচাৰ হিচাপে প্ৰমোচন পায়৷ যোৰহাট চহৰত ৰাধাকান্ত সন্দিকৈ আৰু জগন্নাথ বৰুৱাই প্ৰথম বিদেশৰপৰা বাইচাইকেল কিনি আনে৷১
সাহিত্যকৃতি
- মুলাগাভৰু,১৯২৪
সামাজিক অৱদান
তেখেতৰ নেতৃত্বতেই অসম সাহিত্য সভাৰ মূল গৃহ চন্দ্ৰকান্ত সন্দিকৈ ভৱন, পুৰাতত্ত্ব বিভাগৰ কাৰ্যালয় নাৰীয়ণী সন্দিকৈ ভৱন আৰু ৰাধাকান্ত সন্দিকৈ ছোৱালী কলেজৰ প্ৰতিষ্ঠা হয়৷ অসমৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ উন্নতিকল্পে মুক্তহস্তে দান-বৰঙনি আগবঢ়োৱা হেতুকে জনসাধাৰণে কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াক "দানবীৰ" উপাধিৰে বিভূষিত কৰিছিল।৪
মৃত্যু
১৯৫২ চনৰ ২৬ জানুৱাৰী তাৰিখ, শনিবাৰে ৰাতি ডেৰ বজাত সন্দিকৈৰ মৃত্যু হয়৷১
তথ্যসূত্ৰ
- ↑ নকুল চন্দ্ৰ ভূঞা. (১৯৬১). ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া. অসম সাহিত্য সভা
- ↑ আৰ্কাইভ কপি
- ↑ জিলিকালে লুইতৰে পাৰ, এম. আব্দুল মজিদ খান, পৃ:নং; ১১, প্ৰকাশক: প্ৰদ্যুত হাজৰিকা, বনলতা, ২০০২
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধাকান্ত সন্দিকৈ” প্ৰবন্ধৰ সংশোধন ৫০৮৫০৯ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।