৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 37, চমুকৈ NH 37) এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে অসম ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ। ১
পথ
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা ৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বিস্তৃত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটী (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা শ্বিলংলৈ গৈছে), নগাঁও (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা ডিমাপুৰলৈ গৈছে), যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হৈ গৈছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Highways and their lengths. National Highways Authority of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৮৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।