অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

যান্ত্ৰিক অনুবাদকৰ তালিকা

অল ট্ৰেন্সলেচন হ'ল দুই শতাধিক ভাষা সমৰ্থিত অনুবাদ সেৱা। ইয়াত ২৬টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাষাবিলাক হ'ল: অসমীয়া, অৱধী, বাংলা, ভোজপুৰী, গুজৰাটী, হিন্দী, কন্নড়, খাচী, ককবৰক, কোঙ্কণী, মৈথিলী, মালয়ালম, মাৰাঠী, মাৰোৱাৰী, মেইতেই, মিজো, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি,…

হালনাগাদ: ২৩ জুন ২০২৬ ১,০৯২ শব্দ · ৬ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিনামূলীয়া সেৱাসমূহ

অল ট্ৰেন্সলেচন

অল ট্ৰেন্সলেচন হ'ল দুই শতাধিক ভাষা সমৰ্থিত অনুবাদ সেৱা। ইয়াত ২৬টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাষাবিলাক হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), অৱধী ভাষা, বঙালী ভাষা, ভোজপুৰী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, খাচী ভাষা, ককবৰক ভাষা, কোংকণী ভাষা, মৈথিলী ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, মাৰোৱাৰী, মেইতেই ভাষা, মিজো ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, সংস্কৃত ভাষা, চাঁওতালি ভাষা, সিন্ধী ভাষা, তামিল ভাষা, তেলুগু ভাষা, তুলু ভাষা আৰু উৰ্দু ভাষা।

কুইল বট

কুইল বট (QuillBot) হৈছে এটা বহুভাষিক অনুবাদ সেৱা। ইয়াত অন্তৰ্ভুক্ত ১৪টা ভাৰতীয় ভাষা হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, সংস্কৃত ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

গুগল ট্ৰেন্সলেট

মূল প্ৰবন্ধ: গুগল ভাঙনি'গুগল ট্ৰেন্সলেট' হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিব পৰা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক অনুবাদ সেৱা, য'ত ২৪৯টা ভাষা উপলব্ধ। এই সেৱা ৱেবপৃষ্ঠাৰ লগতে এপ্লিকেচনতো উপলব্ধ।

গুগল ট্ৰেন্সলেটে ২৬টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাষাবিলাক হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), অৱধী, বঙালী ভাষা, ভোজপুৰী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, খাচী ভাষা, ককবৰক ভাষা, কোংকণী ভাষা, মৈথিলী ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, মাৰোৱাৰী, মেইতেই ভাষা, মিজো ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, সংস্কৃত ভাষা, চাঁওতালি ভাষা, সিন্ধী ভাষা, তামিল ভাষা, তেলুগু ভাষা, তুলু ভাষা আৰু উৰ্দু ভাষা।

ডীপ-এল

ডীপ-এল (DeepL Translator) হ'ল শতাধিক ভাষা সমৰ্থিত যান্ত্ৰিক অনুবাদ সেৱা। ডীপ-এলত স্থানপ্ৰাপ্ত ১৫টা ভাৰতীয় ভাষা হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, ভোজপুৰী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কোংকণী ভাষা, মৈথিলী ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, পঞ্জাবী ভাষা, সংস্কৃত ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

নেভাৰ পাপাগ'

নেভাৰ পাপাগ (Naver Papago) হ'ল দক্ষিণ কোৰিয়াৰ Naver-ৰ AI-ভিত্তিক অনুবাদ সেৱা, য'ত ১৬টা ভাষা উপলব্ধ। যাৰ ভিতৰত হিন্দী ভাষা হ'ল একমাত্ৰ উপলব্ধ ভাৰতীয় ভাষা।

প'লি ট্ৰেন্সলেটৰ

প'লি ট্ৰেন্সলেটৰ (Polytranslator) অনুবাদ সেৱাত দুই শতাধিক ভাষা উপলব্ধ, ইয়াৰ ভিতৰত আছে ৩১টা ভাৰতীয় ভাষা। উক্ত ভাষাবিলাক হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), অৱধী ভাষা, বাঘেলী, বঙালী ভাষা, ভোজপুৰী ভাষা, ছত্তীছগঢ়ী ভাষা, পঞ্জাবী ভাষা, গুজৰাটী ভাষা, হাৰিয়াণৱী, হিন্দী ভাষা, কন্নড় ভাষা, কোংকণী ভাষা, মগহী ভাষা, মৈথিলী ভাষা, মালয়ালম ভাষা, মেইতেই ভাষা, মাৰাঠী ভাষা, মুণ্ডাৰী, নেপালী ভাষা, ওড়িয়া ভাষা, ৰাজস্থানী ভাষা, ৰংপুৰী, সংস্কৃত ভাষা, চাঁওতালি ভাষা, সাৰাইকি, সিন্ধী ভাষা, তামিল ভাষা, তেলুগু ভাষা, উৰ্দু ভাষা, পঞ্জাবী ভাষা আৰু ছিলঠীয়া ভাষা।

মাইক্ৰ'ছফ্ট বিং ট্ৰেন্সলেটৰ

মূল প্ৰবন্ধ: মাইক্ৰ'ছফ্ট অনুবাদক'মাইক্ৰ'ছফ্ট বিং ট্ৰেন্সলেটৰ' হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিব পৰা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক অনুবাদ সেৱা। এই সেৱা ৱেবপৃষ্ঠাৰ লগতে এপ্লিকেচনতো উপলব্ধ। মাইক্ৰ'ছফ্ট ট্ৰেন্সলেটৰে ১৭৯টা ভাষা আৰু ভাষাৰ প্ৰকাৰ সমৰ্থন কৰে।

মাইক্ৰ'ছফ্ট বিং ট্ৰেন্সলেটৰ অন্তৰ্গত ২৪টা ভাৰতীয় ভাষা হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, ভোজপুৰী ভাষা, বড়ো জনগোষ্ঠী, ছত্তীছগঢ়ী ভাষা, ডোগ্ৰী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, কাশ্মীৰী ভাষা, কোংকণী ভাষা, মৈথিলী ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, মাৰোৱাৰী, মেইতেই ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, সংস্কৃত ভাষা, সিন্ধী ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

ৰিভাৰ্চ'

ৰিভাৰ্চ' ট্ৰেন্সলেট (Reverso Translate) হৈছে এটা বহুভাষিক অনুবাদ আৰু অভিধান সেৱা, যিয়ে ব্যৱহাৰকাৰীসকলক বাক্য অনুবাদৰ লগতে পৰিপ্ৰেক্ষিত আৰু প্ৰয়োগৰ উদাহৰণো প্ৰদান কৰে। হিন্দী ভাষা হ'ল ইয়াত উপলব্ধ একমাত্ৰ ভাৰতীয় ভাষা।

লিবাৰ ট্ৰেন্সলেট

লিবাৰ ট্ৰেন্সলেট (LibreTranslate) হ’ল এটা মুক্ত উৎস অনুবাদ API আৰু ৱেবছাইট, যিটো ব্যক্তিগত চাৰ্ভাৰত চলাব পৰা যায়। ইয়াৰ অন্তৰ্গত ভাৰতীয় ভাষা দুটা হ'ল: বঙালী ভাষা আৰু হিন্দী ভাষা।

হাই ট্ৰেন্সলেট

হাই ট্ৰেন্সলেট (Hi Translate)-ত সমৰ্থিত ভাৰতীয় ভাষা ১৩টা হ'ল: বঙালী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, সিন্ধী ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

য়াণ্ডেক্স ট্ৰেন্সলেট

য়াণ্ডেক্স ট্ৰেন্সলেট (Yandex Translate) হ'ল ১১১টা ভাষা সমৰ্থিত বিনামূলীয়া বহুভাষিক যান্ত্ৰিক অনুবাদ সেৱা।

য়াণ্ডেক্স ট্ৰেন্সলেটত অন্তৰ্ভুক্ত ১১টা ভাৰতীয় ভাষা হ'ল: বঙালী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, পঞ্জাবী ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

বিনামূলীয়া ভাৰতীয় সেৱাসমূহ

অনুবাদ ভাষিণী

মূল প্ৰবন্ধ: ভাষিণী'অনুবাদ ভাষিণী হ'ল ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্মিত ভাষিণী' প্লেটফৰ্মৰ অন্তৰ্গত এটা অনুবাদ সেৱা। ইয়াত ৩৬টা ভাষা উপলব্ধ। এই ৱেবছাইটত যিকোনো এটা ভাষাৰ বাক্য আন এটা ভাষালৈ পাঁচ ধৰণে অনুবাদ কৰিব পাৰি।

অনুবাদ ভাষিণীৰ অন্তৰ্গত ভাৰতীয় ভাষাসমূহ হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), অৱধী ভাষা, বঙালী ভাষা, ভোজপুৰী ভাষা, বড়ো জনগোষ্ঠী, ব্ৰজ ভাষা, ডোগ্ৰী ভাষা, গোণ্ডী, গুজৰাটী ভাষা, হিন্দী ভাষা, হো, কাংগড়ী, কন্নড় ভাষা, কাশ্মীৰী ভাষা, খাচী ভাষা, কোংকণী ভাষা, মগহী ভাষা, মৈথিলী ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, মেইতেই ভাষা, মিজো ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, সংস্কৃত ভাষা, চাঁওতালি ভাষা, সিন্ধী ভাষা, তামিল ভাষা, তেলুগু ভাষা, তুলু ভাষা আৰু উৰ্দু ভাষা।

আদি বাণী

মূল প্ৰবন্ধ: আদি বাণী'আদি বাণী' হ'ল এটা অনুবাদক এপ্লিকেচন, যিটো গুগল প্লে’ত উপলব্ধ। ইয়াত চাঁওতালি ভাষা, ভিলি, গোণ্ডী আৰু মুণ্ডাৰী — এই চাৰিটা ভাষাৰ অনুবাদ সেৱা প্ৰদান কৰা হৈছে৷১ এই চাৰিটা ভাষাৰ ক্ষেত্ৰত এটাৰ পৰা আনটোলৈ অনুবাদ কৰিব পৰা যায়। ইয়াৰ উপৰিও ইংৰাজী ভাষা আৰু হিন্দী ভাষাৰ পৰাও এই চাৰিটা ভাষালৈ অনুবাদ কৰিব পৰা যায়।

ইণ্ডিক ট্ৰেন্স টু

ইণ্ডিক ট্ৰেন্স টু (IndicTrans2) হৈছে মুক্ত উৎস ৰূপান্তৰকাৰী-ভিত্তিক বহুভাষিক নিউৰেল মেচিন ট্ৰেন্সলেচন (NMT) মডেল, যিয়ে ভাৰতৰ সকলো ২২টা সূচীবদ্ধ ভাষাৰ মাজত উচ্চ মানৰ অনুবাদ সমৰ্থন কৰে। এই মডেলটোৱে কাশ্মীৰী ভাষা, মেইতেই ভাষা আৰু সিন্ধী ভাষা আদিৰ দৰে কম-সম্পদযুক্ত ভাষাসমূহৰ বাবে একাধিক লিপিৰো সমৰ্থন প্ৰদান কৰে।

ভাষাসমূহৰ মাজত শব্দভাণ্ডাৰ ভাগ-বতৰাৰ জৰিয়তে স্থানান্তৰ শিক্ষণৰ সুবিধা ল’বলৈ, য’ত সম্ভৱ হয় তাত লিপি একত্ৰিকৰণ ব্যৱহাৰ কৰা হৈছে। সামগ্ৰিকভাৱে এই মডেলটোৱে পাঁচটা লিপিৰ সমৰ্থন কৰে— পাৰ্ছো-আৰবিক (কাশ্মীৰী ভাষা, সিন্ধী ভাষা, উৰ্দু ভাষা), অল চিকি (চাঁওতালি ভাষা), মেইতেই ভাষা (মণিপুৰী), লেটিন (ইংৰাজী) আৰু দেৱনাগৰী লিপি (অন্য সকলো ভাষাৰ বাবে ব্যৱহৃত)।

সমৰ্থিত ভাৰতীয় ভাষাসমূহ হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, বড়ো জনগোষ্ঠী, ডোগ্ৰী ভাষা, ইংৰাজী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, কাশ্মীৰী ভাষা, কোংকণী ভাষা, মৈথিলী ভাষা, মালয়ালম ভাষা, মেইতেই ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, সংস্কৃত ভাষা, চাঁওতালি ভাষা, সিন্ধী ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

ভাৰতী

ভাৰতী (আই ট্ৰেন্সলেট) অনুবাদ সেৱাৰ যোগেদি ইংৰাজী ভাষা আৰু হিন্দী ভাষাৰ পৰা ১৫টা ভাৰতীয় ভাষালৈ আৰু ১৫টা ভাৰতীয় ভাষাৰ পৰা ইংৰাজী ভাষা আৰু হিন্দী ভাষালৈ অনুবাদ কৰিব পৰা যায়। ভাৰতীয় ভাষা ১৫টা হ'ল: অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, কাশ্মীৰী ভাষা, কোংকণী ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, মেইতেই ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, তামিল ভাষা আৰু তেলুগু ভাষা।

এআই ভিত্তিক সেৱাসমূহ

AI-ভিত্তিক অনুবাদ সেৱাসমূহ কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) আৰু নিউৰেল নেটৱৰ্ক প্ৰযুক্তিৰ ওপৰত আধাৰিত। এই সেৱাসমূহে প্ৰাসংগিকতা, ব্যাকৰণ আৰু অৰ্থ বুজি অধিক স্বাভাৱিক অনুবাদ প্ৰদান কৰে।

অপেন এআই

অপেন এআই হ'ল বৃহৎ ভাষা মডেলৰ জৰিয়তে বহুভাষিক অনুবাদ আৰু ভাষা প্ৰেচেছিং সেৱা প্ৰদান কৰিব পৰা ব্যৱস্থা।

আই বি এম ৱাটছন

আই বি এম ৱাটছন (IBM Watson) হৈছে প্ৰাকৃতিক ভাষাত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিব পৰা এটা কম্পিউটাৰ ব্যৱস্থা।২ ইয়াক আই বি এমৰ DeepQA প্ৰকল্পৰ অংশ হিচাপে এটা গৱেষণা দলে বিকশিত কৰিছিল, যাৰ নেতৃত্বত আছিল প্ৰধান অনুসন্ধানকাৰী ডেভিদ ফেৰুচি।৩ আই বি এমৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মুখ্য কাৰ্যবাহী বিষয়া উদ্যোগপতি থমাছ জে ৱাটছনৰ নামেৰে ৱাটছনৰ নামকৰণ কৰা হৈছে।৪৫ IBM ৱাটছনত অন্তৰ্গত ১১টা ভাৰতীয় ভাষা হ'ল: বঙালী ভাষা, গুজৰাটী ভাষা, হিন্দী ভাষা, কন্নড় ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, পঞ্জাবী ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

ক্লড এআই

ক্লড এআই হ'ল Anthropic-ৰ দ্বাৰা বিকশিত, AI-ভিত্তিক ভাষা বুজা আৰু অনুবাদত ব্যৱহৃত সেৱা।

মেটা এআই

মেটা এআই (Meta AI) হৈছে মেটা প্লেটফৰ্মৰ (পূৰ্বতে ফেচবুক) দ্বাৰা বিকশিত কৃত্ৰিম বুদ্ধিমত্তা-ভিত্তিক এটা প্ৰযুক্তি ব্যৱস্থা। মেটা এআইৰ অন্তৰ্গত অনুবাদ সেৱাসমূহ ফেইচবুক, ইনষ্টাগ্ৰাম, আৰু হোৱাট্‌ছএপ আদি প্লেটফৰ্মত ব্যৱহৃত হয়, যাৰ জৰিয়তে বিভিন্ন ভাষাৰ পাঠ্য স্বয়ংক্ৰিয়ভাৱে অনুবাদ কৰিব পৰা যায়। এই অনুবাদ ব্যৱস্থাটো মূলতঃ নিউৰেল মেচিন ট্ৰেন্সলেচন (Neural Machine Translation) প্ৰযুক্তিৰ ওপৰত আধাৰিত। মেটা এআইয়ে বিশেষকৈ সামাজিক মাধ্যমত ব্যৱহৃত বহু ভাষাৰ সমৰ্থন প্ৰদান কৰে আৰু ব্যৱহাৰকাৰীসকলক ভিন্ন ভাষাৰ বিষয়বস্তু বুজিবলৈ সহায় কৰে।

এপিআই-ভিত্তিক সেৱা

আমাজন ট্ৰান্সলেট

আমাজন ট্ৰান্সলেট (Amazon Translate) হৈছে Amazon Web Services (AWS)-ৰ দ্বাৰা প্ৰদান কৰা এটা নিউৰেল মেচিন ট্ৰেন্সলেচন সেৱা। ই বহু ভাষা সমৰ্থন কৰে আৰু মূলতঃ এপিআই-ভিত্তিক ব্যৱহাৰৰ বাবে জনপ্ৰিয়।

অনুবাদ ছফ্টৱেৰ

লাইভ ট্ৰান্সলেটৰ

লাইভ ট্ৰান্সলেটৰ হৈছে মাইক্ৰ'ছফ্টৰ দ্বাৰা প্ৰদান কৰা এটা অনুবাদ সেৱা, যিয়ে মেচিন অনুবাদৰ লগতে বাস্তৱ সময়ত শব্দ আৰু পাঠ্য অনুবাদৰ সুবিধা দিয়ে।

অনুবাদ সংস্থাসমূহ

ছিচট্ৰেন

ছিচট্ৰেন (Systran) হ'ল এটা অনুবাদ সংস্থা। এই সংস্থাটোৱে অৰ্ধশতাধিক ভাষাৰ অনুবাদ সেৱা প্ৰদান কৰে। তাৰে ভিতৰত ১৩টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাৰতীয় ভাষাসমূহ হ'ল: বঙালী ভাষা, ইংৰাজী ভাষা, হিন্দী ভাষা, গুজৰাটী ভাষা, কন্নড় ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, নেপালী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু উৰ্দু ভাষা।

ভাষান্তৰ

ভাষান্তৰ হ'ল ভাৰতীয় ভাষাসমূহৰ বাবে কাৰ্যকৰী এটা অনুবাদ সংস্থা। এই সংস্থাটোৱে ভাৰতৰ বিভিন্ন প্ৰধান আৰু আঞ্চলিক ভাষাৰ মাজত ভাষান্তৰ সেৱা প্ৰদান কৰে।

ভাষান্তৰৰ অন্তৰ্গত সমৰ্থিত ভাষাসমূহ হ'ল— সংস্কৃত ভাষা, হিন্দী ভাষা, গুজৰাটী ভাষা, মাৰাঠী ভাষা, বঙালী ভাষা, চাঁওতালি ভাষা, মণিপুৰী, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), তেলুগু ভাষা, তামিল ভাষা, মালয়ালম ভাষা, কন্নড় ভাষা, মেইতেই ভাষা, কোংকণী ভাষা, মাৰোৱাৰী, কাশ্মীৰী ভাষা, উৰ্দু ভাষা, ডোগ্ৰী ভাষা, সিন্ধী ভাষা, পঞ্জাবী ভাষা, মৈথিলী ভাষা, ভোজপুৰী ভাষা, ওড়িয়া ভাষা, তুলু ভাষা আৰু বড়ো জনগোষ্ঠী।

ভাৰতীয় ভাষাৰ সমৰ্থন

তথ্যসূত্ৰ

  1. ↑ India launches ‘Adi Vaani’, first AI-powered translator for tribal languages. ddnews.gov.in
  2. ↑ (22 April 2009). DeepQA Project: FAQ. IBM
  3. ↑ Ferrucci, David; Levas, Anthony; Bagchi, Sugato. (2013-06-01). Watson: Beyond Jeopardy!. Artificial Intelligence. পৃ. 93–105
  4. ↑ Hale, Mike. (February 8, 2011). Actors and Their Roles for $300, HAL? HAL!. The New York Times
  5. ↑ (22 April 2009). The DeepQA Project. IBM Research
  6. ↑ Language support · Cloud Translation. Google Cloud
  7. ↑ Bhashini. bhashini.gov.in
  8. ↑ (7 November 2023). Language support - Translator - Azure AI services. learn.microsoft.com
  9. ↑ Supported languages. yandex.com
  10. ↑ IBM Cloud Docs. cloud.ibm.com
  11. ↑ Supported languages. deepl.com

সম্পৰ্কিত শ্ৰেণী

অনুবাদতালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যান্ত্ৰিক অনুবাদকৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬১৩৮৪৯ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।