কোচ-ৰাজবংশী বা কামতাপুৰী ভাষা হ'ল ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। এই ভাষা ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।
পৰিসীমা
অসমৰ ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু গোৱালপাৰা জিলাত এই ভাষা কোৱা মানুহৰ সংখ্যা সৰ্বাধিক, দৰং জিলাতো এই ভাষা কোৱা কিছু সংখ্যক মানুহ আছে। উত্তৰ বঙ্গৰ কোচবিহাৰ, জলপাইগুড়ি, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু দাৰ্জিলিঙৰ তৰাই অঞ্চল, বিহাৰৰ কাটিহাৰ, পূৰ্ণিয়া আৰু কিষানগঞ্জ জিলাৰ কিছু অঞ্চল, নেপালৰ মোৰং আৰু ঝাপা জিলা, ভূটানৰ কিছু অঞ্চলত তথা বাংলাদেশৰ অবিভক্ত ৰংপুৰ জিলাত এই ভাষাৰ মানুহ আছে। মেঘালয়, ত্ৰিপুৰা আৰু সম্বলপুৰ (ওড়িশা)তো এই ভাষাৰ লোক আছে। অঞ্চলভেদে ৰাজবংশী, গোৱালপাৰীয়া, দেশী ভাষা, ৰংপুৰী ভাষা আদি বিভিন্ন নামত পৰিচিত। এই ভাষা কোৱা মানুহৰ সংখ্যা ১৫ মিলিয়নৰ অধিক।
অসমীয়া, ছিলটি আৰু বঙালী ভাষাৰ সৈতে তুলনা
| কোচ ৰাজবংশী | অসমীয়া | বঙালী | ছিলটি | ইংৰাজী ভাঙনি |
|---|---|---|---|---|
| Muĩ kôrûng | Môi kôrû | Ami kôri | Ami xori | I do |
| Muĩ kôrià àsûng | Môi kôri asû | Ami kôrchi | Ami xoriar | I am doing |
| Muĩ kôrsilûng | Môi kôrisilû | Ami kôrêchi | Ami xorsilam | I did |
| Muĩ kôrià àsilûng | Môi kôri asilû | Ami kôrchilam | Ami xorat aslam | I was doing |
| Muĩ kôrim | Môi kôrim | Ami kôrbo | Ami xormu | I will do |
| Muĩ kôriyà thakim | Môi kôri thakim | Ami kôrtê thakbo | Ami xorat taxmu | I will be doing |
বাহ্যিক সংযোগ
- কামতাপুৰৰ ভাষা, সাহিত্য, সংস্কৃতি
- কামতাপুৰী উইকিমিডিয়া
- ৰাজবংশী উইকিমিডিয়া (নেপাল)
- Rangpuri Language
- A complete reference grammar of the Rajbanshi language
- Ethnologue Report on Rangpuri
- Ethnologue Report on Rajbanshi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচ ৰাজবংশী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭১৯৭৩ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।