অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভোজপুৰী ভাষা

ভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাড়খণ্ড আৰু নেপালৰ কিছু অংশতো ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে।

হালনাগাদ: ২২ আগষ্ট ২০২৬ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ভাৰত-আৰ্য ভাষা পৰিয়াল পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাৰখণ্ড আৰু নেপালৰ কিছু অংশতো১ ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে। বৰ্তমান ভোজপুৰী ভাষা বিহাৰৰ দুটা ৰাজ্য ভাষাৰ অন্যতম এটা। ভোজপুৰী ভাষাৰূপৰ উৎপত্তি কিছুমানে ধাৰণা কৰে যে পোনপটিয়াকৈ সংস্কৃত ভাষাৰ পৰা আকৌ কিছুমানৰ মতে বাংলাৰ জননী মৈথিলী ভাষাৰ পৰা।২ ফিজি, গায়ানা, মৰিচাছ, দক্ষিণ আফ্ৰিকা, চুৰিনাম আৰু ট্ৰিনিদাদ আৰু ট'বাগোতো ই সংখ্যালঘু ভাষা৷ হিন্দীৰ প্ৰভাৱৰ বাবে ইউনেস্ক’ৰ বিশ্বৰ ভাষাৰ এটলাছত ভোজপুৰী ভাষাক সম্ভাৱ্য দুৰ্বল ভাষা হিচাপে তালিকাভুক্ত কৰা হৈছে। ২০২২ চনৰ ২২ মে'ত গুগল অনুবাদে ভোজপুৰী ভাষাক তেওঁলোকৰ অন্যতম ভাষা হিচাপে সংযোজন কৰে।৩

Bhojpuri story written in Kaithi script by Babu Rama Smaran Lal in 1898
Bhojpuri story written in Kaithi script by Babu Rama Smaran Lal in 1898ছবি: Babu Rama Smaran Lal (1857–?) · Public domain

তথ্যসূত্ৰ

  1. ↑ Bhojpuri Ethnologue World Languages (2009)
  2. ↑ Frawley, William. (May 2003). International Encyclopedia of Linguistics: 4-Volume Set. Oxford University Press, USA. ISBN 978-0-19-513977-8
  3. ↑ Google Translate now supports Sanskrit and Bhojpuri

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষাপোখালি (ভাষা)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোজপুৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৬২৯৮৪২ (২২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।