তুলু (কন্নড় লিপিত: ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ তুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ ভাৰতীয় লোকপিয়লৰ প্ৰতিবেদনত ভাৰতত মুঠ ১,৮৪৬,৪২৭ জন স্থানীয় তুলু ভাষী বুলি কোৱা হৈছে। ২০০১ চনৰ লোকপিয়লত মুঠ ১,৭২২,৭৬৮ জন স্থানীয়ভাষী বুলি কোৱা হৈছিল।১ ভাৰতীয় লোকপিয়লৰ প্ৰতিবেদনত প্ৰায়ে কন্নড় ভাষী হিচাপে গণ্য কৰা হয় বাবে নিজৰ জন্মস্থানৰ পৰা প্ৰব্ৰজন কৰা তুলু ভাষীসকলক গণনা কৰাত কিছু অসুবিধা হয়।২ ২০০৯ চনৰ তথ্যমতে পৃথিৱীত ৩০-ৰ পৰা ৫০ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।
তুলুনাডু

উপভাষা
তুলু ভাষাৰ চাৰিটা উপভাষা আছে, যিবোৰে অতি ঘনিষ্ঠ উচ্চাৰণৰ ৰীতি প্ৰদৰ্শন কৰে।
- সাধাৰণ তুলু
- ব্ৰাম্মণ তুলু
- জৈন কথ্যৰূপ
- গিৰিজান কথ্যৰূপ
বাহ্যিক সংযোগ
- All American Tulu Association Library
- Official Website of Karnataka Government's Tulu Academy
- Online Tulu Dictionary
- Tulupedia
- Tuluver.com
- Kopparige Tulu Dictionary
- Tulu Language and Alphabets
তথ্যসূত্ৰ
- ↑ Census of India - Statement 1. Registrar General & Census Commissioner, India
- ↑ Steever, Sanford B. (2015). The Dravidian Languages. Routledge. পৃ. 158–163. ISBN 9781136911644
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলু ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭৮৯৫৯ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।