অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অল চিকি লিপি

অল চিকি লিপি (চাঁওতালি ᱺ ᱚᱞ ᱪᱤᱠᱤ) চাঁওতালি ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। আন ভাৰতীয় ব্ৰাহ্মী লিপিৰ দৰে অল চিকি লিপি আবুগিদা নহয়, ই এক বৰ্ণমালা বা এলফাবেট লিপি। অৰ্থাৎ অল চিকি লিপিত লেটিন লিপিৰ দৰে ব্যঞ্জন আৰু স্বৰ দুয়ো বৰ্ণই সমান গুৰুত্ব পায়।

হালনাগাদ: ৯ মে’ ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

অল চিকি লিপি (চাঁওতালি ᱺ ᱚᱞ ᱪᱤᱠᱤ) চাঁওতালি ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। আন ভাৰতীয় ব্ৰাহ্মী লিপিৰ দৰে অল চিকি লিপি ধ্বনিগত বৰ্ণমালা লিপি নহয়, ই এক বৰ্ণমালা বা এলফাবেট লিপি। অৰ্থাৎ অল চিকি লিপিত লেটিন লিপিৰ দৰে ব্যঞ্জন আৰু স্বৰ দুয়ো বৰ্ণই সমান গুৰুত্ব পায়। স্বৰবৰ্ণবোৰ মাত্ৰাৰ ৰূপত ব্যঞ্জনবৰ্ণবোৰত লগ লগাৰ সলনি স্বতন্ত্ৰ ৰূপতে থাকে।

ইতিহাস

পূৰ্বতে চাঁওতালি ভাষা লিখিবলৈ লেটিন, দেৱনাগৰী আৰু বঙালী লিপিৰ ব্যৱহাৰ কৰা হৈছিল। পিছে চাঁওতালি ভাষা ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত নহয় বাবে যিকোনো ভাৰতীয় লিপিৰে ইয়াক সঠিকভাবে লিখা সম্ভৱপৰ নহয়।

১৯২৫ চনত ভাষাতত্ত্ববিদ ৰঘুনাথ মুৰ্মুই চাঁওতালি ভাষাক সঠিকভাবে লিখাৰ উদ্দেশ্যেৰে এক সম্পূৰ্ণ নতুন আৰু স্বকীয় লিপিৰ উদ্ভাৱন কৰে। এয়ে হৈছে অল চিকি লিপি। ১৯৩৯ চনত ইয়াক প্ৰথম প্ৰকাশ কৰা হয়।১২

বৰ্ণমালা

অল চিকি লিপিত ৩০টা বৰ্ণ, ১০টা সংখ্যাৰ লগতে আন কিছু চিহ্নও আছে। বৰ্ণবোৰৰ আকাৰ প্ৰাকৃতিক বস্তু বা কাৰ্যৰ পৰা অনুপ্ৰাণিত।৩

LetterNameIPA৪TransliterationShape৩
ALA-LC৫Zide৪Deva.Ass.Odia
la/ɔ/aọburning fire
at/t/ttthe Earth
ag/k’/, /g/gk’vomiting mouth, which produces the same sound as the name of the letter
ang/ŋ/ṃṅblowing air
al/l/llwriting
laa/a/āaworking in the field with a spade
aak/k/kkbird (sound of a swan)
aaj/c’/, /ɟ/jc’person pointing towards a third person with the right hand (saying “he”)
aam/m/mmperson pointing towards a second person with the left hand (saying “you”)
aaw/w/, /v/wwopening lips
li/i/iibending tree
is/s/ssplow
ih/ʔ/, /h/ẖhhands up
iny/ɲ/ññperson pointing towards himself/herself with the left hand
ir/r/rrsickle used for cutting or reaping
lu/u/uuvessel used for preparing food
uch/c/ccpeak of a mountain which is usually high
ud/t’/, /d/dt’mushroom
unn/ɳ/ṇṇpicture of a flying bee (which Is described by Santali speakers as making this sound)
uy/j/yya man bending towards the ground to cut something
le/e/eeoverflowing rivers changing course
ep/p/ppperson receiving with both hands
edd/ɖ/ḍḍa man with two legs stretching towards his chest and mouth
en/n/nnthreshing grains with two legs
err/ɽ/ṛṛa path that turns to avoid an obstruction or a danger
lo/o/ooa mouth when sounding this letter
ott/ʈ/ṭṭcamel hump
ob/p’/, /b/bp’curly hair
ov/w̃/ṅw̃nasalized
oh/ʰ/h(C)ha man throwing something with one hand

/tʰ/, /gʱ/, /kʰ/, /jʱ/, /cʰ/, /dʱ/, /pʰ/, /ɖʱ/, /ɽʱ/, /ʈʰ/, and /bʱ/.

সংখ্যা

Digit0123456789
Ol Chiki
Assamese
Devanagari
Odia
Persian

ইউনিক’ড

ইউনিক’ডৰ ২০০৮ চনৰ এপ্ৰিলত প্ৰকাশিত ৫.১ সংস্কৰণত অল চিকি লিপিক অন্তৰ্ভুক্ত কৰা হয়। অল চিকি লিপিৰ ইউনিক’ড ব্লকটো U+1C50 ৰ পৰা U+1C7F ক'ড বিন্দুলৈ বিয়পি আছে।

তথ্যসূত্ৰ

  1. ↑ Hembram, Phatik Chandra. (2002). Santhali, a Natural Language. U. Hembram. পৃ. 165
  2. ↑ Kundu, Manmatha. (1994). Tribal Education, New Perspectives. Gyan Publishing House. পৃ. 37. ISBN 9788121204477
  3. ↑ (2002). Ol Chiki Script. A portal for Santals
  4. ↑ Zide. (1996). The World's Writing Systems. Oxford University Press, Inc. পৃ. 614-615. ISBN 978-0195079937
  5. ↑ Santali (in Ol script). ALA-LC Romanization Tables. দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

লিপিচাঁওতাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অল চিকি লিপি” প্ৰবন্ধৰ সংশোধন ৬০৫৬০১ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।