ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ভাৰত-আৰ্য ভাষা পৰিয়াল। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰ অন্যান্য অঞ্চলত১ পাকিস্তানৰ পঞ্জাব অঞ্চলত২ এই ভাষা প্ৰচলিত। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষী অঞ্চলক বোলা হয় ডুগ্গাৰ। ডোগ্ৰী ইণ্ডো-আৰ্য ভাষাসমূহৰ পশ্চিম পাহাৰী দলৰ এটা ভাষা। পাকিস্তানত আৰু পাকিস্তান-নিয়ন্ত্ৰিত কাশ্মীৰত ইয়াক পাহাৰী ভাষা (पहाड़ी বা ﭘﮭﺎﮌﯼ) নামেৰেও অবিহিত কৰা হয়। ডোগ্ৰী এটা সুৰপ্ৰধান ভাষা, যিটো ইণ্ডো-ইউৰোপীয় ভাষাসমূহৰ মাজত এটা ব্যতিক্ৰম। পঞ্জাবী আৰু পশ্চিম পাহাৰী ভাষাবিলাকো সুৰপ্ৰধান।
লিপি
ডোগ্ৰী আদিতে তাকৰি লিপিত লেখা হৈছিল। তাকৰি লিপিৰ সৈতে কাশ্মিৰী ভাষা লিখতে ব্যৱহৃত কৰা শাৰদা লিপি আৰু পঞ্জাবী ভাষা লিখাত ব্যৱহৃত গুৰুমুখী লিপিৰ সৈতে মিল আছিল। বৰ্তমানে ই দেৱনাগৰী লিপিৰে অথবা নাস্তালিক লিপিৰে (পাকিস্তান আৰু পাকিস্তান নিয়ন্ত্ৰিত কাশ্মীৰত) লিখা হয়।
তথ্যসূত্ৰ
- ↑ Dogri. Ethnologue
- ↑ (1970). Cultural Forum. India (Republic) Ministry of Scientific Research and Cultural Affairs. পৃ. 24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোগ্ৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৬৩ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।