অৱধী (দেৱনাগৰী লিপি: अवधी, কৈথী: 𑂃𑂫𑂡𑂲), যাক ঔধী বুলিও কোৱা হয়, হৈছে এটা ভাৰত-আৰ্য ভাষা পৰিয়াল যি ইণ্ডো-ইৰাণীয় শাখাৰ অন্তৰ্গত আৰু ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল ভাষা পৰিয়ালৰ অংশ।
এই ভাষাটো উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ অৱধ অঞ্চলত আৰু পশ্চিম নেপালৰ তেৰাই অঞ্চলত কোৱা হয়।১
‘অৱধ’ নামটো প্ৰাচীন নগৰ অযোধ্যাৰ সৈতে সম্পৰ্কিত, যাক হিন্দু ধৰ্মত ৰাম দেৱতাৰ জন্মভূমি বুলি গণ্য কৰা হয়। উপনিৱেশিক যুগত বদ্ধ শ্ৰমিক হিচাপে বিদেশলৈ যোৱা ভাৰতীয়সকলৰ বংশধৰসকলৰ মাজতো অৱধী ভাষা, বিশেষকৈ ভোজপুৰীৰ সৈতে, বহুলভাৱে প্ৰচলিত।
ব্ৰজৰ সৈতে একেলগে অৱধী ১৯শ শতিকালৈকে সাহিত্যিক ভাষা হিচাপে ব্যৱহৃত হৈছিল, যদিও পাছলৈ ইয়াক হিন্দী ভাষায়ে প্ৰতিষ্ঠাপন কৰে। মানক হিন্দীৰপৰা পৃথক হ’লেও, উত্তৰ আৰু পূব উত্তৰ প্ৰদেশৰ বহু জিলাত অৱধী আজিও নিজা ৰূপত কথিত হৈ আছে।
ভাৰত চৰকাৰে অৱধীক পূৰ্ব হিন্দী ভাষাসমূহৰ অন্তৰ্গত এক বৃহৎ মাতৃভাষা হিচাপে গণ্য কৰে। অঞ্চলটোৰ যোগাযোগ ভাষা হিচাপে মান্য হিন্দী ব্যৱহৃত হয়,২ আৰু বিদ্যালয় শিক্ষা, প্ৰশাসনিক আৰু চৰকাৰী কাম-কাজত হিন্দী ব্যৱহাৰ কৰা হয়। অৱধী সাহিত্যকো হিন্দী ভাষা সাহিত্যৰ অংশ হিচাপে ধৰা হয়।
ভাৰতীয় সাহিত্যৰ কিছুমান অতি গুৰুত্বপূৰ্ণ হিন্দু ধৰ্মীয় গ্ৰন্থ যেনে ৰামচৰিতমানস আৰু হনুমান চালিছা অৱধী ভাষাত ৰচিত।
অৱধী ভাষাৰ বিকল্প নামসমূহৰ ভিতৰত বাইছৱাড়া অঞ্চলৰপৰা আহৰণ কৰা বাইছৱাৰী, লগতে পূৰ্বী (অৰ্থাৎ “পূবৰ”) আৰু প্ৰাচীন কোশল ৰাজ্যৰ নামৰপৰা উদ্ভৱ হোৱা কোশলী অন্তৰ্ভুক্ত।
ভৌগোলিক অঞ্চল
এই ভাষাটো প্ৰধানকৈ মধ্য উত্তৰ প্ৰদেশৰ অৱধ অঞ্চল আৰু বাহৰেইচ, এলাহাবাদ, বাৰাবাণী, গাণ্ডা, ফৈজাবাদ আৰু লক্ষ্ণৌ চহৰত কোৱা হয়। প্ৰতাপগড়, চুলতানপুৰ, জৈনপুৰ, বস্তি জিলাৰ মানুহে অৱাধী ভাষা কয়। ভাৰতৰ উপৰিও নেপালৰ কেইখনমান জিলাত অৱধী ভাষী লোকে বাস কৰে। ভাৰতৰ বাহিৰত ফিজি, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, আমেৰিকা, কানাডা আদি দেশতো অৱধী ভাষী লোক আছে।
সাহিত্য
এই ভাষাৰ গুৰুত্বপূৰ্ণ সাহিত্যিক গ্ৰন্থসমূহৰ ভিতৰত মৌলানা দত্তৰ কন্দযান, মালিক মহম্মদ জেছিৰ পদ্মৱত (১৫৪০ খ্ৰীষ্টাব্দ), তুলসীদাসৰ (১৫৭৫ খ্ৰীষ্টাব্দ) ৰামচৰিত্ৰমৃত আৰু হনুমান চালিছা, কবীৰ বা বিজাকৰ "দোহে", ১৭৫৭ চনত নুৰ মহম্মদৰ ইন্দ্ৰাৱতী, আৰু কবি সুৰৰ ৰচনা।
জনপ্ৰিয় সংস্কৃতিত
মনোৰঞ্জন
১৯৬১ চনৰ চলচ্চিত্ৰ গঙ্গা জমুনাত চৰিত্ৰসমূহে অৱধী ভাষাৰ এক নিৰপেক্ষ ৰূপ ব্যৱহাৰ কৰা দেখা যায়। ১৯৭৫ চনৰ চলচ্চিত্ৰ শোলেত গব্বৰ সিঙৰ কথনভংগী খড়ীবোলী আৰু অৱধীৰ মিশ্ৰণ আছিল, যি গঙ্গা জমুনা চলচ্চিত্ৰত দিলীপ কুমাৰে অভিনয় কৰা ডাকু চৰিত্ৰ গঙ্গাৰ পৰা অনুপ্ৰাণিত আছিল।৩
২০০১ চনৰ চলচ্চিত্ৰ লগানত দৰ্শকসকলৰ বাবে সহজে বুজাব পৰা হোৱাকৈ অৱধী ভাষাৰ এক নিৰপেক্ষ ৰূপ ব্যৱহাৰ কৰা হৈছিল।৪৫
২০০৯ চনৰ চলচ্চিত্ৰ Dev.Dত অমিত ত্ৰিবেদীৰ দ্বাৰা সুৰাৰোপিত অৱধী গীত “পায়েলীয়া” অন্তৰ্ভুক্ত কৰা হৈছিল।৬
দূৰদৰ্শন ধাৰাবাহিক যুধত অমিতাভ বচ্চনে নিজৰ কিছুমান সংলাপ অৱধী ভাষাত কোৱাৰ বাবে হিন্দুস্তান টাইমছৰ পৰা সমালোচনামূলক প্ৰশংসা লাভ কৰিছিল।৭
ৰামানন্দ সাগৰৰ ১৯৮৭ চনৰ দূৰদৰ্শন ধাৰাবাহিক ৰামায়ণত অযোধ্যাৰ বাসিন্দাসকল আৰু আন কিছুমান গৌণ চৰিত্ৰই অৱধী ভাষা ব্যৱহাৰ কৰা দেখা যায়। চলচ্চিত্ৰ সিলসিলাৰ পৰা গীত “ৰংগ বৰসে ভীগে চূনৰ ৱালী”ৰ গীতিকাও অৱধী উপভাষাত ৰচিত, য’ত অমিতাভ বচ্চন আৰু ৰেখা অভিনয় কৰিছিল।
২০২২ চনৰ হিন্দী চলচ্চিত্ৰ বিক্ৰম বেধাত হৃতিক ৰোশনে অভিনয় কৰা বেধা বেতাল চৰিত্ৰই অৱধী উপভাষাত কথা কোৱা দেখা যায়।
অৱধী লোকগীত “মেৰে অংগনে মেঁ তুম্হাৰা ক্যা কাম হ্যায়” বলীউডত জনপ্ৰিয় হৈ পৰে। ইয়াৰ এক নিৰপেক্ষ ৰূপ ১৯৮১ চনৰ চলচ্চিত্ৰ লাৱাৰিছত অমিতাভ বচ্চনৰ সৈতে ব্যৱহৃত হৈছিল। এই গীতটো ১৯৭০ চনৰ Bombay Talkie আৰু ১৯৭৫ চনৰ মজে লে লো চলচ্চিত্ৰতো অন্তৰ্ভুক্ত হৈছিল। ২০২০ চনত এই গীতটো নেহা কক্কৰে একক হিচাপে মুক্তি দিয়ে।৮
আন এক জনপ্ৰিয় অৱধী লোকগীত “হোলী খেলে ৰঘুবীৰা”কো বলীউডৰ জৰিয়তে জনপ্ৰিয় কৰা হয়। এই গীতটো নিৰপেক্ষ ৰূপত অমিতাভ বচ্চনে কণ্ঠদান কৰি ২০০৩ চনৰ চলচ্চিত্ৰ বাগবানত সংযোজন কৰা হৈছিল, য’ত হেমা মালিনীও অভিনয় কৰিছিল।
১৯৮২ চনৰ চলচ্চিত্ৰ নদীয়া কে পাৰ সম্পূৰ্ণৰূপে অৱধী ভাষাত নিৰ্মিত আছিল। একে পৰিচালকৰ দ্বাৰা নিৰ্মিত ১৯৯৪ চনৰ পুনৰ্নিৰ্মাণ হাম আপকে হ্যায় কৌন অৱশ্যে হিন্দী ভাষাত নিৰ্মিত হৈছিল।৯
লোকসংস্কৃতি
অৱধ অঞ্চলত অৱধী ভাষাত গোৱা লোকসংগীতৰ প্ৰধান ধাৰাসমূহৰ ভিতৰত ছাৰিয়া, বিয়াহ, সুহাগ, গাৰী, নক্তা, বন্ৰা (বন্না-বন্নী), আলহা, সাৱন, ঝুলা, হৰি আৰু বাৰহমাসা অন্তৰ্ভুক্ত।
বাহ্যিক সংযোগ
- Entry for Awadhi at SIL International
- অৱধী কিতাপ
তথ্যসূত্ৰ
- ↑ Origin, Structure, Development, and Situation of Awadhi Language in Nepal
- ↑ How languages intersect in India. Hindustan Times
- ↑ Chopra, Anupama. (11 August 2015). Shatrughan Sinha as Jai, Pran as Thakur and Danny as Gabbar? What 'Sholay' could have been. Scroll.in
- ↑ Exclusive!!! Aamir Khan on the sets of Lagaan. rediff.com
- ↑ Lagaan: Just perfect. The Times of India
- ↑ Making music, from Aamir to Dev D. rediff.com
- ↑ (2 August 2014). Yudh review: Amitabh Bachchan's show limps back to sluggish pace. Hindustan Times
- ↑ The curious case of Mere Angne Mein Tumhara Kya Kaam Hai
- ↑ (4 November 2024). Sooraj Barjatya didn't want to direct Hum Aapke Hain Koun
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱধী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩২১৬১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।