অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কোংকণী ভাষা

কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: ) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: ) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়। কোংকণী ভাৰতৰ অঙ্গৰাজ্য গোৱাৰ চৰকাৰী ভাষা আৰু সমগ্ৰ ভাৰতৰ এটা চৰকাৰী ভাষা। কোংকণী ভাষাৰ কোনো নিৰ্দিষ্ট লিপি নাই। সেয়ে কোংকণী ভাষাৰ ক্ষেত্ৰত দেৱনাগৰী লিপিটোকে চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হয়।

শ্ৰেণীবিভাজন

কোংকণী ভাৰত-আৰ্য ভাষা পৰিয়াল শাখাৰ অন্তৰ্গত। ই মাৰাঠী-কোংকণী ভাষা গোটৰ অংশ, যি দক্ষিণ ইণ্ডো-আৰ্য্য ভাষাবোৰৰ অন্তৰ্গত।১ ই অপ্ৰযোজ্য (inflexive) আৰু অন্যান্য আধুনিক ভাৰত-আৰ্য ভাষা পৰিয়ালৰ তুলনাত সংস্কৃত ভাষাৰ পৰা কম দূৰত্বত আছে। ভাষাবিজ্ঞানীসকলে কোংকণীক বিভিন্ন প্ৰাকৃত লোকভাষাৰ মিশ্ৰণেৰে গঠিত বুলি বৰ্ণনা কৰিছে। ইয়াৰ মূল কাৰণ হ’ব পাৰে কোংকণ উপকূলীয় অঞ্চলত বিভিন্ন যুগত হোৱা বিভিন্ন জনগোষ্ঠীৰ আগমন।২

লিপি

তথ্যসূত্ৰ

  1. ↑ Masica, Colin P. (1991). The Indo-Aryan languages. পৃ. 449
  2. ↑ Menezes, Armando. (1970). Essays on Konkani language and literature: Professor Armando Menezes felicitation volume. Konkani Sahitya Prakashan. পৃ. 118 pages (see page:2)

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষাপোখালি (ভাষা)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোংকণী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩১৯০১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।