হোৱাট্ছএপ মেছেঞ্জাৰ (WhatsApp Messenger) এটা অ-মুক্ত উৎসৰ, একাধিক প্লে’টফৰ্মত ব্যৱহাৰ কৰিব পৰা এটা ক্ষিপ্ৰ বাৰ্তা এপ্লিকেছন। স্মাৰ্টফোনৰ এই এপ্লিকেছনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পাঠ, ছবি, ভিডিঅ’ আৰু শ্ৰাব্য মিডিয়া বাৰ্তাৰ লগতে সংযুক্ত মেপিং বৈশিষ্টৰ সহায়ত তেওঁলোকৰ অৱস্থানো পঠিয়াব পাৰে। ক্লায়েণ্ট ছফ্টৱেৰটো গুগল এণ্ড্ৰইড, ব্লেকবেৰী অ’এছ, এপল আই অ’এছ, কিছুমান ন’কিয়া চিৰিজ 40, ছীম্বায়ান, ন’কিয়া আচা, মাইক্ৰ’ছফ্ট ৱিণ্ড’জ ফোন আৰু ব্লেকবেৰী 10-ৰ বাবে উপলব্ধ। পূৰ্বে য়াহু!-ৰ কৰ্মচাৰী আমেৰিকান লোক ব্ৰায়ান এক্টন (Brian Acton) আৰু য়াং কুমে (Jan Koum) ২০০৯ চনত হোৱাট্ছএপ ইন্ক’ৰ্প’ৰেচন প্ৰতিষ্ঠা কৰিছিল।১২ ইয়াৰ মুখ্য কাৰ্যালয় মাউণ্টেইন ভিউ, কেলিফ’ৰ্নিয়াত অৱস্থিত আৰু ইয়াৰ কৰ্মচাৰীৰ সংখ্যা ৫৫ জন।৩
কেইবাটাও এছীয়ভিত্তিক বাৰ্তা সুবিধাৰ (LINE, KakaoTalk, WeChat) সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হোৱা হোৱাট্ছএপে ২০১২ চনৰ আগষ্টত প্ৰতিদিনে এশ কোটি বাৰ্তা প্ৰেৰণ কৰিছিল।৪ ২০১২ চনৰ এপ্ৰিলত আৰু আগৰ বছৰৰ অক্টোবৰত এই সংখ্যা আছিল ক্ৰমে ২০ কোটি আৰু ১০ কোটি।৫ ২০১৩ চনৰ ১৩ জুনত হোৱাট্ছএপে ঘোষণা কৰে যে তেওঁলোকে দৈনিক ২৭০ কোটি বাৰ্তা প্ৰেৰণেৰে নতুন অভিলেখ কৰিছে।৬ Financial Times-ৰ মতে, "স্কাইপে লেণ্ডলাইনেৰে আন্তঃৰাষ্ট্ৰীয় ফোন কৰাৰ মুদা মৰাৰ নিচিনাকৈ হোৱাট্ছএপে ম’বাইলৰ ফোনৰ এছ এম এছৰ একে দশা কৰিছে। "৭
এপ্ৰিল ২০১৫-ৰ তথ্য অনুসৰি প্ৰায় ৮০০ নিযুত সক্ৰিয় ব্যৱহাৰকাৰীৰে হোৱাট্ছএপ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় বাৰ্তা এপ্।৮
২০১৪ চনৰ ১৯ ফেব্ৰুৱাৰীত ফেচবুকে ২২ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত হোৱাট্ছএপ ক্ৰয় কৰে।৩৯
তথ্যসূত্ৰ
- ↑ (2012-07-09). El pais
- ↑ Eric, Jackson. (December 3, 2012). Why Selling WhatsApp To Facebook Would Be The Biggest Mistake of Jan Koum's and Brian Acton's Lives. Forbes
- ↑ Albergotti, Reed; MacMillan, Douglas; Rusli, Evelyn M. (February 20, 2014). Facebook's $19 Billion Deal Sets High Bar. The Wall Street Journal. পৃ. A1, A6
- ↑ Olanof, Drew. (August 23, 2012). WhatsApp hits new record with 10 billion total messages in one day. The Next Web
- ↑ Olanoff, Drew. (October 31, 2011). WhatsApp users now send over one billion messages a day. TheNextWeb
- ↑ WhatsApp. 27 Billion msgs handled in just 24 hours!. Tweeter
- ↑ Bradshaw, Tim. (November 14, 2011). WhatsApp users get the message. The Financial Times
- ↑ Nate Ralph. (April 18, 2015). WhatsApp touts 800M monthly active users. CNET
- ↑ (19 February 2014). Facebook to Acquire WhatsApp
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোৱাট্ছএপ” প্ৰবন্ধৰ সংশোধন ৫৭২৭৪৩ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।