মৈথিলী (𑒧𑒻𑒟𑒱𑒪𑒲) এটা ভাৰত-আৰ্য ভাষা। ই মূলতঃ ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে। হিন্দীতকৈ বঙালী, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাপে গণ্য কৰা হৈছিল যদিও ২০০৩ চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।১২৩ মৈথিলী ভাষা নেপালৰো চৰকাৰী ভাষা।৪৫৬
মৈথিলি ভাষা তিৰহুতা লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।
মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাত কথা পাতে। এই ভাষাৰ সবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি।
এই ভাষা ৩৪.৭ নিযুত লোকে কয়। তাৰে ২৮ লাখ নেপালী লোক। ভাষাটো প্ৰধানকৈ দেৱনাগৰী ভাষাত লিখা হয় যদিও ঐতিহাসিক তিৰহুতা আৰু কৈথী লিপিৰ কিছু ব্যৱহাৰ আজিলৈকে অক্ষুণ্ণ হৈ আছে।৭
চৰকাৰী মৰ্য্যাদা
২০০৩ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত ভাৰতৰ শিক্ষা, চৰকাৰী কামকাজ, আৰু অন্যান্য চৰকাৰী প্ৰেক্ষাপটত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়।১ ইউ পি এছ চি পৰীক্ষাত ঐচ্ছিক কাগজ হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে মৈথিলি ভাষা। মৈথিলী ভাষাই ২০১৮ চনৰ মাৰ্চ মাহত ভাৰতৰ ঝাৰখণ্ড ৰাজ্যত দ্বিতীয় চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰে।৮
ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ গোপাল জী ঠাকুৰ হৈছে মৈথিলী ভাষাত বক্তৃতা প্ৰদান কৰা প্ৰথমজন সংসদ সদস্য।৯ বৰ্তমান তেওঁ দৰভঙাৰ সাংসদ।১০
নেপালৰ ভাষা আয়োগে কোশী প্ৰদেশ আৰু মধেশ প্ৰদেশত প্ৰশাসনৰ বাবে মৈথিলী ভাষাক স্বীকৃতি প্ৰদান কৰিছে।১১
২০২৪ চনৰ ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে ভাৰতীয় সংবিধানৰ মৈথিলী সংস্কৰণ উন্মোচন কৰে।১২
বিতৰণ
ভাৰতত ইয়াক প্ৰধানকৈ বিহাৰৰ দৰভংগা, তিৰহুত, কোছি, পূৰ্ণিয়া, ভাগলপুৰ আৰু মুংগেৰ সংমণ্ডলত তথা ঝাৰখণ্ডৰ চাওঁতাল পৰগনা সংমণ্ডলত কোৱা হয়।১৩১৪
নেপালৰ মধেশ প্ৰদেশ আৰু কোচি প্ৰদেশত মৈথিলী ভাষা কোৱা হয়।১৫
দৰভংগা, মধুবনী আৰু জনকপুৰে মৈথিলী ভাষাৰ গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু ভাষিক কেন্দ্ৰ গঠন কৰিছে।
শ্ৰেণীবিভাজন
১৮৭০ চনত বিমছে মৈথিলীক বাংলা ভাষাৰ উপভাষা বুলি কৈছিল। হ’ৰ্ণলেই প্ৰথমে ইয়াক পূব হিন্দীৰ উপভাষা হিচাপে গণ্য কৰিছিল যদিও গৌডিয়ান ভাষাৰ সৈতে তুলনা কৰাৰ পিছত স্বীকাৰ কৰিছিল যে ইয়াত হিন্দীতকৈ বাংলা ভাষাৰ সৈতে অধিক সাদৃশ্য দেখা যায়। গ্ৰিয়াৰচনে ইয়াক এটা সুকীয়া ভাষা হিচাপে স্বীকৃতি দিছিল, আৰু ১৮৮১ চনত মৈথিলী ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰকাশ কৰিছিল।১৬১৭
সুনীতি কুমাৰ চেটাৰ্জীয়ে মৈথিলী ভাষাক মাগধী প্ৰাকৃতৰ অন্তৰ্গত কৰিছিল।১৮
উপভাষাসমূহ
মৈথিলী ভাষাৰ বহুকেইটা ভিন্ন উপভাষা আছে।১৯ মৈথিলীৰ উপভাষাসমূহ হ'ল:
- পূব মৈথিলী
- মধ্য মৈথিলি
- পশ্চিমীয়া মৈথিলী বা বজ্জিকা (বৰ্তমান বহুতে ইয়াক স্বতন্ত্ৰ ভাষা বুলি দাবী উত্থাপন কৰা দেখা যায়)
- ঠেঠী মৈথিলী
- অংগিকা, (বৰ্তমান ইয়াক স্বতন্ত্ৰ ভাষাৰ মৰ্যাদা দিয়া হয়)
- ভাৰত আৰু নেপালত দেহাতী, দেশী, কিষাণ, বন্তৰ, বৰমেলী, মুছাৰ, তাঁতী আৰু জোলাহাকে ধৰি আন কেবাটাও মৈথিলীৰ উপভাষা প্ৰচলিত। আটাইকেইটা উপভাষা থলুৱা মৈথিলীভাষীসকলৰ বাবে বুজিব পৰা।
উৎপত্তি আৰু ইতিহাস
ৰামায়ণৰ কাহিনী অনুসৰি প্ৰাচীন ৰাজ্য মিথিলাৰ শাসক আছিল জনক ৰজা। মিথিলা শব্দৰ পৰাই মৈথিলী নামটো উদ্ভৱ হৈছে। ৰজা ৰামৰ পত্নী আৰু ৰজা জনকৰ কন্যা সীতাৰ আন এটা নাম আছিল মৈথিলী ৷ মিথিলাৰ পণ্ডিতসকলে সাহিত্যিক কামৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল আৰু মৈথিলী আছিল সাধাৰণ লোকৰ ভাষা।
৭০০-১৩০০ খ্ৰীষ্টাব্দত ৰচিত বৌদ্ধ ৰহস্যবাদী পদ্য 'চৰ্যাপদ'ৰ পৰাই মৈথিলী ভাষা আৰু সাহিত্যৰ আৰম্ভণি হ'ব পাৰে। এই পদসমূহ বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ অন্তৰ্গত আৰু সমগ্ৰ অসম, বংগ, বিহাৰ আৰু ওড়িশাৰ ভূখণ্ডত সিঁচৰতি হৈ থকা কেইবাজনো সিদ্ধই সন্ধ্যা ভাষাত ৰচনা কৰিছিল৷ কেইবাজনো সিদ্ধ মিথিলা অঞ্চলৰ আছিল, যেনে কান্হপা, সৰ্হাপা আদি। চৰ্যাপদৰ ভাষা প্ৰাচীন মৈথিলী বা আদিমৈথিলী আছিল বুলি ৰাহুল সাংকৃত্যায়ন, সুভদ্ৰ ঝা আৰু জয়কান্ত মিশ্ৰৰ দৰে বিশিষ্ট পণ্ডিতসকলে প্ৰমাণ আগবঢ়াইছে।২০ চৰ্যাপদৰ বাহিৰেও লোকসংস্কৃতি, লোকগীতৰ এক চহকী পৰম্পৰা আছে আৰু যিবোৰ মিথিলা অঞ্চলৰ সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় আছিল।২১
জ্যোতিৰিশ্বৰ ঠাকুৰে (১২৮০–১৩৪০) মৈথিলী ভাষাত ৰচনা কৰিছিল এক অনন্য গ্ৰন্থ 'বৰ্ণৰত্নাকৰ'।২২
এই ভাষাৰ সবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি (১৩৬০-১৪৫০)।২৩২৪
মৈথিলী হিত সাধনা (১৯০৫), মিথিলা মোদা (১৯০৬), আৰু মিথিলা মিহিৰ (১৯০৮)ৰ প্ৰকাশনে সাহিত্যিকসকলক অধিক উৎসাহিত কৰিছিল।২৫ মৈথিলী ভাষাৰ বিকাশৰ বাবে ১৯১০ চনত মৈথিলী মহাসভা গঠন কৰা হৈছিল।২৬
বাবু ভোলা লাল দাসে ৰচনা কৰিছিল মৈথিলী ব্যাকৰণ। তেওঁ গদ্য কুসুমঞ্জলি নামৰ এখন গ্ৰন্থ সম্পাদনা কৰাৰ লগতে এখন আলোচনী মৈথিলী সম্পাদনা কৰিছিল।২৭ ১৯৬৫ চনত ভাৰতীয় সাহিত্যৰ প্ৰচাৰৰ বাবে নিবেদিত সংস্থা সাহিত্য অকাডেমিয়ে আনুষ্ঠানিকভাৱে মৈথিলী ভাষাক গ্ৰহণ কৰে।২৮২৯
২০০২ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত মৈথিলী ভাষাই প্ৰধান ভাষা হিচাপে স্বীকৃতি লাভ কৰে; বৰ্তমান ভাৰতৰ বাইশটা অনুসূচীত ভাষাৰ ভিতৰত ই অন্যতম।৩০
আচাৰ্য ৰামলোচন সাৰণৰ উদ্যোগত মিথিলক্ষৰ লিপিত গ্ৰন্থ প্ৰকাশৰ কাম আৰম্ভ হয়৩১৩২
মৈথিলী লিপি
মূল প্ৰবন্ধ: তিৰহুতা লিপি
মৈথিলী লিপিক তিৰহুতা লিপি বা মিথিলাক্ষৰ নামে জনা যায়।

মৈথিলী সাহিত্য
মূল প্ৰবন্ধ: মৈথিলী সাহিত্য
মৈথিলী সাহিত্য হ'ল মৈথিলী ভাষাৰ কবিতা, উপন্যাস, চুটিগল্প, নথি-পত্ৰ আৰু অন্যান্য লেখাৰ সম্পূৰ্ণ সংগ্ৰহ।
মৈথিলী সাহিত্যৰ তিনিভাগত যুগ বিভাজন কৰা হয়।
- আদি কাল (৭০০–১৩৫০) - এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ মৈথিলি সাহিত্যিক আছিল- জ্যোতিৰিশ্বৰ ঠাকুৰ (১২৯০–১৩৫০)।
- মধ্য কাল (১৩৫০–১৮৩০) - এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ মৈথিলি সাহিত্যিক আছিল- বিদ্যাপতি (১৩৫০–১৪৫০), শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আৰু গোবিন্দদাস (১৭ শতিকাৰ শেষৰ ফালে)
- আধুনিক কাল (১৮৩০ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে) - এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ সাহিত্যিক হ’ল-
- বলদেৱ মিশ্ৰ (১৮৯০–১৯৭৫)
- সুৰেন্দ্ৰ ঝা ‘সুমন’ (১৯১০–২০০২) (সাহিত্য অকাডেমীত মৈথিলী ভাষাক প্ৰতিনিধিত্ব কৰিছিল।)
- ৰাধা কৃষ্ণ চৌধুৰী (১৯২১–১৯৮৫)
- জয়কান্ত মিশ্ৰ (২০ ডিচেম্বৰ ২০০৩–৩ ফেব্ৰুৱাৰী ২০০৯) (সাহিত্য অকাডেমীত মৈথিলী ভাষাক প্ৰতিনিধিত্ব কৰিছিল।)
- বিনোদ বিহাৰী বৰ্মা (১৯৩৭–২০০৩)
- পৰিচয় দাস (১৯৬৪– )
- গজেন্দ্ৰ ঠাকুৰ (১৯৭১– )
মৈথিলী মাহৰ নাম
বৈসাখ, জেঠ, আষাঢ়, সাৱোন, ভাদো, আসিন, কাতিক, অগহন, পূস, মাঘ, ফাগুন, চৈতি।
বাহ্যিক সংযোগ
- UCLA Language Materials Project: Maithili
- National Translation Mission's (NTM) Maithili Pages
- Videha Ist Maithili
- ভাৰতৰ চৰকাৰী ভাষাসমূহ
তথ্যসূত্ৰ
- ↑ Constitutional provisions relating to Eighth Schedule
- ↑ (21 March 2018). मैथिली लिपि को बढ़ावा देने के लिए विशेषज्ञों की जल्द ही बैठक बुला सकते हैं प्रकाश जावड़ेकर. NDTV News
- ↑ (6 March 2018). मैथिली को भी मिलेगा दूसरी राजभाषा का दर्जा. Hindustan
- ↑ National Statistics Office 2023, পৃ. 32
- ↑ Nepal languages. Ethnologue
- ↑ Sah, K. K. (2013). Some perspectives on Maithili. Nepalese Linguistics. পৃ. 179–188
- ↑ Domain of the scripts of Maithili language *13.3*
- ↑ (2018). झारखंड: रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा. Prabhat Khabar
- ↑ The Hindu Net Desk. (18 November 2019). Parliament proceedings updates: Chit Funds (Amendment) Bill under consideration in Lok Sabha. The Hindu
- ↑ (2 September 2022). Darbhanga Lok Sabha Election Results 2019 Live Updates: Bihar Lok Sabha Election (Polls) Results 2019, Winner, Runner-Up
- ↑ Language Commission. (2021). सरकारी कामकाजको भाषाका आधारहरूको निर्धारण तथा भाषासम्बन्धी सिफारिसहरू (पञ्चवर्षीय प्रतिवेदन- साराांश) २०७८. Government of Nepal
- ↑ (26 November 2024). President Murmu releases Maithili and Sanskrit versions of Constitution. National Herald. PTI
- ↑ (2021). बिहार में मैथिली भाषा आजकल सुर्खियों में क्यों है? त्रेता युग से अब तक मैथिली का सफर. NBT
- ↑ (6 March 2018). मैथिली को भी मिलेगा दूसरी राजभाषा का दर्जा. Hindustan
- ↑ National Statistics Office 2023, পৃ. 210, 212, 218–220
- ↑ Yadav, Ramawatar. (1996). A Reference Grammar of Maithili. Walter de Gruyter. পৃ. 1–5. ISBN 978-3-11-014558-8
- ↑ Yadav, R. (1979). Maithili Phonetics and Phonology. Doctoral Dissertation, University of Kansas, Lawrence
- ↑ Chatterji, S. K. (1926). The origin and development of the Bengali language. University Press, Calcutta
- ↑ Brass, P. R. (2005). Language, Religion, and Politics in North India. iUniverse, Lincoln, NE
- ↑ Mishra, J. (1949). A History Of Maithili Literature
- ↑ Madhubani Paintings: People's Living Cultural Heritage. World History Encyclopedia
- ↑ Chatterji, S. K. (1940). Varna Ratnakara Of Jyotirisvara Kavisekharacarya
- ↑ Majumdar. (1960). ((The History and Culture of the Indian People)). Bharatiya Vidya Bhavan. পৃ. 515
- ↑ Morshed, Abul Kalam Manjoor. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ Vijay Deo Jha, Mithila Research Society. (9 March 2019). Maithil Mahasabha Ka Sankshipt Itihas ( Brief History Of Maithili Mahasabha) Pandit Chandranath Mishra Amar
- ↑ Mishra, Jayakanta. (1977). Social Ideals and Patriotism in Maithili Literature (1900-1930). Indian Literature. পৃ. 96–101
- ↑ Chatterjee, Ramananda. (1964). The Modern Review. Prabasi Press Private, Limited. পৃ. 215
- ↑ Jha, Ramanath. (1969). The Problem of Maithili. Indian Literature. পৃ. 5–10
- ↑ Parliament of India. parliamentofindia.nic.in
- ↑ Singh, P. & Singh, A. N. (2011). Finding Mithila between India's Centre and Periphery. Journal of Indian Law & Society 2: 147–181
- ↑ Horst, Kristen Nehemiah. (12 October 2011). Acharya Ramlochan Saran. Dign Press. ISBN 978-613-7-39524-0
- ↑ Acharya Ramlochan Saran, born on 11 February 1889, in #Muzaffarpur district of Bihar, was a Hindi littérateur, grammarian and publisher.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৈথিলী ভাষা” প্ৰবন্ধৰ সংশোধন ৬১৩০০৮ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।