অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চাঁওতালি ভাষা

চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৬ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত এই ৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০।১ ভূটানতো কিছু পৰিমাণে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ ঝাৰখণ্ড, অসম, বিহাৰ, ওড়িশা, ত্ৰিপুৰা আৰু পশ্চিমবংগ ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম অল চিকি লিপি। অৱশ্যে বঙালী লিপি, ওড়িয়া লিপি, লেটিন লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।

তথ্যসূত্ৰ

  1. ↑ "Santhali". Ethnologue: Languages of the world.

সম্পৰ্কিত শ্ৰেণী

ভাষাভাৰতৰ ভাষাঅসমৰ ভাষা আৰু লিপিপোখালি (ভাষা)চাঁওতালবাংলাদেশৰ ভাষাপশ্চিমবংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাঁওতালি ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২১৬২ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।