গুগলপ্লে’ নতুবা গুগল প্লে’ ষ্ট’ৰ (Google Play or Google Play Store) (পূৰ্বতে এণ্ড্ৰইড মাৰ্কেট বুলিও জনাজাত) হৈছে গুগলৰ দ্বাৰা পৰিচালিত আৰু বিকশিত এক ডিজিটেল বিতৰণ সেৱা। ই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম আৰু ইয়াৰ ডেৰাইভেটীভসমূহত চলি থকা প্ৰমাণিত ডিভাইচসমূহৰ বাবে অফিচিয়েল এপ ষ্ট’ৰ হিচাপে কাম কৰে। গুগল প্লে’ মুভীজ আৰু টিভি, গুগল প্লে’ বুক্সত ক্ৰয় কৰা বিষয়বস্তু ৱেব ব্ৰাউজাৰত আৰু এণ্ড্ৰইড আৰু আইঅএছ এপৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰি।
গুগল প্লে’ তাৎক্ষণিক এপ্স
২০১৭ চনত মুকলি কৰা গুগল প্লে’ ইনষ্টেণ্ট, যাক গুগল ইনষ্টেণ্ট এপ্স বুলিও কোৱা হয়, ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে প্ৰথমবাৰৰ কাৰণে ইনষ্টল নকৰাকৈয়ে কোনো এপ বা গেম ব্যৱহাৰ কৰিব পাৰে।১২
এপ মুদ্ৰাকৰণ
২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত গুগলে ঘোষণা কৰিছিল যে তেওঁলোকে বিকাশকাৰীসকলক তেওঁলোকৰ এপসমূহৰ বাবে মূল্য নিৰ্ধাৰণ কৰিবলৈ দিব। গুগলে লগতে ঘোষণা কৰে যে তেওঁলোকে কেৱল ডাউনল’ডৰ ওপৰত ভিত্তি কৰি নহয়, ব্যৱহাৰকাৰীৰ নিয়োজিততাৰ ওপৰত ভিত্তি কৰি গেমৰ প্ৰচাৰৰ বাবে নিজৰ এল্গ’ৰিদমত পৰিৱৰ্তন কৰিছে। অৱশেষত ই "এণ্ড্ৰইডত অনুকূল গে’মিং অভিজ্ঞতা" বুলি গণ্য কৰা নতুন পৃষ্ঠা ঘোষণা কৰে।৩৪৫
পেমেণ্টৰ পদ্ধতি

গুগলে ব্যৱহাৰকাৰীসকলক ক্ৰেডিট বা ডেবিট কাৰ্ড, কেৰিয়াৰ বিলিং, উপহাৰ কাৰ্ড বা পে’পালৰ জৰিয়তে বিষয়বস্তু ক্ৰয় কৰাৰ অনুমতি দিয়ে।৬ গুগলে ২০১২ চনৰ মে’ মাহত ক্ৰয়ৰ বাবে কেৰিয়াৰ বিলিং আৰম্ভ কৰে,৭৮ তাৰ পিছত ২০১৪ চনৰ মে’ মাহত পে’পালৰ বাবে সমৰ্থন আগবঢ়ায়।৯১০
তথ্যসূত্ৰ
- ↑ Google Play Instant. Android Developers
- ↑ (October 24, 2017). Android Instant Apps: What they are and how to use them on your phone. PCWorld
- ↑ Bankhead, Paul. (February 27, 2017). Welcome to Google Developer Day at Game Developer Conference 2017. Android Developers Blog
- ↑ Kastrenakes, Jacob. (February 28, 2017). Google now lets apps display sale prices in the Play Store. The Verge
- ↑ Rossignol, Derrick. (February 28, 2017). Google now lets developers offer sales on Android apps. Engadget
- ↑ Accepted payment methods on Google Play. Google Play Help
- ↑ O'Brien, Terrence. (May 2, 2012). Google Play adds carrier billing for music, movies and books. Engadget
- ↑ Ziegler, Chris. (May 2, 2012). Google Play now lets you charge movies, music, and books to your phone bill on some carriers. The Verge
- ↑ Ruddock, David. (May 15, 2014). Play Store Now Accepts PayPal In 12 Countries, Carrier Billing, Gift Cards, And Developer Sales Countries Expanded, Too. Android Police
- ↑ Seifert, Dan. (May 15, 2014). You can now use PayPal to buy apps from the Google Play Store. The Verge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুগল প্লে’” প্ৰবন্ধৰ সংশোধন ৫৭২৭১১ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।