অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বিজ্ঞান জগতত অসমীয়া মহিলা

সোতৰ, ওঠৰ আৰু ঊনৈশ শতিকাত বেছিভাগ মহিলাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু গৱেষণাগাৰত প্ৰৱেশাধিকাৰ নাছিল। ১৮৬৮ চনত প্ৰথমবাৰৰ বাবে পেৰিছ বিশ্ববিদ্যালয়ত (ছৰবন) মহিলাক নামভৰ্তি কৰিবলৈ দিয়া হৈছিল।১৮৭২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ত মহিলাক বিজ্ঞান পঢ়িবলৈ নামভৰ্তি কৰিবলৈ অনুমতি দিয়াত মহিলাক এনে সুবিধা দিয়া…

হালনাগাদ: ১১ জুলাই ২০২৬ ৬৬৫ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সোতৰ, ওঠৰ আৰু ঊনৈশ শতিকাত বেছিভাগ মহিলাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু গৱেষণাগাৰত প্ৰৱেশাধিকাৰ নাছিল।১ ১৮৬৮ চনত প্ৰথমবাৰৰ বাবে পেৰিছ বিশ্ববিদ্যালয়ত (ছৰবন) মহিলাক নামভৰ্তি কৰিবলৈ দিয়া হৈছিল।১১৮৭২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ত মহিলাক বিজ্ঞান পঢ়িবলৈ নামভৰ্তি কৰিবলৈ অনুমতি দিয়াত মহিলাক এনে সুবিধা দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিচিপি নদীৰ পূবফালৰ প্ৰথম বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হয়।১১৮৭৭ চনত ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ ডাবলিনৰ কিংছ আৰু কুইনছ্ কলেজত চিকিৎসা-বিজ্ঞান পাঠ্যক্ৰমত প্ৰথমবাৰৰ বাবে ছোৱালীৰ নামভৰ্তি কৰা হয়।১প্ৰথমবাৰৰ বাবে মহিলাক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হৈছিল ১৮৮১ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ত। যদিও তেওঁলোকক ডিগ্ৰী প্ৰদান কৰা নহৈছিল।১ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱা মহিলাৰ সংখ্যা লাহে লাহে বাঢ়ি আহিল। ১৬৬২ চনতে প্ৰতিষ্ঠা লাভ কৰা ৰয়েল ছ'চাইটি অৱ লণ্ডনত ১৯৪৫ চনত প্ৰথম মহিলা সদস্য লোৱা হয়। একাডেমী ডেচ চায়েন্স(Academic Des Science)ৰ বাবে ১৯৬২ চনত প্ৰথম মহিলা সদস্য (মাৰ্গাৰেট পেৰি) নিৰ্বাচিত হয়।১

ভাৰতত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মহিলাই বিজ্ঞান শিক্ষাৰে উচ্চ শিক্ষিত হোৱাৰ সুযোগ লাভ কৰে। ১৮৩৫ চনৰ ২৪ জানুৱাৰীত কলিকতা চিকিৎসা মহাবিদ্যালয় আৰু ২ ফেব্ৰুৱাৰীত মাদ্ৰাছ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়।১১৮৮১ চনত অবলা বসুৱে কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী হিচাপে যোগদান কৰিছিল যদিও নানান কাৰণত তেওঁৰ পাছ কৰা নহ'ল। কাদম্বিনী গাংগুলী (১৮৬১-১৯২৩) আৰু আনন্দীবাঈ যোশী(১৮৬৫-১৮৮৭) এই দুগৰাকী আছিল সমগ্ৰ দক্ষিণ এছিয়াৰ প্ৰথম মহিলা চিকিৎসা ডিগ্ৰীধাৰী।১

চিকিৎসা ক্ষেত্ৰত অসমীয়া মহিলা

অসমৰ বিভিন্ন ঠাইত চিকিৎসা সেৱা আগবঢ়োৱা মহিলা চিকিৎসকৰ ভিতৰত কেইগৰাকী মান হ'ল -

যোৰহাটৰ১

  1. ডাঃ বাৰ্থা জিল
  2. ডাঃ অন্নদা বৰা
  3. ডাঃ ৰেবেকা আছাও;

শিৱসাগৰত১

  1. ডাঃ নেদফ'।

এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলা হ'ল ৰজনীপ্ৰভা শইকীয়া আৰু তিলোত্তমা ৰায়চৌধুৰী।১

আন কেইগৰাকীমান অসমীয়া মহিলা চিকিৎসক হ'ল-১২

  1. ডাঃ সুশীলা টমাছ
  2. ডাঃ নিৰ্মলা চলিহা
  3. ডাঃ কুসুমকুমাৰী দাস
  4. ডাঃ দুৰ্গাবাসিনী দাস
  5. ডাঃ উষা দেৱী
  6. ডাঃ নন্দিতা চৌধুৰী
  7. ডাঃ বীণাপাণি দলে
  8. ডাঃ নিৰু দত্ত
  9. ডাঃ মালতী বৰুৱা
  10. ডাঃ বন্তি শৰ্মা ডেকা
  11. ডাঃ অজয়া মহন্ত
  12. ডাঃ আৰতি ভট্টাচাৰ্য্য
  13. ডাঃ সৰোজিনী দত্ত চৌধুৰী
  14. ডাঃ নিৰ্মলা বৰুৱা
  15. ডাঃ কমলা গোহাঁই
  16. ডাঃ পূৰবী গগৈ।
  17. ডাঃ ভাৰতী বৰুৱা
  18. ডাঃ হিৰণ্যপ্ৰভা খাটনিয়াৰ
  19. ডাঃ লক্ষ্মী গোস্বামী
  20. ডাঃ অলকা গোস্বামী
  21. ডাঃ দিপালী দত্ত

১৯০০ চনত অসমত বেৰী হোৱাইট চিকিৎসা স্কুল স্থাপন কৰা হৈছিল। স্বাধীনতাৰ পূৰ্বে কুৰি শতিকাৰ প্ৰথম দুটা দশকত কলিকতাৰ কেম্বেল চিকিৎসা মহাবিদ্যালয়ৰ পৰা এল. এম. পি. ডিপ্লমা লাভ কৰা ডাঃ সুশীলা টমাছ,ডাঃ দুৰ্গাবাসিনী দাস আৰু ডাঃ কুসুমকুমাৰী দাস ক্ৰমে অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় মহিলা চিকিৎসক আছিল বুলি জনা যায়।২ ডাঃ সুশীলা টমাছে (১৮৯৭-১৯৬৭)১৯০৩ চনত ধুবুৰীত লেডী ডাক্তৰ হিচাপে প্ৰথম নিযুক্তি লাভ কৰে। পাছত তেওঁ শ্বিলঙৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়ায়।১১৯৩৩ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰি চাবুৱা চিকিৎসালয়ত কাম কৰা ৰজনীপ্ৰভা শইকীয়া হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভনীয়েক।১১৯৩৩ চনতে কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা তিলোত্তমা ৰায়চৌধুৰী আছিল গুৱাহাটী নিবাসী হৰেকৃষ্ণ দাসৰ দুহিতা। দেউতাকে স্থাপন কৰা হস্পিটেলৰ মহিলা আৰু শিশু চিকিৎসক ৰূপে তেওঁ সেৱা আগবঢ়াইছিল।১১৯০৯ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা মহিলা চিকিৎসক নিৰ্মলা চলিহাৰ পিতৃ কালিপ্ৰসাদ চলিহা।কলিকতাৰ বহুকেইখন চিকিৎসালয়ত কাম কৰাৰ উপৰি ডিগবৈৰ অসম অইল কোম্পানীৰ চিকিৎসালয়ৰ প্ৰসূতি বিভাগত কেইবাবছৰো কাম কৰিছিল।১ইণ্ডিয়ান মেডিকেল ৱমেনছ্ এছ'চিয়েচনৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমীয়া ছোৱালী কমলা গোহাঁই হ'ল অধ্যাপক হীৰেন গোহাঁইৰ জ্যেষ্ঠা ভগ্নী।১ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা হ'ল নিৰ্মলা বৰুৱা। অসমৰ তিনিওখন চিকিৎসা মহাবিদ্যালয়ত (ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ) তেওঁ সেৱা আগবঢ়ায়।১

অভিযান্ত্ৰিক ক্ষেত্ৰত অসমীয়া নাৰী

অভিযান্ত্ৰিক ক্ষেত্ৰত মহিলাৰ প্ৰবেশ ঘটে কুৰি শতিকাৰ পঞ্চম দশকত (১৯৫৫)।১প্ৰথমগৰাকী মহিলা অভিযন্তা হৈছে ৰীতা দত্ত।১

অভিযান্ত্ৰিক বিভাগসমূহত প্ৰথম অসমীয়া মহিলা অভিযন্তা কেইগৰাকীমান তেওঁলোকৰ বিভাগৰ সহিতে১ উল্লেখ কৰা হ'ল-

  1. ৰীতা দত্ত (ৰাজখোৱা)(১৯৬৪) - বৈদ্যুতিক অভিযন্তা
  2. চিত্ৰলেখা বৰকাকতী - চিভিল ইঞ্জিনিয়াৰ
  3. বন্দিতা ফুকন - যান্ত্ৰিক অভিযন্তা
  4. সুৰেয়া বেগম - ৰাসায়নিক অভিযন্তা
  5. নয়ন ভাণ্ডাৰী - মুখ্য অভিযন্তা
  6. ড° বিভা দাস - অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষা

প্ৰথম পৰ্যায়ৰ আন কেইগৰাকীমান অসমীয়া মহিলা অভিযন্তা হ'ল-

  1. চিত্ৰলেখা বৰা
  2. ৰেখা দত্ত
  3. ৰীতা শৰ্মা
  4. অৰুন্ধতী দেৱী
  5. ৰুণিমা ৰহমান

ৰীতা ৰাজখোৱা আছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ আৰু পিছলৈ তেওঁ গাৰ্লছ পলিটেকনিকৰ অধ্যক্ষা হিচাপে অৱসৰ গ্ৰহণ কৰে।১ বন্দিতা ফুকন হৈছে অইল ইণ্ডিয়াত চাকৰি কৰি ঔদ্যোগিক জগতত ভৰি দিয়া প্ৰথম গৰাকী মহিলা অভিযন্তা।১ ১৯৬০ চনত স্থাপন হোৱা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰথম ছাত্ৰীৰ নামভৰ্তি হয় ১৯৭৫ চনত।১ যান্ত্ৰিক বিভাগত ৰীতা শৰ্মা আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত অৰুন্ধতী দেৱী আৰু ৰুণিমা ৰহমান।১২০ খন আসনৰ বিপৰীতে ৩ গৰাকী ছোৱালী।১১৯৭৬,১৯৭৭ আৰু ১৯৭৯ চনত ছোৱালীৰ নামভৰ্তি ক্ৰমান্বয়ে শূন্য,এক আৰু এক। উল্লেখযোগ্য যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ২০০৯ ৰ পৰা ২০১২ চনলৈকে নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ ১০১৬ জন ছাত্ৰ আৰু ২২০ গৰাকী ছাত্ৰী।১

বিশুদ্ধ বিজ্ঞান গৱেষণাগাৰত অসমীয়া নাৰী

ভাৰতত বিজ্ঞানৰ উচ্চ শিক্ষা লাভ কৰা মহিলাৰ ক্ষেত্ৰত বিশুদ্ধ বিজ্ঞান আৰু চিকিৎসা ক্ষেত্ৰৰ ডিগ্ৰীধাৰী হৈছে ক্ৰমে ৮৮% আৰু ৮%।১ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি ক্ষেত্ৰত ৩%।১

স্বাধীনতাৰ আগলৈকে অসমত বিজ্ঞান শিক্ষা লোৱা মহিলাৰ সংখ্যা নগণ্য আছিল। অসমৰ প্ৰথম গৰাকী মহিলা বিজ্ঞান স্নাতক হৈছে অমলপ্ৰভা দাস।১

আন কেইগৰাকীমান অসমীয়া মহিলা বিজ্ঞান স্নাতক১ হৈছে-

  1. অৰুণমণি চৌধুৰী - ৰসায়ন বিজ্ঞান
  2. অমলা বেজবৰুৱা - গণিত
  3. পাৰকুটী বৰুৱা - উদ্ভিদবিজ্ঞান
  4. প্ৰিয়বালা দাস - নৃতত্ত্ব বিভাগ
  5. ৰুমা সন্দিকৈ - প্ৰাণীবিজ্ঞান
  6. অপৰাজিতা বৰকটকী - প্ৰাণীবিজ্ঞান
  7. সাবিত্ৰী বৰদলৈ - প্ৰাণীবিজ্ঞান
  8. মিনাক্ষী দেৱী - পদাৰ্থ বিজ্ঞান
  9. কল্পনা দুৱৰা - জ্যোতিপদাৰ্থ বিজ্ঞান
  10. কল্যাণী বৰুৱা - পদাৰ্থ বিজ্ঞান
  11. শকুন্তলা দেউৰী - পদাৰ্থ বিজ্ঞান
  12. জয়ন্তী চুতীয়া - পদাৰ্থ বিজ্ঞান
  13. সৰোজ দত্ত - পদাৰ্থ বিজ্ঞান
  14. ৰেণু মমিন(বৰদলৈ) - উদ্ভিদবিজ্ঞান
  15. কমলা ৰয় - উদ্ভিদবিজ্ঞান
  16. প্ৰভা দাস - ৰসায়ন বিজ্ঞান
  17. তৃষ্ণা দেৱী - অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক

১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হোৱাৰ পাছত ষাঠিৰ দশকৰ পৰাহে অসমত বিজ্ঞানৰ গৱেষণা আৰম্ভ হোৱা বুলি ক'ব পাৰি।১ ষাঠিৰ দশকত স্থাপন হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯১০ চনত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান,সত্তৰ দশকত যোৰহাটত স্থাপন হোৱা অসম কৃষি বিশ্ববিদ্যালয়,আশীৰ দশকত গুৱাহাটীত স্থাপন হোৱা ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকনলজী, নবৈ দশকত স্থাপন হোৱা অসম বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, চেণ্টাৰ অৱ প্লাজমা ফিজিক্স আদি কেইবাটাও অনুষ্ঠানে অসমত বিজ্ঞানৰ গৱেষণাৰ বাবে পূৰ্বতকৈ উন্নত পৰিৱেশ দিয়ে।১

লগতে চাওক

  • অসমৰ চিকিৎসা বিজ্ঞান
  • অসমৰ চিকিৎসালয়

তথ্যসূত্ৰ

  1. ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
  2. ↑ ডাঃ মিহিৰ কুমাৰ গোস্বামী. (২০০৪). চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী. কথা গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞান জগতত অসমীয়া মহিলা” প্ৰবন্ধৰ সংশোধন ৬১৬৬১৩ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।