অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তিলোত্তমা ৰায়চৌধুৰী

তিলোত্তমা ৰায়চৌধুৰী হৈছে এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ দ্বিতীয়গৰাকী।

হালনাগাদ: ১০ জুলাই ২০২৬ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তিলোত্তমা ৰায়চৌধুৰী হৈছে এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ দ্বিতীয়গৰাকী।১২৩

জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন

তিলোত্তমা দাসৰ জন্ম হৈছিল ১৯০৮ চনত।৩ তেওঁৰ মাতৃৰ নাম হেমপ্ৰভা২ পিতৃৰ নাম হৈছে হৰেকৃষ্ণ দাস।১২৩

তিলোত্তমা অমলপ্ৰভা দাসৰ ডাঙৰ ভনীয়েক। ১৯৩৭ চনত প্ৰভাত কুমাৰ ৰায়চৌধুৰীৰ সৈতে তিলোত্তমা দাস বিবাহ পাশত আবদ্ধ হয় আৰু তিলোত্তমা ৰায়চৌধুৰী হয়।২

শিক্ষাজীৱন

তিলোত্তমা ৰায়চৌধুৰীয়ে ডিব্ৰুগড় ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।২তাৰ পিছ্ত কলিকতালৈ যায়২ আৰু ১৯৩৩ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে।১২৩

কৰ্মজীৱন

তিলোত্তমা ৰায়চৌধুৰীয়ে বিবাহৰ পিছত চাকৰি নকৰি স্বাধীনভাৱে চিকিৎসা আৰম্ভ কৰিছিল।২তেখেতে দেউতাকে স্থাপন কৰা হস্পিটেলৰ মহিলা আৰু শিশু চিকিৎসক ৰূপে সেৱা আগবঢ়াইছিল।১সাধাৰণ দৰিদ্ৰ মানুহৰ প্ৰতি অতিশয় সদয় আছিল। অসম প্ৰাদেশিক মহিলা সমিতি,কস্তুৰবা গান্ধী স্মাৰক নিধি,সৰ্বোদয় টাষ্ট,ৰেড ক্ৰছ ছ'চাইটি আদি সমাজ কল্যাণমূলক সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল।২ পাছলৈ ৰেডক্ৰছ্ ছ'চাইটিৰ সহযোগত তেওঁ গুৱাহাটীত এটা ধাত্ৰী প্ৰতিষ্ঠান কেন্দ্ৰ স্থাপন কৰি তাৰ পৰিচালনাৰ ভাৰ গ্ৰহণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,যক্ষ্মা চিকিৎসালয় আৰু ভাৰত প্ৰসূতি কল্যাণ কেন্দ্ৰৰ গুৱাহাটী শাখা আদি বিভিন্ন চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ সদস্য আৰু বিষয়ববীয়া ৰূপে সমাজলৈ সেৱা আগবঢ়াইছিল।১৩

তথ্যসূত্ৰ

  1. ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
  2. ↑ ড॰ শিৱনাথ বৰ্মন. অসমীয়া জীৱনী অভিধান
  3. ↑ ডাঃ মিহিৰ কুমাৰ গোস্বামী. (২০০৪). চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী. কথা গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ মহিলা চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিলোত্তমা ৰায়চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৬৫৩১ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।