ৰজনীপ্ৰভা শইকীয়াRajaniprabha Saikia ওৰফে ৰজনীপ্ৰভা দাস চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা। তেওঁ এছিয়া মহাদেশৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় 'কলিকতা চিকিৎসা মহাবিদ্যালয়'ৰ পৰা এম.বি.বি.এছ ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ এগৰাকী, আনগৰাকী আছিল তিলোত্তমা ৰায়চৌধুৰী।১২৩
জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন
বৰপেটা জিলাৰ বজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত ৰজনীপ্ৰভা শইকীয়াৰ জন্ম হৈছিল।৩ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপ্ৰিয়া। জন্মৰ পাছত তেখেতৰ নাম আছিল ৰামেশ্বৰী। তেওঁৰ বায়েকৰ নাম আছিল চন্দ্ৰপ্ৰিয়া।৪
শিক্ষা
চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীয়ে ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ৰ পঢ়া-শুনা কৰিছিল। তাৰপিছত মাধ্যমিক শিক্ষাৰ বাবে তেওঁলোকে কঁঠালগুৰি এম.ভি. স্কুলত নাম লিখাইছিল। বহু দূৰ বাট কুৰি বাই স্কুললৈ আহিবলগীয়া হৈছিল। দুই ভনীয়েকে এম.ভি. পাছ কৰে। সেই সময়তে স্কুলৰ উপ-পৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি বৃত্তি দিয়াই নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে।৪
নগাঁও মিছন স্কুলত চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলনি কৰি ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা দাস কৰা হয়।৪
ৰজনীপ্ৰভাই পিছত নিজে কষ্ট কৰি আই এছ ছি পাছ কৰি কলিকতা চিকিৎসা মহাবিদ্যালয়ত নাম লগায়।৩ ১৯৩৩ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰজনীপ্ৰভাই চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।১২৩
ৰজনীপ্ৰভা দাসক পঢ়িবৰ কাৰণে বায়েক চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মানসিক আৰু নৈতিক সমৰ্থন আগবঢ়াইছিল।১ বঙ্গদেশৰ শ্ৰীৰামপুৰত প্ৰফুল্ল দত্ত নামৰ এজন বঙালী অভিযন্তাৰ সৈতে ৰজনীপ্ৰভাৰ বিবাহ হয়।৩
কৰ্মজীৱন
ৰজনীপ্ৰভা দাসে চাবুৱা চিকিৎসালয়ত কাম কৰিছিল।১২ শ্বিলং, চাবুৱা আদিত চৰকাৰী চাকৰি কৰি বঙ্গদেশলৈ গৈছিল। তাত শ্ৰীৰামপুৰৰ ওচৰৰ এংগোচ নামে ঠাইত অৱস্থিত মৰাপাট কল এটাৰ হস্পিটেলত সেৱা আগবঢ়াইছিল।৩
মৃত্যু
বিয়াৰ কিছুদিন পিছত মানসিক বিকৃতি ঘটে।৩ মানসিক ৰোগত আক্ৰান্ত হৈ নিজৰ জন্মগাঁও দৈশিঙৰীত ৰজনীপ্ৰভা দাসৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
- ↑ ডাঃ মিহিৰ কুমাৰ গোস্বামী. (২০০৪). চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী. কথা গুৱাহাটী
- ↑ ড॰ শিৱনাথ বৰ্মন. অসমীয়া জীৱনী অভিধান
- ↑ যামিনী দেৱী, বজালীৰ গৌৰৱ পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী, স্মৃতিগ্ৰন্থ: পাঠশালা ছোৱালী হাইস্কুল, (২০১২), পৃ: ৫১-৫৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনীপ্ৰভা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬১৬৮৫০ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।