অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তেজপুৰ বিশ্ববিদ্যালয়

১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে প্ৰফেচৰ শম্ভূনাথ সিঙক নিযুক্তি দিয়া হৈছে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৬৮৪ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে প্ৰফেচৰ শম্ভূনাথ সিঙক নিযুক্তি দিয়া হৈছে। গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এক বিশেষ সুনাম আছে। বিশ্ববিদ্যালয় সংগীতৰ কথা আৰু সুৰ ড০ ভূপেন হাজৰিকাৰ।১

ইতিহাস

[[চিত্ৰ:Tenth convocation of Tezpur University.jpg|তেজপুৰ বিশ্ববিদ্যালয়ৰ দশম সমাবৰ্তনত অসমৰ মুখ্যমন্ত্ৰী তৰুন গগৈ, ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবাল আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১০ ফেব্ৰুৱাৰী ২০১২,]]

১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ইয়াক অসম চুক্তিৰ এটি পৰিণাম বুলিও কোৱা হয়২।

যাতায়াত ব্যবস্থা

মূল প্ৰশাসনিক ভৱন
মূল প্ৰশাসনিক ভৱনছবি: Mailvaasu · Public domain
এক শৈক্ষিক গৃহ
এক শৈক্ষিক গৃহছবি: Mailvaasu · Public domain

তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চহৰৰ পৰা ১৫ কি.মি পূবে নপামত অৱস্থিত। তেজপুৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় 3৫ মিনিটৰ দূৰত্বত অৱস্থিত। ইয়াৰ নিকটতম অসামৰিক বিমানকোঠ শালনি প্ৰায় (8) কি.মি. দূৰত্বত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে তেজপুৰ চহৰত অট'ৰিস্কা আৰু ৰিস্কাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি। নপামলৈ তেজপুৰ চহৰৰ চৰকাৰী বাছ আস্থানৰ পৰা চলা বিশ্ববিদ্যালয়ৰ বাছৰ সহায়তো যাতায়ত কৰিব পাৰি। আৰু লগতে তেজপুৰ চহৰৰ পৰা ক্ৰমে দোলাবাৰী-পাঁচমাইল হৈ চলাচল কৰা অট'ৰিস্কাৰ সহায়তো নপামলৈ যাতায়ত কৰিব পাৰি।

পাঠ্যক্ৰম আৰু অন্তৰ্গত বিদ্যাপীঠসমূহ

তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ এটি সৰ্বভাৰতীয় পৰ্য্যায়ত এটা বাছনি পৰীক্ষাত উৰ্ত্তিন হোৱাতো বাঞ্ছনীয়।

স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:

  • অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া পাঠ্যক্ৰম
  • পাঁচ বছৰীয়া সন্মিলিত স্নাতকোত্তৰ পাঠ্যক্ৰম

স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:

  • কলা বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
  • প্ৰায়োগিক আৰু গতানুগতিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
  • দু বছৰীয়া এম.বি.এ পাঠ্যক্ৰম

উল্লেখযোগ্য যে "কম্পিউটেছনেল চিচ‍ম’ল’জী" বিষয়ত এম.টেক ডিগ্ৰী প্ৰদান কৰা ই ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয়। স্নাতকোত্তৰ পৰ্যায়ৰ পাছত বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত গৱেষণাৰ বাবে আবেদন কৰিব পাৰি।

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ সমূহ কেইখন মান বিদ্যালয়ত বিভক্ত কৰা হৈছে। সেই বিদ্যালয় কেইখন হৈছে-

  • অভিযান্ত্ৰিক বিদ্যাপীঠ
  • মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ
  • ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ
  • বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ

অভিযান্ত্ৰিক বিদ্যাপীঠ

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • সংগণক বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ
  • অসামৰিক অভিযান্ত্ৰিক বিভাগ
  • অণুবিদ্যুত আৰু যোগাযোগীকৰন অভিযান্ত্ৰিক বিভাগ
  • শক্তি বিভাগ
  • খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিভাগ
  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
  • তড়িৎ অভিযান্ত্ৰিক বিভাগ
  • ডিজাইন বিভাগ

মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • সংস্কৃতি অধ্যয়ন বিভাগ
  • ইংৰাজী বিভাগ
  • বিদেশী ভাষা বিভাগ
  • গণসংযোগ আৰু সাংবাদিকতা বিভাগ
  • সমাজশাস্ত্ৰ বিভাগ
  • হিন্দী বিভাগ
  • অসমীয়া বিভাগ
  • সমাজ কৰ্ম বিভাগ
  • শিক্ষা বিভাগ

ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • বাণিজ্য প্ৰশাসন বিভাগ
  • দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ

বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • ৰাসায়নিক বিজ্ঞান বিভাগ
  • প্ৰাকৃতিক বিজ্ঞান বিভাগ
  • ঔষধ শিল্প বিভাগ
  • গাণিতিক বিজ্ঞান বিভাগ
  • আণৱিক বিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ

বিশ্ববিদ্যালয়ত থকা সুবিধা সমূহ

ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস, পুথিভৰাল, কম্পিউটাৰ চেণ্টাৰ, wi-fi আৰু LANৰ সুবিধা, বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আৰু চহৰৰ পৰা বিশ্ববিদ্যালয়লৈ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বাছৰ সুবিধা, আভ্যন্তৰীন খেলা-ধুলাৰ বাবে অত্যাধুনিক আভ্যন্তৰীন ক্ৰীড়াগৃহ, অত্যাধুনিক ব্যামাগাৰ, দিবা-নৈশ খেলৰ বাবে "ফ্লাদ লাইট"ৰ ব্যৱস্থা থকা খেল পথাৰ, খোৱা-বোৱাৰ সুব্যৱস্থা থকা অত্যাধুনিক ভোজনগৃহ, মনোৰঞ্জন তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ অৰ্থে অত্যাধুনিক প্ৰেক্ষাগৃহ (কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ), প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰীৰ বাবে বজাৰগৃহ, সকলোৱে ব্যৱহাৰ কৰিব পৰা অত্যাধুনিক অতিথিগৃহ, স্বাস্থ্য কেন্দ্ৰ ইত্যাদি।

কেন্দ্ৰীয় গ্ৰন্থাগাৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰটি ১৯৯৪ চনত বিশ্ববিদ্যালয়খন স্থাপন হোৱাৰ সময়তে স্থাপন হয়। বৰ্তামান প্ৰায় 1,13,106খন (5 নবেম্বৰ 2018ৰ তথ্য) বিভিন্ন বিষয়ৰ প্ৰকাশিত কিতাপ/আন লিখা গ্ৰন্থাগাৰটিত আছে, ৯৩৯খন জাৰ্নেল (১৬২খন অফলাইন আৰু ৭৭৮খন অনলাইন) পুথিভঁৰালত ঊপলব্ধ। UGC-Infonetৰ যোগেদিও প্ৰায় ৭১৬৭খন ই-জাৰ্নেল ইয়াত পোৱা যায়। তদুপৰি INDEST-AICTEৰ এটা ডেটাবেচ আৰু বিভিন্ন দৃশ্য শ্ৰাব্য মাধ্যমৰ ই-কিতাপ পুথিভঁৰালটোত পোৱা যায়। ৩

ছাত্ৰাবাস সমূহ

কাঞ্চনজংঘা পুৰুষ আবাস
কাঞ্চনজংঘা পুৰুষ আবাসছবি: Gonitpankaj · CC BY-SA 3.0
  1. চৰাইদেউ ছাত্ৰাবাস- আহোম সাম্ৰাজ্যৰ ইতিহাসত পোৱা এটা নাম। পূৰ্বতে ইয়াৰ নাম আছিল "চৰাইদেউ ছাত্ৰ নিবাস"।
  2. নীলাচল ছাত্ৰাবাস- গুৱাহাটীৰ নীলাচল পাহাৰৰ নামৰ লগত ৰজিতা খুৱা ৰখা হৈছে এই নাম।
  3. কাঞ্চনজংঘা ছাত্ৰাবাস- পৃথিৱীৰ তৃতীয় সুউচ্চ পৰ্বতমালাৰ নামৰ লগত ৰজিতা খুৱাই ৰখিছে এই নাম।
  4. পাটকাই ছাত্ৰাবাস- পাটকাই পৰ্বতৰ লগত ৰজিতা খুৱাই ৰখিছে এই নাম, এই পৰ্বত পাৰ হৈ আহোম সকলে অসমত প্ৰবেশ কৰিছিল।
  5. শৰাইঘাট চি.ভি.ৰমণ ছাত্ৰাবাস- [গবেষণা পণ্ডিত পুৰুষ আবাস বুলিও জনাজাত] শৰাইঘাট দলং আৰু বিজ্ঞানী ৰমণৰ লগত ৰজিতা খুৱাই ৰাখিছে এই নাম।

ছাত্ৰীনিবাস সমূহ

  1. বৰদৈচিলা মহিলা আবাস- বৰদৈচিলা (পঁচোৱা)ৰ নামৰ লগত ৰজিতা খুৱাই ৰখা হৈছে। পূৰ্বতে ইয়াৰ নাম আছিল "বৰদৈচিলা ছাত্ৰী নিবাস"।
  2. ধনশিৰি মহিলা আবাস- ধনশিৰি উপনৈৰ নামৰ লগত ৰজিতা খুৱাই ৰখা হৈছে।
  3. প্ৰাগজ্যোতিকা মহিলা আবাস- অসমৰ পুৰনি নাম প্ৰাগজ্যোতিষপুৰৰ লগত ৰজিতা খুৱাই ৰখা হৈছে এই নাম।
  4. সোৱণশিৰি মহিলা আবাস- সোৱণশিৰি উপনৈৰ লগত ৰজিতা খুৱাই এই নাম ৰখা হৈছে।
  5. কপিলি মহিলা আবাস- কপিলি উপনৈৰ লগত ৰজিতা খুৱাই এই নাম ৰখা হৈছে।
  6. নৱ ছাত্ৰীনিবাস
  7. পবিতৰা মেডাম কুৰী মহিলা আৱাস- (গৱেষক ছাত্ৰী আৱাস)। পবিতৰা অভয়াৰণ্য আৰু বিজ্ঞানী মেডাম কুৰীৰ লগত ৰজিতা খুৱাই ৰখা হৈছে এই নাম।

বিশ্ববিদ্যালয় সংগীত

তেজপুৰ বিশ্ববিদ্যালয় "বিশ্ববিদ্যালয় সংগীতটো" ৰচনা তথা সুৰ কৰিছিল ড॰ ভূপেন হাজৰিকা দেৱে ১৯৯৪ চনত। এই গীতটিত তেখেতে সুন্দৰ ভাৱে তেজপুৰ চহৰ আৰু বিশ্ববিদ্যালয়ৰ প্ৰতি থকা আশাৰ বিষয়ে বৰ্ণনা আছে।

তেজপুৰ বিশ্ববিদ্যালয় সংগীত
অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেতু নিৰ্মাণ জ্ঞান জ্যোতিৰ্ময় সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয়ভূ-গৰ্ভৰ পৰা গ্ৰহ নক্ষত্ৰত গণনাৰে কৰোঁ বিচৰণ বিজ্ঞান-জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপায়ণ আয়ত্ত কৰি কলা-কৌশল কৰি যাঁও দিক্-নিৰ্ণয় মানৱতাবাদৰ ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় বৰলুইত বৈ যায় কাষেদি আমাৰ সেই শক্তিৰে উজলাম দুটি পাৰ সোপান বগাম তীব্ৰ গতিৰে প্ৰযুক্তিবিদ্যাৰে হৈ নিৰ্ভয় জীৱন যুঁজত বিজ্ঞান সাৰথি তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয়॥৪

বাহ্যিক সংযোগ

  1. পাটকাই পুৰুষ আবাস

তথ্যসূত্ৰ

  1. ↑ তেজপুৰ বিশ্ববিদ্যালয় সংগীত
  2. ↑ Achievements of Assam Accord
  3. ↑ পুথিভঁৰাল, তেজপুৰ বিশ্ববিদ্যালয়
  4. ↑ www.tezu.ernet.in/tu_anthem/tu_anthem.html

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহতেজপুৰভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৬৭৫৪ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।