ডাঃ নিৰ্মলা চলিহা এগৰাকী অসমীয়া মহিলা চিকিৎসক।১২
জন্ম পৰিচয়
ডাঃ নিৰ্মলা চলিহাৰ ১৯০৯ চনত শিৱসাগৰত জন্ম হয়।১২ তেখেতৰ পিতৃৰ নাম কালিপ্ৰসাদ চলিহা।১
শিক্ষাজীৱন
নিৰ্মলা চলিহাই কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে। তাৰ পিছত দিল্লীৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে লণ্ডনৰ পৰা শিশু-স্বাস্থ্য সম্পৰ্কীয় প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। ১২
কৰ্মজীৱন
নিৰ্মলা চলিহাই কলিকতাৰ বহুকেইখন চিকিৎসালয়ত কাম কৰে। তদুপৰি ডিগবৈৰ অসম অইল কোম্পানীৰ চিকিৎসালয়ৰ প্ৰসূতি বিভাগত কেইবাবছৰো কাম কৰিছিল। অসম চৰকাৰৰ বিদ্যালয় স্বাস্থ্য সেৱাৰ বিশেষ বিষয়াৰূপেও সেৱা আগবঢ়াইছিল চলিহাই।১২ শ্বিলঙৰ প্ৰখ্যাত গণেশ দাস চিকিৎসালয়ৰ অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰৰ পাছত তেওঁ কেইবাটাও সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ সমাজৰ হকে কাম কৰে।১
তথ্যসূত্ৰ
- ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
- ↑ ডাঃ মিহিৰ কুমাৰ গোস্বামী. (২০০৪). চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী. কথা গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা চলিহা” প্ৰবন্ধৰ সংশোধন ৬১৬৫৬৬ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।