অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনন্দীবাঈ যোশী

আনন্দীবাঈ গোপালৰাও যোশী (आनंदीबाई गोपाळराव जोशी; ৩১ মাৰ্চ ১৮৬৫ – ২৬ ফেব্ৰুৱাৰী ১৯৮৭) প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱমেন মেডিকেল কলেজ অফ পেনচিলভেনীয়াৰ পৰা দুবছৰীয়া এল'পেথি চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

হালনাগাদ: ২৩ জুন ২০২৫ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আনন্দীবাঈ গোপালৰাও যোশী (आनंदीबाई गोपाळराव जोशी; ৩১ মাৰ্চ ১৮৬৫ – ২৬ ফেব্ৰুৱাৰী ১৯৮৭) প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক।১২৩৪ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱমেন মেডিকেল কলেজ অফ পেনচিলভেনীয়াৰ পৰা দুবছৰীয়া এল'পেথি চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।৫

প্ৰাৰম্ভিক জীৱন

চহীৰে সৈতে আনন্দীবাঈ যোশীৰ ফটো
চহীৰে সৈতে আনন্দীবাঈ যোশীৰ ফটোছবি: Original uploader was पूर्णिमा वर्मन at hi.wikipedia · Public domain

ভাৰতীয় উপমহাদেশৰ পশ্চিম উপকূলৰ মহাৰাষ্ট্ৰৰ কুৰলা অঞ্চলত আনন্দীবাঈৰ জন্ম হৈছিল। জন্মতে তেওঁৰ নাম যমুনা আছিল। সেই সময়ত প্ৰচলিত বাল্যবিবাহৰ ৰীতি অনুসৰি মাত্ৰ ন বছৰ বছয়তে গোপালৰাও যোশীৰ লগত তেওঁৰ বিবাহ হয়। গোপালৰাও তেওঁতকৈ প্ৰায় ২০ বছৰ ডাঙৰ আছিল আৰু তেওঁৰ প্ৰথম পত্নী ঢুকাইছিল।৬

বিয়াৰ পিছত গোপালৰাওৱে তেওঁৰ নাম আনন্দী ৰাখে।৭ গোপালৰাও কল্যাণত ডাক বিভাগৰ কেৰাণী হিচাপে কৰ্মৰত আছিল। তাৰ পিছত তেওঁ অলিবাগ আৰু পিছলৈ কলিকতালৈ বদলি হয়। তেওঁ এজন প্ৰগতিশীল মনৰ মানুহ আছিল আৰু নাৰীশিক্ষাৰ প্ৰতি সহানুভূতিশীল আছিল।৮

১৪ বছৰ বয়সত আনন্দীবাঈৰ এটি পুত্ৰ সন্তান জন্ম হয়। কিন্তু উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে লৰাটো মাত্ৰ ১০ দিন জীয়াই থাকে। এই ঘটনাই তেওঁৰ মনত আঘাত দিয়ে আৰু তেওঁ এগৰাকী চিকিৎসক হবলৈ মন মেলে।৯

শিক্ষা

আনন্দীবাঈ, কেই অকামী (মাজত) আৰু চাবাট ইছলামবুলিৰ (সোঁফালে) সৈতে। তেওঁলোক একে লগে ৱমেন মেডিকেল কলেজ অফ পেনচিলভেনীয়াত শিক্ষা গ্ৰহণ কৰিছিল তথা নিজ নিজ দেশৰ প্ৰথম মহিলা চিকিৎসক
আনন্দীবাঈ, কেই অকামী (মাজত) আৰু চাবাট ইছলামবুলিৰ (সোঁফালে) সৈতে। তেওঁলোক একে লগে ৱমেন মেডিকেল কলেজ অফ পেনচিলভেনীয়াত শিক্ষা গ্ৰহণ কৰিছিল তথা নিজ নিজ দেশৰ প্ৰথম মহিলা চিকিৎসকছবি: Unknown author · Public domain

গোপালৰাওয়ে আনন্দীবাঈৰ চিকিৎসক হোৱাৰ সিদ্ধান্তত সম্পূৰ্ণ সমৰ্থন কৰিছিল। ১৮৮০ চনত তেওঁ এই বিষয়ে এজন বিখ্যাত আমেৰিকান মিছনেৰী ৰয়েল ৱাইল্ডৰলৈ আনন্দীবাঈৰ চিকিৎসাবিজ্ঞান অধ্যয়ন কৰা তথা নিজৰ কাৰণে আমেৰিকাত চাকৰি বিচাৰিবলৈ অনুৰোধ জনাই চিঠি লিখে।১০

ৱাইল্ডৰে এই কথা তেওঁৰ 'প্ৰিন্সটন মিছনেৰী ৰিভিউ'ত লিখে। এই কথা নিউজাৰ্চিৰ বাসিন্দা থিয়দিকা কাৰপেণ্টৰে আনন্দীবাঈৰ ইচ্ছা আৰু গোপালৰাওয়ে তেওঁৰ পত্নীৰ ইচ্ছাৰ প্ৰতি কৰা সমৰ্থনৰ বিষয়ে জানিব পাৰি উৎফুল্ল হয় আৰু আনন্দীবাঈক আমেৰিকাত থাকিবলৈ ঠাইৰ যোগাৰ কৰি দিয়ে।

কলিকতাত থকা কালছোৱাত আনন্দীবাঈ ৰুগ্ন হৈ পৰে। তেতিয়া থিয়দিকায়ে তেওঁলৈ আমেৰিকাৰ পতা দৰৱ পঠাইছিল। ১৮৮৩ চনত গোপালৰাও শ্ৰীৰামপুৰলৈ বদলি হৈ আৰু তেওঁ অকলেই আনন্দীবাঈক আমেৰিকালৈ পঠিয়াবলৈ সিদ্ধান্ত লয়। গোপালৰাওয়ে তেওঁক সমগ্ৰ নাৰী জাতিৰ আগত উচ্চ শিক্ষাৰ বাবে উদাহৰণ হবলৈ বুলি উৎসাহ যোগাইছিল।

আনন্দীবাঈয়ে ৱমেন মেডিকেল কলেজ অফ পেনচিলভেনীয়াৰ পৰা দুবছৰীয়া চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী অৰ্জন কৰে।১১

ভাৰতলৈ প্ৰত্যাৱৰ্তন

১৮৮৬ চনত শিক্ষা গ্ৰহণ কৰি আনন্দীবাঈ ভাৰতলৈ ঘূৰি আহে। তেওঁক ভাৰতৰ বিভিন্ন ঠাইত সম্বৰ্ধনা জনোৱা হয়। কলহাপুৰ ৰাজ্যৰ ৰজায়ে তেওঁক স্থানীয় এলবাৰ্ট এডৱাৰ্ড হস্পিটেলৰ মহিলা ৱাৰ্ডৰ চিকিৎসক হিচাপে নিযুক্তি দিয়ে।

১৮৮৭ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ২২ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। সমগ্ৰ ভাৰতত তেওঁৰ মৃত্যুৰ শোকৰ ছাঁ পৰে। তেওঁৰ অস্থি ভস্ম আমেৰিকাৰ থিয়দিকা কাৰপেণ্টৰ ওচৰলৈ পঠিয়াই দিয়ে। তেওঁ অস্থি ভস্মখিনি নিজৰ পৰিয়ালৰ সমাধিস্থল নিউয়ৰ্কত ৰাখে।

বঁটা আৰু সন্মান

১৮৮৮ চনত আমেৰিকাৰ নাৰীবাদী লেখিকা কেৰ'লিন ৱেলছ হেইলি ডালে তেওঁৰ জীৱনী লিখে।১২

দূৰদৰ্শনত তেওঁৰ জীৱনৰ ওপৰত আধাৰিত 'আনন্দী গোপাল' নামেৰে হিন্দী ধাৰাবাহিক এখনি প্ৰচাৰ কৰা হৈছিল। বিখ্যাত মাৰাঠী লেখক শ্ৰীকৃষ্ণ জনাৰ্দন যোশীয়ে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত 'আনন্দী গোপাল' নামেৰে এখন কাল্পনিক উপন্যাস লিখিছিল। পিছলৈ এই উপন্যাসখন একে নামেৰে ৰাম জি.যোগলেকাৰে নাট্যৰূপ দিয়ে।১৩

ডাঃ অঞ্জলি কীৰ্তনে তেওঁৰ জীৱনৰ ওপৰত গৱেষণা কৰি "डॉ. आनंदीबाई जोशी काळ आणि कर्तृत्व" ("ডাঃ আনন্দীবাঈ যোশীৰ জীৱন আৰু কৃতিত্ব") নামেৰে এখনি গ্ৰন্থ প্ৰণয়ন কৰে।১৪

  • ইনষ্টিটিউট ফৰ ৰিচাৰ্ছ এণ্ড ডকুমেণ্টেচন ইন ছ'চিয়েল চাইন্সছ নামৰ বেচৰকাৰী প্ৰতিষ্ঠানে তেওঁৰ নামত বঁটা প্ৰৱৰ্তন কৰিছে।১৫১৩
  • মহিলাৰ স্বাস্থ্যৰ বাবে কাম কৰা মহিলাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে ফেল'শ্বিপ প্ৰৱৰ্তন কৰিছে।১৬
  • ২০১৮ চনৰ ৩১ মাৰ্চ তাৰিখে গুগুলে তেওঁৰ ১৫৩তম জন্মদিনত বিশেষ ডুদল প্ৰদৰ্শন কৰে।১৭১৮

তথ্যসূত্ৰ

  1. ↑ McNeill, Leila. (August 24, 2017). This 19th Century “Lady Doctor” Helped Usher Indian Women Into Medicine. Smithsonian (magazine)
  2. ↑ First lady doctor of India. The Telegraph
  3. ↑ www.insa.nic.in/writereaddata/UpLoadedFiles/IJHS
  4. ↑ Majumdar, Sisir K. (18 October 2010). KADAMBINI GANGULY (1861-1923): FIRST LADY MEDICAL GRADUATE IN INDIA*. Indian Journal of History of Science
  5. ↑ Venkatraman, Vijaysree. (July 27, 2014). This woman in 1883 had the best answer to the question of why a girl would want to be a doctor. Qz.com
  6. ↑ (2018-03-31). Who is Anandi Gopal Joshi?. The Indian Express
  7. ↑ Anandibai Joshi. Streeshakti The Parallel Force. Streeshakti
  8. ↑ Rao, Mallika. (2014-04-08). Meet The Three Female Medical Students Who Destroyed Gender Norms A Century Ago. Huffington Post
  9. ↑ Falcone, Alissa. (2017-03-27). Remembering the Pioneering Women From One of Drexel’s Legacy Medical Colleges. DrexelNow
  10. ↑ Naskar, Dipankar. (2014). Some Women of Inspiration: A Glance on Women Empowerment & Development in India. Global Journal of HUMAN-SOCIAL SCIENCE: D History, Archaeology & Anthropology. পৃ. 51
  11. ↑ Anandi Gopal Joshi: Google Doodle Celebrates India's First Female Doctor's 153rd Birthday. NDTV.com
  12. ↑ The Life of Dr. Anandabai Joshee: A Kinswoman of the Pundita Ramabai, published by Roberts Brothers, Boston
  13. ↑ Who is Anandi Gopal Joshi to whom Google dedicated a Doodle?. India Today
  14. ↑ www.majesticprakashan.com/node/294
  15. ↑ IRDS Awards 2011. Irdsindia.com
  16. ↑ (2018-03-31). How Anandi Joshi obtained a degree in Western medicine from Pennsylvania college. The Indian Express
  17. ↑ Anandi Gopal Joshi’s 153rd Birthday. www.google.com
  18. ↑ (March 31, 2018). जानिए कौन हैं आनंदी गोपाल जोशी और गूगल ने क्यों उनके जन्मदिन पर बनाया डूडल

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দীবাঈ যোশী” প্ৰবন্ধৰ সংশোধন ৫২০৩০৩ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।