অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্তী চুতীয়া

জয়ন্তী চুতীয়া (Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত আমগুৰিত তেওঁৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জয়ন্তী চুতীয়া (Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত আমগুৰিত তেওঁৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া। ১৯৬৭ চনত জয়ন্তী চুতীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত বি.এছ.চি আৰু ১৯৬৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি. পাছ কৰে। ১৯৮১ চনত সেই বিশ্ববিদ্যালয়ৰ পৰাই Solid state Physics বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮১ৰ পৰা ১৯৮৩লৈ CSIR-ৰ Post Doctorate Fellow ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। ১৯৮৫ৰ পৰা ১৯৮৬লৈ Institute of Advanced Studies in Science and Technology-ৰ সহকাৰী অধ্যাপকৰূপে নিযুক্তি লাভ। ১৯৮৮ চনত তেওঁ Institute of space and Astronautical science, জাপানত গৱেষণাৰ কামত নিযুক্ত হয়।১ তাৰ পিছত এবছৰ জাৰ্মানী বিশ্ববিদ্যালয়ত Visiting বিজ্ঞানী ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। বৰ্ত্তমান তেওঁ গুৱাহাটীৰ Institute of Advanced Studies in Science and Technology-ৰ অধ্যাপক আৰু বিভাগীয় মুৰব্বী তথা ৰিচাৰ্চ গাইড। তেখেতে দেশ-বিদেশৰ বহুতো চেমিনাৰ, কনফাৰেন্স, চামাৰ স্কুলত অংশগ্ৰহণ কৰিছে। ১৯৭৬ চনত কলিকতাত International Seminar on Solid state physicsৰে এই ভ্ৰমণ পৰিক্ৰমা অৰম্ভ কৰে। তাৰ পিছৰপৰাই পদাৰ্থবিজ্ঞানৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত আহমেদাবাদ, ইন্দোৰ, জাপানৰ হিৰোশ্বিমা বিশ্ববিদ্যালয়, কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়, আমেৰিকাৰ উইলিয়ামচবাৰ্গ,বোম্বে বিশ্ববিদ্যালয়, জাৰ্মানী, এলাহবাদ বিশ্ববিদ্যালয়, কুঁৱালালামপুৰৰ মালয় বিশ্ববিদ্যালয়, বেংককৰ চোলালাংকাৰ্ণ বিশ্ববিদ্যালয়, বাংগালোৰ, লণ্ডন, ইটালী আদি ঠাইত বিভিন্ন চেমিনাৰ, ৱৰ্কশ্বপত অংশগ্ৰহণ কৰি পদাৰ্থ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২০০৫ চনত তেওঁ IASST সঞ্চালকৰূপে নিযুক্ত হয়।১ জয়ন্তী চুতীয়াই বিজ্ঞানলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, সাধনী শৌৰ্য বঁটা, বাসন্তী বৰদলৈ বঁটা, মহিলা পদাৰ্থ বিজ্ঞানী বঁটা, ঘনশ্যাম গোস্বামী বঁটা আদিৰে বিভূষিত হৈছে। বিজ্ঞানীৰ জীৱনী, ভ্ৰমণ কাহিনী, উপন্যাস আদি বিষয়ৰ ওপৰত তেখেতে ২১খন গ্ৰন্থও ৰচনা কৰিছে। Indian Academy of Sciences-এ ১০০ গৰাকী ভাৰতীয় মহিলা বিজ্ঞানীৰ বিষয়ে প্ৰকাশ কৰা "Lilavati’s Daughters: The Woman Scientists of India" গ্ৰন্থত ড॰ জয়ন্তী চুতীয়াইও স্থান লাভ কৰিছে।২

তথ্যসূত্ৰ

  1. ↑ (2007). My experience with research. Indian Academy of Science
  2. ↑ Tapati Baruah Kashyap. Science weds art. Harmonyindia.org

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ বিজ্ঞানীঅসমীয়া সাহিত্যিকভাৰতীয় পদাৰ্থ বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানীকমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্তী চুতীয়া” প্ৰবন্ধৰ সংশোধন ৫৫৬৯৯৩ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।