অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অৰুণমণি চৌধুৰী

অৰুণমণি চৌধুৰী হৈছে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ এগৰাকী মেধাৱী মহিলা। তেখেত ১৯৫৪ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে আছিল।

হালনাগাদ: ৯ জুলাই ২০২৬ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অৰুণমণি চৌধুৰী হৈছে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ এগৰাকী মেধাৱী মহিলা।১ তেখেত ১৯৫৪ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে আছিল।১

জন্ম আৰু ব্যক্তিগত জীৱন

অৰুণমণি চৌধুৰীৰ জীৱনসংগী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এমেৰিটাছ অধ্যাপক ড‍০ ভূমিধৰ চৌধুৰী। ২

শিক্ষা

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চৌধুৰীয়ে ইংলেণ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।১

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত চৌধুৰীয়ে নিজৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল।১

কৰ্ম জীৱন

অৰুণমণি চৌধুৰীয়ে ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা পদত নিযুক্তি লাভ কৰে। কেইবাগৰাকীও গৱেষক ছাত্ৰ ছাত্ৰীৰ তত্বাৱধায়ক হিচাপে আছিল অৰুণমণি চৌধুৰী।১ তেখেত বিভাগৰ মুৰব্বী অধ্যাপক হয়।১৯৮৮ চনত চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।১

তথ্যসূত্ৰ

  1. ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
  2. ↑ (২৮ আগষ্ট, ২০১৯). Noted physicist passes away

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণমণি চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৬৩৩২ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।