বন্দিতা ফুকন (Bandita Phukan) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা। অনুবাদক হিচাপে নিজৰ সাহিত্যিক জীৱনৰ পাতনি মেলা বন্দিতা ফুকনে শিশু উপন্যাস “সেউজী ধৰণী’’ৰ বাবে১ ২০১১ চনত শিশু-সাহিত্যৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰে। তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা হৈছে ১২৬ খন। তেখেতৰ এখন গ্ৰন্থ মহান বিজ্ঞানীৰ শৈশৱ কাল বড়ো ভাষালৈ অনুবাদিত হৈছে। উল্লেখযোগ্য যে, বন্দিতা ফুকন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা কল্প-বিজ্ঞান লেখিকা।২ জনপ্ৰিয় অসমীয়া মাহেকীয়া আলোচনী বিস্ময়ৰ পাতত "প্ৰিয়তমা" নামৰ কল্পবিজ্ঞান কাহিনীটোৰ জৰিয়তে তেখেতে আত্মপ্ৰকাশ কৰিছিল।৩
জন্ম আৰু শিক্ষা
বন্দিতা ফুকনৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ ফেব্ৰুৱাৰীত, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰত। তেখেতে নিজৰ শৈশৱৰ কালছোৱা নেফা (নৰ্থ ইষ্টা ফ্ৰণ্টিয়াৰ এজেন্সী; এতিয়াৰ অৰুণাচল প্ৰদেশ)-ত অতিবাহিত কৰিছিল। নেফাৰ বিদ্যালয়সমূহৰ মাধ্যমটো অসমীয়া ভাষাৰ পৰা হিন্দী ভাষালৈ সলনি কৰাত তেখেত মাকৰ সৈতে অসমলৈ আহে। তাৰপিছত নগাঁৱস্থিত নগাঁও ছোৱালী হাইস্কুলত তেওঁৰ নামভৰ্তি কৰা হয়। উচ্চতৰ মাধ্যমিকলৈকে তেখেতে নগাঁৱতেই থাকি পঢ়া-শুনা কৰে। তাৰপিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ যায়। সেইখন মহাবিদ্যালয়ৰ পৰাই তেখেতে ১৯৭১ চনত যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰে। উল্লেখনীয় যে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইটো বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা তেখেতে প্ৰথমগৰাকী মহিলা।৪
চাকৰি-জীৱন
অভিযান্ত্ৰিকৰ ডিগ্ৰী পোৱাৰ পাছত তেখেতে অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড, আছাম কণডাক্টৰছ্ এণ্ড টিউবছ্ লিমিটেড আৰু অসম ঔদ্যোগিক বিকাশ নিগমৰ বিভিন্ন সন্মানজনক পদবীত কাৰ্যনিৰ্বাহ কৰে। তাৰপিছত ২০০১ চনত তেখেতে অসম ঔদ্যোগিক বিকাশ নিগমৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ আমেৰিকাস্থিত এক ঔদ্যোগিক প্ৰতিষ্ঠানত যোগদান কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু প্ৰায় দুবছৰৰ পিছত অসমলৈ ঘূৰি আহে আৰু কেইটামান ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মনিৰ্বাহ কৰে।২ তাৰ কেইবছৰমানৰ পিছত তেওঁ একাণপতীয়াকৈ সাহিত্যক্ষেত্ৰত মনোনিৱেশ কৰে।৪
সাহিত্যক্ষেত্ৰত
বন্দিতা ফুকনৰ দ্বাৰা লিখিত গ্ৰন্থ
লেখিকা বন্দিতা ফুকনৰ সাহিত্য-কৰ্ম অসমৰ কাকত-আলোচনীত প্ৰকাশিত হৈছে। গল্প-উপন্যাসকে ধৰি শিশু আৰু কিশোৰৰ উপযোগী হোৱাকৈ যুগুত কৰা ভালেমান গ্ৰন্থ প্ৰকাশিত হৈছে। তেখেতৰ সৃষ্টিৰাজীৰ এখন সংক্ষিপ্ত তালিকা তলত দিয়া হ'ল।
চুটি গল্প সংকলন
- আন্তৰিক
- বজা
- শিপা
- আমেৰিকাৰ আপোন কাহিনী
কল্প-বিজ্ঞান কাহিনী সংকলন
- তেওঁ কেনে আছে?
- আপেক্ষিকতাবাদ, তেওঁৰ বাবেই
- আঠ ৰহস্য
- সময় হৈছেনে?
উপন্যাস
- আপোনজন
- মই, আমি ইত্যাদি
- জীৱন এনেকৈয়ে
- অপত্য
শিশু-কিশোৰৰ বাবে ৰচনা কৰা সাহিত্য
উপন্যাস
- কিয় এনে হৈছে?
- সোণটিহঁতৰ বিপদ
- জুমি, ৰীমা আৰু সিহঁত (পুৰস্কাৰপ্ৰাপ্ত)
- সিহঁতে খেলিছিল(পুৰস্কাৰপ্ৰাপ্ত)
- বন্ধৰ দিনত সোণটিহঁত (পুৰস্কাৰপ্ৰাপ্ত)
- বান আহিছিল
- সুন্দৰপুৰত সোণটি
- এখন চাৰ্কাছ আহিছিল
- সোণটিৰ কেইদিনমান
- সোণটিহঁতৰ পিকনিক
- মিনুৰ অতিথি
- সোণটি আৰু হেনৰিহঁত
- সেউজীয়া ধৰণী (শিশু-সাহিত্যত সাহিত্য অকাডেমিৰে সন্মানীত)
- ৰাজীৱৰ গান
- সোণটিহঁতৰ চহৰখন
- সোণটিৰ খেতি
- সোণটিৰ বেমেজালি
- ককাৰ জিমি
- সোণটিহঁতৰ চুবুৰীত
কল্প-বিজ্ঞান উপন্যাস
- কিয় এনে হৈছে?
- সোণটিহঁতৰ বিপদ
- সোণটিৰ ৰবট কুকুৰ
- মিনুৰ ৰবট সখী
- সন্ধান
অনূদিত উপন্যাস
- সাতনেজীয়া নিগনি পোৱালি
- যাদুৰ নগৰী
- স্বাধীনতাৰ এটা পথ
অনূদিত জীৱনী-পুথি
- এলবাৰ্ট
- থমাছ আলভা এডিছন
- আলেকজেণ্ডাৰ ফ্লেমিঙ
- মেৰি কুৰী
- গেলিলিঅ' গেলিলি
- উইলিয়াম হাৰ্ভে
- আলেকজেণ্ডাৰ গ্ৰাহামবেল
- আৰ্কিমিডিছ
- মাইকেল ফাৰাডে, আদি।
বুৰঞ্জীমূলক জীৱনীপুথি
- জোৱান অৱ আৰ্ক
বিজ্ঞানধৰ্মী গ্ৰন্থ
- যন্ত্ৰ-পাতি চিনো আহা
- মটৰ গাড়ী কেনেকৈ চলে?
- পৰীক্ষা কৰোঁ আহা
- মানুহৰ যন্ত্ৰ-পাতি
সচিত্ৰ ইংৰাজী কাহিনী
- জয়মতী(পৰিৱেশক-অমৰ চিত্ৰ কথা, মুম্বাই)
জীৱনী পুথি
- হৰিশ চন্দ্ৰ গোস্বামী
- জ্যোতি প্ৰকাশ মেধী
- বিজ্ঞানী জগদীশ চন্দ্ৰ বসু আৰু তেওঁৰ নিৰ্বাচিত কিশোৰ ৰচনা
বঁটা আৰু সন্মান
শিশু-সাহিত্যকে ধৰি অসমীয়া সাহিত্যৰ অন্যান্য ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা বৰঙনিৰ বাবে লেখিকা বন্দিতা ফুকন বহুবাৰ সন্মানীত আৰু পুৰস্কৃত হৈছে। তাৰে ভিতৰত-
- জুমি, ৰীমা আৰু সিহঁত শীৰ্ষক শিশু উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ পৰা পুৰস্কাৰ।
- "সদৌ অসম লেখিকা সমাৰোহ"ৰ পৰা শ্ৰেষ্ঠ চুটি গল্পৰ বাবে "দুলাল শৰ্মা" বঁটা।
- শিশু-সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ২০০৬ চনত, সদৌ অসম লেখিকা সমাৰোহৰ তৰফৰ "সম্প্ৰীতি শইকীয়া টুকটুকি বঁটা"।
- ২০১১ চনত সেউজীয়া ধৰণীৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ পৰা শিশু-সাহিত্য বঁটা।
- ২০১১ চনত অসম চৰকাৰৰদ্বাৰা সাহিত্যিক বঁটা।
- অনুবাদ-কৰ্মৰ বাবে সদৌ অসম লেখিকা সন্থাই প্ৰদান কৰা ২০১৪-১৫ বৰ্ষৰ নীলিমা দত্ত সোঁৱৰণী বঁটা।
- মহান বিজ্ঞানীৰ শৈশৱ কাল বড়ো ভাষালৈ অনূদিত। অনুবাদক: পুণ্যাখ বসুমতাৰী (Punyakh Bosumatary)
- মূল্যবোধ শীৰ্ষক চুটি গল্পটো ছেবাৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত।
- সিহঁতে খেলিছিল শীৰ্ষক শিশু-উপন্যাসখন অন্তৰা জি. চৌধুৰীৰদ্বাৰা মঞ্চস্থ।
- অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেঞ্চনৰ বাবে অনুমোদন।
- মূল্যবোধ শীৰ্ষক গল্পটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰমত একেৰাহে ছবছৰৰ বাবে অন্তৰ্ভুক্ত।২
তথ্যসূত্ৰ
- ↑ দাস, উজ্জ্বল জ্যোতি. (২০২০). বৰেণ্য. তৰা প্ৰকাশন. পৃ. ১১৪
- ↑ BanditaBandita
- ↑ www.xahitya.org/2014/01/15/অসমীয়া-কল্পবিজ্ঞান-স link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ About Bandita PhukanAbout Bandita Phukan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দিতা ফুকন” প্ৰবন্ধৰ সংশোধন ৬৪০১১৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।