যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা ১৯৬০ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াত (২০১২ চনৰ মতে) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিং -অৰ স্নাতক পৰ্য্যায়ৰ আৰু আৰু মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যন (MCA) -অৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়। মহাবিদ্যালয়খন আৰু ইয়াৰ পাঠ্যক্ৰমসমূহ AICTE (All India Council of Technical Education) -অৰ মান্যতাপ্ৰাপ্ত।১
অৱস্থান আৰু পৰিবহণ
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসমৰ যোৰহাট জিলাৰ সদৰ যোৰহাট মহানগৰৰ পূবে প্ৰায় চাৰি কি.মি. দূৰৰ গড়মূৰ অঞ্চলত অৱস্থিত। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ দিনৰ আৰু ৰাতিৰ বাছ পোৱা যায়, পথ প্ৰায় ৬ ঘণ্টাৰ। যোৰহাটৰ ৰৰৈয়া বিমানকোঠলৈ গুৱাহাটী, কলিকতা আৰু নতুন দিল্লীৰ ৰপৰা বায়ু সংযোগ আছে। ৰেলপথেৰে গুৱাহাটীৰ পৰা ওচৰৰ যোৰহাট টাউন ৰেলৱে ষ্টেচন আৰু মৰিয়নি জংচন লৈকে প্ৰত্যক্ষ ৰেল সংযোগ পোৱা যায়। যোৰহাটৰপৰা মহাবিদ্যালয়লৈ মহাবিদ্যালয়ৰ বাছ আৰু ব্যক্তিগত অট'ৰিক্সা পোৱা যায়।
চৌহদ
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় এক সম্পূৰ্ণৰূপে আবাসিক মহাবিদ্যালয়। ইয়াৰ চৌহদ ভোগদৈ নদীৰ পাৰত যোৰহাটৰ ৪ কি:মি: পূবে অৱস্থিত। ইয়াতেই হোষ্টেলসমূহ আৰু শিক্ষক আৰু অন্যান্য কৰ্মচাৰীৰ আবাসসমূহ অৱস্থিত। ইয়াত এখন চিকিৎসালয়, এখন প্ৰাথমিক বিদ্যালয়, ক'অপাৰেটিভ ষ্ট'ৰ, কেণ্টিন আৰু অন্যান্য আনুষংগিক দোকান আদিও আছে। ছাত্ৰ-ছাত্ৰী সকলৰ খেলাৰ বাবে মহাবিদ্যালয়ৰ খেলপথাৰ আৰু অন্যান্য কাৰ্য্যকলাপৰ বাবে হ'বি চেণ্টাৰ আছে। মহাবিদ্যালয়ৰ পৰা নিৰ্দিষ্ট সময়ৰ অন্তৰত যোৰহাট নগৰলৈ মহাবিদ্যালয়ৰ বাচ চলাচল কৰে।
ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিত্বৰ কাৰণে মহাবিদ্যালয়ত গণতান্ত্ৰিক "একতা সভা" আছে। প্ৰত্যেক বছৰতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ খেল আৰু সংস্কৃতি উৎসৱ "মহাবিদ্যালয় সপ্তাহ" উদ্যাপন কৰে।
ছাত্ৰাবাস
মহাবিদ্যালয়ত ৮টা ল'ৰাৰ আৰু ২টা ছোৱালীৰ হোষ্টেল আছে। প্ৰত্যেক ছাত্ৰাবাসত এজনকৈ শিক্ষক পৰিদৰ্শক আৰু ৩-৪ জনকৈ ছাত্ৰ/ছাত্ৰী মণিটৰে তত্ত্বাৱধান কৰে। ছাত্ৰাবাসত মেচ, কমনৰূম আদি সুবিধাসমূহ আছে। ছাত্ৰাবাসসমূহৰ নিজৰ নিজৰ পুথিভঁৰাল, অধ্যয়নকক্ষ আৰু জীমনেচীয়াম আছে।
শিক্ষা
মহাবিদ্যালয়ত নিম্নোক্ত শাখাসমূহত শিক্ষা আৰু ডিগ্ৰী প্ৰদান কৰা হয়-
স্নাতক পৰ্যায়ৰ
| + স্নাতক পৰ্যায়ৰ বিষয়সমূহ আৰু শিক্ষাৰ্থীৰ সংখ্যা (২০১২ চন) | বিষয় | ক্ষমতা |
| মেকানিকেল ইঞ্জিনিয়াৰিং | ৯০ | |
| কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং | ৬০ | |
| ইলেক্ট্ৰনিকেল ইঞ্জিনিয়াৰিং | ৬০ | |
| ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং | ৩০ | |
| চিভিল ইঞ্জিনিয়াৰিং | ৭৫ |
স্নাতকোত্তৰ
| + স্নাতকোত্তৰ পৰ্য্যায়ৰ বিষয়সমূহ আৰু শিক্ষাৰ্থীৰ সংখ্যা (২০১২ চন) | বিষয় | সময় | ক্ষমতা |
| মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যন (MCA) | ৩ বছৰ | ৩০ | |
| প্ৰডাকশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং | ২ বছৰ | ১৫ |
ট্ৰেইনিং আৰু প্লেচমেণ্ট
মহাবিদ্যালয়ৰ ট্ৰেইনিং আৰু প্লেচমেণ্ট চেল -এ ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপ ট্ৰেইনিং আৰু কেম্পাচ ইণ্টাৰভিউসমূহ চোৱাচিতা কৰে। ২০১২ চনৰ ওচৰে পাজৰে অহা কোম্পানীসমূহ হ'ল ONGC, OIL, TCS, Punj Lloyd, Indian Army, Assam State Electricity Board(ASEB),Numaligarh Refinary Ltd(NRL),Vedanta আদি। মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংস্থাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য দেখুৱাইছে।
পুথিভঁৰাল আৰু বুক বেংক
মহাবিদ্যালয়ত এটা কেন্দ্ৰীয় পুথিভঁৰালৰ বাহিৰেও বিভাগ আৰু ছাত্ৰাবাসসমূহত নিজা লাইব্ৰেৰী আৰু এটা বুক বেংক আছে। পুথিভঁৰালসমূহ পৰিপুষ্ট। বুক বেংকৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে বছৰটোৰবাবে পঢ়িবলৈ নিজৰ নিজৰ বিষয়সমূহৰ বাবে কিতাপ ধাৰলৈ পায়।
বহিৰ্সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৫৮০৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।