কেমব্ৰিজ বিশ্ববিদ্যালয় (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম "দ্য চেঞ্চেলৰ, মাষ্টাৰ্ছ্, এণ্ড্ স্কলাৰ্ছ্ অৱ্ দা ইউনিভাৰ্ছিটি অৱ্ কেমব্ৰিজ") ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। ১২০৯ চনত প্ৰতিষ্ঠা১ লাভ কৰা এই বিশ্ববিদ্যালয়খন বিশ্বৰ ইংৰাজী-ভাষী অঞ্চলসমূহৰ দ্বিতীয় পুৰণি আৰু আজিলৈ বৰ্তি থকা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত চতুৰ্থ পুৰণি বিশ্ববিদ্যালয়।২ ১২৩১ চনত কিং হেনৰি ৩য়ে কেমব্ৰিজক ৰয়েল চাৰ্টাৰ অনুমোদন কৰিছিল। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কেইজনমান সদস্যৰ স্থানীয় লোকৰ সৈতে বিবাদ হোৱাৰ পিছত তেওঁলোকে কেমব্ৰিজত এই বিশ্ববিদ্যালয়খন গঢ় দিছিল।৩ এই দুই পুৰণি বিশ্ববিদ্যালয়ৰ মাজত ভালেমান দিশত সাদৃশ্য আছে। দুয়োখন বিশ্ববিদ্যালয়ক একেলগে 'অক্সব্ৰিজ' শব্দটোৰে বুজোৱা হয়। কেমব্ৰিজৰ দীঘলীয়া ইতিহাস আৰু প্ৰভাৱে ইয়াক বিশ্বৰ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয়ৰ এখন ৰূপে পৰিগণিত কৰিছে।৪
কেমব্ৰিজ বিশ্ববিদ্যালয়খন ৩১খন সদস্য মহাবিদ্যালয় আৰু ১০০তকৈও অধিক বিভাগকে ধৰি ভালেমান অনুষ্ঠানৰ সন্মিলনত গঢ়ি উঠিছে। এই বিভাগসমূহক ৬খন স্কুলত বিভক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ অন্যতম বিভাগ কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছ বিশ্বৰ প্ৰাচীনতম প্ৰকাশন সংস্থা আৰু বিশ্বৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয় প্ৰকাশক। কেমব্ৰিজে ৮টাকৈ সাংস্কৃতিক আৰু বৈজ্ঞানিক সংগ্ৰহালয়ো পৰিচালনা কৰি আহিছে। ইয়াৰ ভিতৰত ফিট্জ্ৱিলিয়াম সংগ্ৰহালয় আৰু বোটানিক গাৰ্ডেন বিশেষভাৱে উল্লেখযোগ্য। কেমব্ৰিজৰ পুথিভঁৰালবোৰত সৰ্বমুঠ ১৫ নিযুত কিতাপ আছে। ইয়াৰে ৮ নিযুত কিতাপ বিশ্ববিদ্যালয়ৰ মূল পুথিভঁৰাল "কেমব্ৰিজ বিশ্ববিদ্যালয় পুথিভঁৰাল"ত সংৰক্ষিত হৈ আছে।
ইতিহাস
দ্বাদশ শতিকাৰ শেষলৈ কেমব্ৰিজৰ ওচৰতে থকা ইলিৰ বিশ্বপ গীৰ্জাৰ সন্যাসীসকলৰ বাবে কেমব্ৰিজ ঠাইখনৰো শৈক্ষিক আৰু গীৰ্জা এলেকা হিচাপে নাম আছিল। কিন্তু অক্সফ'ৰ্ডত হোৱা ঘটনা এটাৰ বাবেহে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ স্থাপন হ'লগৈ বুলি ভবা হয়। এগৰাকী মহিলাৰ মৃত্যুক লৈ অক্সফ'ৰ্ডৰ তিনিজন শিক্ষাৰ্থীক নগৰ কৰ্তৃপক্ষই ফাঁচী দিছিল। এনেবোৰ ক্ষেত্ৰত সাধাৰণতে গীৰ্জা কৰ্তৃপক্ষই অগ্ৰাধিকাৰ পায়। তেওঁলোকে শিক্ষাৰ্থীকেইজনক হয়তো ক্ষমা কৰি দিলেহেঁতেন। কিন্তু সেইসময়ত গীৰ্জাৰ সৈতে কিং জনৰ বিবাদ চলি আছিল বাবে নগৰ কৰ্তৃপক্ষই এই ঘটনাটোক লৈ গীৰ্জাৰ সৈতে কোনোধৰণৰ আলোচনা নকৰিলে। নগৰবাসীয়ে অধিক হিংসাৰ পৰিৱেশ সৃষ্টি কৰাৰ আশংকাত অক্সফ'ৰ্ডৰ শিক্ষাৰ্থীসকলে পেৰিছ, ৰিডিং, কেমব্ৰিজ আদি আন চহৰসমূহলৈ যাবলৈ ধৰিছিল। অক্সফ'ৰ্ডত পুনৰ নিৰাপদভাৱে শিক্ষা আৰম্ভ কৰাৰ পৰিৱেশ ঘূৰি অহালৈ কেমব্ৰিজত ইতিমধ্যে যথেষ্ট শিক্ষাৰ্থী গোট খাইছিল। এনেদৰেই এখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ পথ প্ৰশস্ত হ'ল।
১২৩৩ চনত পোপ গ্ৰেগৰি নৱমে এখন ঘোষণাপত্ৰৰ যোগেৰে কেমব্ৰিজৰ স্নাতকধাৰী শিক্ষাৰ্থীসকলক খ্ৰীষ্টিয়ান সম্প্ৰদায় থকা সকলো ঠাইতে শিক্ষাদানৰ অধিকাৰ প্ৰদান কৰিছিল। ১২৯০ চনত পোপ নিকোলাছ চতুৰ্থই এখন চিঠিত কেমব্ৰিজক এখন studium generale বুলি বৰ্ণনা কৰিছিল। ১৩১৮ চনত পোপ জন দ্বাবিংশই এখন ঘোষণাপত্ৰৰ জৰিয়তে এয়া সুনিশ্চিত কৰিছিল। ইয়াৰ পিছত মধ্যযুগীয় আন ইউৰোপীয়ান বিশ্ববিদ্যালয়সমূহৰ পৰা গৱেষকসকলে কেমব্ৰিজলৈ অধ্যয়নৰ বাবে বা পাঠদানৰ বাবে আহিবলৈ লোৱাটো স্বাভাৱিক ঘটনা হৈ পৰিল।
তথ্যসূত্ৰ
- ↑ (2013-01-28). Early records. University of Cambridge
- ↑ Sager, Peter. (2005). Oxford and Cambridge: An Uncommon History
- ↑ A Brief History: Early records. University of Cambridge
- ↑ (4 May 2016). World's most prestigious universities 2016. Times Higher Education
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেমব্ৰিজ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩১৯১৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।