অসম বিশ্ববিদ্যালয় অসমৰ কাছাৰ জিলাত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় খনত মুঠ ষোল্লখন বিদ্যাপীঠ আছে, এইসমূহত সমাজ বিজ্ঞান, কলা, জীৱ বিদ্যা, ভৌতিক বিদ্যা, পৰিৱেশ বিদ্যা, তথ্য বিজ্ঞান, প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিদ্যাপীঠ আদি অন্তৰ্ভুক্ত। এই ষোল্লখন বিদ্যাপীঠৰ অধীনত বিশ্ববিদ্যালয়খনত মুঠ ৩৫টা বিভাগ আছে। অসমৰ পাঁচখন জিলাত বিশ্ববিদ্যালয়খনৰ অধীনত মুঠ ৫৬খন স্নাতক মহাবিদ্যালয় আছে।
বিশ্ববিদ্যালয় খনৰ মূল চৌহদৰ মাটিকালি প্ৰায় ৬০০ একৰ (২.৪ বৰ্গ কি.মি.), ই শিলচৰৰ পৰা ২০ কি.মি. নিলগৰ দুৰ্গাকোনাত অৱস্থিত, আনহাতেদি বিশ্ববিদ্যালয়খনৰ দ্বিতীয়টো চৌহদ কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত।
বিদ্যাপীঠ আৰু বিভাগসমূহ
বিশ্ববিদ্যালয় খনৰ বিদ্যাপীঠ আৰু বিভাগসমূহ হৈছে:
অবনিন্দ্ৰনাথ থাকুৰ সৃষ্টিশীল কলা আৰু সংযোগ বিজ্ঞান বিদ্যাপীঠ
- গণসংযোগ বিভাগ
- ভিজুৱেল আৰ্টচ বিভাগ
হৰগোবিন্দ খোৰাণা জীৱ বিজ্ঞান বিদ্যাপীঠ
- ঊদ্ভিদ বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- জৈৱ-প্ৰযুক্তিবিজ্ঞান বিভাগ
- আণৱিক জীৱবিজ্ঞান বিভাগ
- জীৱ বিজ্ঞান আৰু জৈৱতথ্যবিজ্ঞান বিভাগ
শুশ্ৰুত চিকিৎসাবিজ্ঞান আৰু পেৰামেডিকেল বিদ্যাপীঠ
- ফাৰ্মাচিউটিকেল বিজ্ঞান বিভাগ
ই. পি. অ’ডাম পৰিবেশ বিজ্ঞান বিদ্যাপীঠ
- পৰিবেশবিজ্ঞান বিভাগ
সৰ্বপল্লী ৰাধাকৃষ্ণন দৰ্শন বিদ্যাপীঠ
- দৰ্শন বিভাগ
জৱাহৰলাল নেহেৰু ব্যৱস্থাপনা বিদ্যাপীঠ
- ব্যৱসায় ব্যৱস্থাপনা বিভাগ
এলবাৰ্ট আইনষ্টাইন ভৌতিক বিজ্ঞান বিদ্যাপীঠ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
- ৰসায়ন বিজ্ঞান বিভাগ
- পদাৰ্থ বিজ্ঞান বিভাগ
- পৰিসংখ্যা বিজ্ঞান বিভাগ
- গণিত বিভাগ
ৰবীন্দ্ৰনাথ থাকুৰ ভাৰতীয় ভাষা আৰু সাংস্কৃতিক অধ্যয়ন বিদ্যাপীঠ
- ভাষাবিজ্ঞান বিভাগ
- বাংলা বিভাগ
- হিন্দী বিভাগ
- মণিপুৰী বিভাগ
- সংস্কৃত বিভাগ
- উৰ্দু বিভাগ
সুনীতি কুমাৰ চট্টোপাধ্যায় ইংৰাজী আৰু বিদেশী ভাষা অধ্যয়ন বিদ্যাপীঠ
- ইংৰাজী বিভাগ
- আৰবিক বিভাগ
- ফৰাচী বিভাগ
মহাত্মা গান্ধী অৰ্থনীতি আৰু বাণিজ্য বিদ্যাপীঠ
- অৰ্থনীতি বিজ্ঞান বিভাগ
- বাণিজ্য বিভাগ
আশোতোষ মুখাৰ্জী শিক্ষা বিদ্যাপীঠ
- শিক্ষা বিজ্ঞান বিভাগ
যদুনাথ সৰকাৰ সমাজ বিজ্ঞান বিদ্যাপীঠ
- নৃতত্ত্ব বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- সমাজ সেৱা বিভাগ
- সমাজতত্ত্ব বিভাগ
আৰ্যভট্ট ধৰিত্ৰী বিজ্ঞান বিদ্যাপীঠ
- ধৰিত্ৰী বিজ্ঞান বিভাগ
স্বামী বেবেকানন্দ গ্ৰন্থাগাৰ বিদ্যাপীঠ
- গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগ
দেশবন্ধু চিত্তৰঞ্জন ন্যায় বিদ্যা বিদ্যাপীঠ
- আইন আৰু ন্যায় বিভাগ
ত্ৰিগুণা সেন প্ৰযুক্তিবিদ্যা বিদ্যাপীঠ
- কৃষি অভিযান্ত্ৰিক বিভাগ
- অণুবিদ্যুত আৰু টেলিকমিউনিকেচন অভিযান্ত্ৰীক বিভাগ
- তথ্য প্ৰযুক্তিবিদ্যা বিভাগ১
গ্ৰন্থাগাৰ, কেন্দ্ৰসমূহ আৰু আন্যান্য সুবিধাসমূহ
- গ্ৰন্থাগাৰ: কেন্দ্ৰীয় পুথিভঁৰাল
১৯৯৪ চনত এই পুথিভঁৰালটো স্থাপন কৰা হয়। পুথিভঁৰালটো বৰ্তমানৰ নতুন পুথিভঁৰাল আৰু কম্পিউটাৰ কেন্দ্ৰ ভৱনলৈ ২০০৬ চনত স্থানান্তৰ কৰা হয়। বৰ্তমানৰ ভৱনটো প্ৰায় ৩৮,৭০০ বৰ্গ ফুটৰ। পুথিভঁৰালৰ গ্ৰন্থসমূহ মুঠ ১৩ শাখাত বিভক্ত:
- পাঠ্যপুঠি,
- কলা আৰু সমাজ বিজ্ঞান (ব্যৱসায়, বাণিজ্য আৰু তথ্য বিজ্ঞান সামৰি),
- ভাষাবিজ্ঞান,
- বিজ্ঞান,
- তথ্যসমল,
- আলোচনী (বৰ্তমান আৰু পুৰণি সংখ্যা সমূহ),
- গৱেষণা পত্ৰ,
- কণফাৰেঞ্চ কাৰ্যবিৱৰণী,
- ঊপহাৰ,
- দানসূত্ৰে পোৱা হাতেলিখা গ্ৰন্থ আৰু মূল্যবান নথি পত্ৰ,
- উত্তৰ পূৱ সংগ্ৰহাৱলী,
- দৃশ্য-শ্ৰাব্য সংগ্ৰহাৱলী,
- ডিজিটেল তথ্যৰ ভঁৰাল, ই-মুখপত্ৰ আৰু আলোচনীসমূহ
পুথিভঁৰালটোত প্ৰায় ১,০৯,০০০ গ্ৰন্থ আছে, পুথিভঁৰালটোত ৪৬০খন ভাৰতীয় আৰু ১০০খন বেদেশী পত্ৰিকাৰ সুবিধা ঊপলব্ধ। ২
- কম্পিউটাৰ কেন্দ্ৰ:
৯ম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ অধীনত ১৯৯৭ চনত বিশ্ববিদ্যালয়খনত কম্পিউটাৰ কেন্দ্ৰটি স্থাপন কৰা হয়।
- স্বাস্থ্য কেন্দ্ৰ
- ছাত্ৰাবাস:
বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত তিনিটা ছাত্ৰাবাস আৰু চাৰিটা ছাত্ৰীনিৱাস আছে, সকলো ছাত্ৰাবাস সৰ্বমুঠ প্ৰায় ৬০০টা কোঠা ছাত্ৰ ছাত্ৰ সমূহৰ বাবে ঊপলব্ধ।
- অতিথিশালা:
১২টা কোঠাৰ বিশ্ববিদ্যালয়ৰ এটি অতিথিশালা আছে।
- কেণ্টিন
- যাতয়ত:
শিলচৰ আৰু বিশ্ববিদ্যালয়ৰ মাজত যাতায়াতৰ বাবে ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীৰৰ বাবে এঘাৰখন বাছৰ ব্যৱস্থা আছে।
- ঊচ্চস্তৰীয় বৈজ্ঞানিক যন্ত্ৰ পাতি৩
শৈক্ষিক সহঃযোগিতা
- শ্বাহজালাজ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, বাংলাদেশ
- নিহ’ন বিশ্ববিদ্যা্লয়, জাপান
- মণ্ট্ৰিয়েল বিশ্ববিদ্যালয়, কানাডা
- জিআও টং বিশ্ববিদ্যালয়, চীন
- নানটেচ বিশ্ববিদ্যালয়, ফান্স
- ক’বে বিশ্ববিদ্যালয়, জাপান
- ঢাকা বিশ্ববিদ্যালয়, বাংলাদেশ
- চিট্টাগং বিশ্ববিদ্যালয়, বাংলাদেশ
- জাহাংগীৰনগৰ বিশ্ববিদ্যালয়, বাংলাদেশ
- জগন্নাথ বিশ্ববিদ্যালয়, বাংলাদেশ
- ৰাজশ্বাহী বিশ্ববিদ্যালয়, বাংলাদেশ
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৮১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।