দ্বীপেন বৰুৱা (Dwipen Baruah) এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। তেখেতে অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰাৰ উপৰিও ৰঞ্জী ট্ৰফীৰ খেলতো অসমক প্ৰতিনিধিত্ব কৰিছিল।১
চমু জীৱনী
জন্ম
দ্বীপেন বৰুৱাৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৯ নবেম্বৰ তাৰিখে গুৱাহাটী লতাশিলত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। লতাশিলৰ বৰুৱা পৰিয়ালৰ এখেত সৰ্বকনিষ্ঠ পুত্ৰ আছিল। বৰুৱা পৰিয়ালৰ আটাইকেইগৰাকী সন্তানেই অসমীয়া কলা-ক্ষেত্ৰৰ ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে।১২৩
শিক্ষা
দ্বীপেন বৰুৱাই প্ৰাথমিক শিক্ষা লাভ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা। পিছত তেওঁ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে কিন্তু কিবা কাৰণত স্কুল ট্ৰেন্সফাৰ লৈ পুনৰ কামৰূপ একাডেমীত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ত ভৰ্তি হয় আৰু তাৰেপৰাই ৰাজনীতি বিজ্ঞান আৰু শিক্ষা বিষয়ত বি.এ. পাচ কৰে।
ক্ৰিকেটাৰ জীৱন
দ্বীপেন বৰুৱাৰ দাদা-বাইদেউ সকলোৱে সংগীত, নাটক, বোলছবি জগতত জীৱন আৰম্ভ কৰাৰ বিপৰীতে তেওঁ জড়িত হৈ পৰিছিল ক্ৰিকেট খেলত। ক্ৰিকেটাৰ হিচাপে তেওঁ ১৯ বছৰৰ অনুৰ্ধৰ বাবে অনুষ্ঠিত 'কোচ বিহাৰ ট্ৰফী'ত অংশগ্ৰহণ কৰিছিল। একেখন প্ৰতিযোগিতাতে তেখেতে অধিনায়ক হিচাপে দলক নেতৃত্ব দিছিল। তেখেতে 'পূৱ মণ্ডল'ৰ দলৰ খেলুৱৈ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশগ্ৰহণ কৰাৰ উপৰিও ৰঞ্জি ট্ৰফী-তো অসমৰ হৈ খেলিছিল।১ ক্ৰিকেট খেলত দ্বীপেন বৰুৱাই অল ৰাউণ্ডাৰ হিচাপে খেলিছিল।
কণ্ঠশিল্পী জীৱন
১৯৬৮ চনত দ্বিপেন বৰুৱাৰ ককায়েক ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ) চলচ্চিত্ৰৰ জৰিয়তে তেখেত সংগীতৰ ক্ষেত্ৰলৈ আহে। দ্বীপেন বৰুৱাই খুব ৰেডিঅ'ৰ গান শুনে আৰু গুণগুণাই থাকে। তেখেতৰ মাতটো যে টিউনত আছে, এই কথা তেখেতৰ জ্যেষ্ঠ ভাতৃ সঙ্গীত পৰিচালক ৰমেন বৰুৱাই মন কৰাৰ লগতে তেখেতৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱায়ো মন কৰিছিল। ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ) নিৰ্মাণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকা সময়ত এদিন পৰিচালক ব্ৰজেন বৰুৱাই সঙ্গীত পৰিচালক ৰমেন বৰুৱাক ছবিখনৰ গীত দ্বিপেন বৰুৱাৰ হতুৱাই গোৱালে কেনে হয় সুধিলে। আৰু তেনেকৈয়ে তেখেতে ডক্তৰ বেজবৰুৱাত গীত গোৱাৰ সুযোগ লাভ কৰিলে। তাৰ পাছৰেপৰা তেখেতে ক্ৰিকেট খেল বাদ দি সংগীতৰ ক্ষেত্ৰলৈ আহে।১ ডাক্তৰ বেজবৰুৱাৰ গানসমূহ জনপ্ৰিয় হৈছিল আৰু তাৰ পাছতে দ্বিপেন বৰুৱাই কেইবাখনো ছবিৰ নেপথ্য গায়ক হিচাপে ভূমুকি মাৰে।৪
দ্বীপেন বৰুৱাই বহু দেৰীকৈ ৬৪ বছৰ বয়সত বিবাহ-পাশত আৱদ্ধ হয়। তেখেতৰ পত্নী জোৎস্না ৰহমানৰ লগত তৰামাই (১৯৭৬) ছবি নিৰ্মাণৰ সময়তে প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল যদিও পৰিয়ালৰ অসুবিধাৰ বাবে বিয়া হোৱা নাছিল। ২০০৯ চনৰ ২১ ছেপ্টেম্বৰত দ্বিপেন বৰুৱা আৰু ছৈয়দা জোৎস্না ৰহমানৰ বিবাহ সম্পন্ন হয়।৫
দ্বীপেন বৰুৱাই বৰ্তমানলৈ ৫০ খনৰো অধিক অসমীয়া চলচ্চিত্ৰৰ নেপথ্য সংগীত-ত কণ্ঠদান কৰিছে। সংগীত পৰিচালক, ককায়েক, ৰমেন বৰুৱাৰ পৰিচালনাত তেখেতে গোৱা কেবাটাও গান বৰ্তমানেও অতি জনপ্ৰিয়। বৰ্তমানেও দ্বীপেন বৰুৱাই মঞ্চানু্ষ্ঠান, দূৰদৰ্শন অনুষ্ঠান আদিত গান গাই আহিছে।
কণ্ঠদান কৰা চলচ্চিত্ৰৰ তালিকা
দ্বীপেন বৰুৱাই কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ এখন তালিকা৬৭:
| ছবিৰ নাম | ভাষা | পৰিচালক | সঙ্গীত পৰিচালক | বৰ্ষ |
|---|---|---|---|---|
| ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ) | অসমীয়া | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | ১৯৬৯ |
| বৰুৱাৰ সংসাৰ | অসমীয়া | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৯৭০ |
| মুকুতা | অসমীয়া | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | ১৯৭০ |
| মানৱ আৰু দানৱ | অসমীয়া | ইন্দুকল্প হাজৰিকা | জীতু-তপন | ১৯৭১ |
| অৰণ্য | অসমীয়া | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | সুধীন দাশগুপ্ত | ১৯৭১ |
| যোগ-বিয়োগ | অসমীয়া | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ১৯৭১ |
| উত্তৰ শূন্য | অসমীয়া | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | সুধীন দাশগুপ্ত | ১৯৭১ |
| ললিতা | অসমীয়া | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | ১৯৭২ |
| ওপজা সোণৰ মাটি (চলচ্চিত্ৰ) | অসমীয়া | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | ১৯৭২ |
| হৃদয়ৰ প্ৰয়োজন | অসমীয়া | গৌৰী বৰ্মন | ৰমেন বৰুৱা | ১৯৭২ |
| উপগ্ৰহ | অসমীয়া | ভৱেন দাস | জীতু-তপন | ১৯৭২ |
| উত্তৰণ | অসমীয়া | মনোৰঞ্জন শুৰ | ১৯৭৩ | |
| অভিযান | অসমীয়া | সুজিত সিংহ | জীতু-তপন | ১৯৭৩ |
| গণেশ | অসমীয়া | এ কে ফিল্মচ | অজিত সিংহ | ১৯৭৩ |
| সোণতৰা | অসমীয়া | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৯৭৩ |
| পৰিণাম | অসমীয়া | প্ৰবীন বৰা | ৰমেন বৰুৱা | ১৯৭৪ |
| তৰামাই | অসমীয়া | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ১৯৭৬ |
| সোণমা | অসমীয়া | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৯৭৭ |
| মৰমী | অসমীয়া | দীজেন্দ্ৰ নাৰায়ন দেৱ | ৰমেন বৰুৱা | ১৯৭৮ |
| মৰম | অসমীয়া | দ্বিবন বৰুৱা | ১৯৭৮ | |
| আশ্ৰয় | অসমীয়া | দুলাল ৰয় | ৰমেন বৰুৱা | ১৯৭৯ |
| সোণৰ হৰিণ | অসমীয়া | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | তফজ্জুল আলি | ১৯৭৯ |
| মেঘমুক্তি | অসমীয়া | বন্ধু | খগেন মহন্ত | ১৯৭৯ |
| আজলী নবৌ | অসমীয়া | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৯৮০ |
| ৰজা হৰিশ্চন্দ্ৰ | অসমীয়া | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ১৯৮০ |
| মন আৰু মৰম | অসমীয়া | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ১৯৮০ |
| মানসী | অসমীয়া | বলাই সেন | ৰমেন বৰুৱা | ১৯৮১ |
| উত্তৰ শূন্য | অসমীয়া | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ১৯৮১ |
| ৰজনী গন্ধা | অসমীয়া | প্ৰফুল্ল কুমাৰ বৰুৱা | কুমাৰ ৰঞ্জন | ১৯৮১ |
| ৰাজা | অসমীয়া | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | ৰমেন বৰুৱা | ১৯৮২ |
| ককাদেউতা নাতি আৰু হাতী | অসমীয়া | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৯৮০ |
| শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি | অসমীয়া | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৯৮৩ |
| এণ্টনী মোৰ নাম | অসমীয়া | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৯৮৬ |
| দীপজ্যোতি | অসমীয়া | প্ৰদ্যুৎ বসু | ৰমেন বৰুৱা | ১৯৮৬ |
| আই মোৰ জনমে জনমে | অসমীয়া | নিপ বৰুৱা | অনুপম চৌধুৰী | ১৯৮৮ |
| অজলা ককাই | অসমীয়া | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ১৯৮৯ |
| ইমান মৰম কিয় লাগে | অসমীয়া | অলক নাথ | মনোজ শৰ্মা | ২০০২ |
| তুমিয়ে মোৰ কল্পনাৰ | অসমীয়া | বিপুল কুমাৰ বৰুৱা | নয়নমণি বৰুৱা আৰু জয়ন্ত দাস | ২০০২ |
প্ৰাপ্ত বঁটা
- ২০১৫ চনত অসম চৰকাৰে তেখেতক শিল্পী বঁটা প্ৰদান কৰে।
- ২০১৮ চনত অসম চৰকাৰ প্ৰদত্ত ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ প্ৰমথেশ বৰুৱা জীৱনজোৰা সাধনা বঁটা লাভ কৰে।
- ২০২৪ চনত অসম চৰকাৰে তেখেতক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ প্ৰদান কৰে।
- ২০২৫ চনত প্ৰাইড ইষ্ট ইণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড প্ৰদত্ত জীৱনজোৰা সাধনা বঁটা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰা লাভ কৰে।
- ২০২৬ চনত অসমৰ চেটেলাইট নিউজ চেনেল প্ৰাগ নিউজ প্ৰদত্ত প্ৰাগ চাইন জীৱনজোৰা সাধনা বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Dwipen Baruah - The voice in million hearts. Abhijit Borah). onlinesivasagar.com
- ↑ নিভা ৰাণী ৰায়. (২০০৬). ঐতিহ্যমণ্ডিত সেই ঘৰখন. অসমীয়া সা ৰে গা মা
- ↑ ঈশান বৰুৱা. (২০০৬). লতাশিলৰ বৰুৱা পৰিয়াল. অসমীয়া সা ৰে গা মা
- ↑ চন্দন শৰ্মা. (২০০৬). ৰমেন বৰুৱাঃ এক অসামান্য সঙ্গীতান্বেষণ. অসমীয়া সা ৰে গা মা
- ↑ Love in 1976, marriage in 2009; no 'Love Aaj kal' for Dwipen www.the northlines.com 09-03-2009 আহৰণ কৰা তাৰিখঃ ০২-০২-২০১৩
- ↑ ALL TIME GREATS-DIPEN BARUAH. hamaracd.com
- ↑ পবিত্ৰ কুমাৰ ডেকা. (২০০৬). অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল. অসমীয়া সা ৰে গা মা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বীপেন বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১৬১৩৫ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।