অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

যোগ-বিয়োগ

যোগ-বিয়োগ (Jog Biyog) ১৯৭১ চনত মুক্তি পোৱা এখন সঙ্গীত-মধুৰ অসমীয়া চলচ্চিত্ৰ। পৰিচালনা দ্বিবন বৰুৱাৰ। বৰুৱাই ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। প্ৰযোজনা কৰিছিল সুপ্ৰভা দেৱীয়ে। সঙ্গীত ৰমেন বৰুৱাৰ। শব্দগ্ৰহণ অনিল দাসগুপ্তৰ।

হালনাগাদ: ১৯ জুলাই ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

যোগ-বিয়োগ (Jog Biyog) ১৯৭১ চনত মুক্তি পোৱা এখন সঙ্গীত-মধুৰ অসমৰ চলচ্চিত্ৰ। পৰিচালনা দ্বিবন বৰুৱাৰ। বৰুৱাই ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। প্ৰযোজনা কৰিছিল সুপ্ৰভা দেৱীয়ে। সঙ্গীত ৰমেন বৰুৱাৰ। শব্দগ্ৰহণ অনিল দাসগুপ্তৰ। ২০১৩ চনত যোগ বিয়োগ ছবিৰ একমাত্ৰ প্ৰিণ্টটো জৰাজীৰ্ণ ৰূপত উদ্ধাৰ হয় আৰু সেইটো দূৰদৰ্শনযোগে সম্প্ৰচাৰিত কৰা হয়।১

কাহিনীৰ সাৰাংশ

নীৰু আৰু ধনীঘৰৰ সন্তান দীপকৰ মাজত বন্ধুত্ব হ’ল আৰু তাৰ ফলস্বৰূপে নীৰুৰ দেহত মাতৃত্বৰ চিন ফুটি উঠিল। উপায়হীন হৈ নীৰু ডাক্তৰ ফুকনৰ ওচৰ চাপিল। ডাক্তৰ ফুকনৰ চেষ্টাত দীপকে নীৰুক বিয়া কৰাবলৈ সন্মত হ’ল; কিন্তু এটা চৰ্তত। দীপকৰ সন্মান বচাবলৈ নীৰুৱে সন্তানটো নষ্ট কৰিব লাগিব। ডাক্তৰ ৰাজি হ’ল। বিনিময়ত দহহাজাৰ টকা দিব লাগিব। লগতে নীৰুৱে ডাক্তৰৰ শুশ্ৰূষা কেন্দ্ৰটোত কেইমাহমান থাকিব লাগিব।১

দুয়োৰো বিয়া হৈ গ’ল। তেওঁলোকৰ ছোৱালী এজনী ওপজিল। নাম থলে দীপা। লাহেলাহে দীপা ডাঙৰ হৈ আহিল আৰু দীপকৰ বন্ধুপুত্ৰ পৰাণৰ লগত ঘনিষ্ঠতা গঢ়ি উঠিল।১

গাঁৱৰ ল’ৰা নয়ন। গাঁৱৰে ছোৱালী জয়াক বিয়া পতাৰ প্ৰতিশ্ৰুতি দি নয়ন এদিন চহৰলৈ আহিল ইঞ্জিনিয়াৰিং পঢ়িবলৈ আৰু ইঞ্জিনিয়াৰিঙৰ পঢ়া শেষ কৰি দীপকৰ কাৰখানাতে চাকৰি ল’লে। কিন্তু কালচক্ৰত ঘটনাই এদিন বেলেগ ৰুপ ললে।১

অভিনয় শিল্পী

  • ডাঃ হাদি আলম বৰা
  • ইলা কাকতি
  • মোৱাজ্জিন আলি
  • নিৰদা ভূঞা
  • ডাঃ মুনীন বৰুৱা
  • ভোলা কাকতি, ধীৰু ভূঞা, গিৰিণ বৰুৱা, গৌৰী বৰুৱা, মাষ্টাৰ সিদ্ধাৰ্থ, বেবী মঞ্জুলা( মঞ্জুলা বৰুৱা), বিদ্যুৎ চক্ৰৱৰ্তী, বেবী মাচু আদি।১

সঙ্গীত

সঙ্গীত-মধুৰ এই ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। গীত ৰচনা কেশৱ মহন্তৰ।২

বাহ্যিক সংযোগ

গানা ডট কমত যোগ-বিয়োগ ছবিৰ গীত শুনক

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)). Shashi Shisu Prakashan, Guwahati. পৃ. 186
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 151

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭১ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগ-বিয়োগ” প্ৰবন্ধৰ সংশোধন ৬১৮৩০০ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।