অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ৰঞ্জি ট্ৰফী

ৰঞ্জি ট্ৰফী ভাৰতৰ এক ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইংলেণ্ডৰ কাউণ্টি চেম্পিয়নশ্বিপ বা অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ এই প্ৰতিযোগিতাটিৰ নামকৰণ হৈছে নৱানগৰৰ জাম চাহিব শ্ৰী ৰঞ্জিতসিংজিৰ নামেৰে, যি ৰনজি নামে পৰিচিত…

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰঞ্জি ট্ৰফী ভাৰতৰ এক ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইংলেণ্ডৰ কাউণ্টি চেম্পিয়নশ্বিপ বা অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ এই প্ৰতিযোগিতাটিৰ নামকৰণ হৈছে নৱানগৰৰ জাম চাহিব শ্ৰী ৰঞ্জিতসিংজিৰ নামেৰে, যি ৰনজি নামে পৰিচিত আছিল। প্ৰতিযোগিতাটিত বৰ্তমান ৩৮টা দলে অংশ গ্ৰহণ কৰে।

ইতিহাস

প্ৰতিযোগিতাখন প্ৰথম অনুষ্ঠিত হৈছিল ১৯৩৪ চনত দ্য ক্ৰিকেট চেম্পিয়নশ্বিপ অব ইণ্ডিয়া নামেৰে। ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ প্ৰথম মেচখন ১৯৩৪ চনৰ ৪ নৱেম্বৰত মাদ্ৰাজ আৰু মাইচুৰৰ মাজত চীপকত অনুষ্ঠিত হৈছিল।১প্ৰতিযোগিতাখনৰ প্ৰথম চেম্পিয়ন হৈছিল বোম্বাই যিয়ে চূ্ড়ান্ত মেচ খনত উত্তৰ ভাৰতক পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলো মুম্বাই (পূৰ্বৰ বোম্বাই)। মুম্বাইয়ে বৰ্তমানলৈকে ৪১ বাৰ খিতাপ দখল কৰিছে।

ৰঞ্জিতসিংজি, যাৰ নামেৰে ৰঞ্জি ট্ৰফী প্ৰতিযোগিতাৰ নামকৰণ কৰা হৈছিল।
ৰঞ্জিতসিংজি, যাৰ নামেৰে ৰঞ্জি ট্ৰফী প্ৰতিযোগিতাৰ নামকৰণ কৰা হৈছিল।ছবি: Unknown author · Public domain

বৰ্তমানৰ দলসমূহ

বৰ্তমানৰ ৩৮টা দল হৈছে:

  • অন্ধ্ৰপ্ৰদেশ
  • অৰুণাচল প্ৰদেশ
  • অসম
  • বৰোদা
  • বংগ
  • বিহাৰ
  • চণ্ডীগড়
  • ছত্তীসগঢ়
  • দিল্লী
  • গোৱা
  • গুজৰাট
  • হাৰিয়ানা
  • হিমাচল প্ৰদেশ
  • হাইদৰাবাদ
  • জম্মু কাশ্মীৰ
  • ঝাৰখণ্ড
  • কৰ্ণাটক
  • কেৰালা
  • মধ্য প্ৰদেশ
  • মহাৰাষ্ট্ৰ
  • মণিপুৰ
  • মেঘালয়
  • মিজোৰাম
  • মুম্বাই
  • নাগালেণ্ড
  • উৰিষ্যা
  • পঞ্জাব
  • পণ্ডিচেৰী
  • ৰেলৱে
  • ৰাজস্থান
  • সৌৰাষ্ট্ৰ
  • চাৰ্ভিচেজ
  • ছিক্কিম
  • তামিল নাডু
  • ত্ৰিপুৰা
  • উত্তৰাখণ্ড
  • উত্তৰ প্ৰদেশ
  • বিদৰ্ভ

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Madras v Mysore

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জি ট্ৰফী” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৯৯ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।