হৃদয়ৰ প্ৰয়োজন ( Hridoyor Prayojan ) ১৯৭২ চনত মুক্তিপ্ৰাপ্ত, গৌৰী বৰ্মন পৰিচালিত এখন ক’লা-বগা অসমৰ চলচ্চিত্ৰ। হোমেন বৰগোহাঞিৰ কাহিনীৰ আধাৰত পৰিচালক বৰ্মনে ছবিৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। হৃদয়ৰ প্ৰয়োজনে চেঞ্চৰ বোৰ্ডৰ পৰা A-চাৰ্টিফিকেট লাভ কৰিছিল। A-চাৰ্টিফিকেট লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি।১
কাহিনীৰ সাৰাংশ
অজয় চহকী মাক-দেউতাকৰ একমাত্ৰ সন্তান। মাক-দেউতাকৰ মৰমৰ অত্যাচাৰত অজয়ৰ পূৰ্ণ বিকাশ হ’বলৈ নাপালে। সি মানসিক বিকাৰত ভুগিব ধৰিলে। লগতে যোগ হ’ল নাৰীৰ প্ৰতি বিদ্বেষ। নাৰীৰ প্ৰতি তাৰ এই আচৰণৰ বাবে দেউতাক বিজয় চৌধুৰীয়েই দায়ী। স্বাভাৱিকতে সি আংশিকভাবে যৌন অক্ষম হৈ পৰিল। পঢ়া-শুনাতো তাৰ গতি নালাগিল। দেউতাক চিন্তিত হৈ পৰিল, তেওঁৰ এই বিশাল সম্পত্তি তেওঁৰ অবৰ্তমানত কোনে ৰক্ষণাবেক্ষণ দিব। তেওঁ পুতেকৰ বিয়া পাতি দিয়াৰ মনস্থ কৰিলে। কিন্তু কোনেনো এই মানসিক বিকাৰগ্ৰস্থ ল’ৰাটোলৈ ছোৱালী দিব?১
সুমিতা ৰুপে-গুণে অতুলনীয়। ঘৰখনত মাক, এজনী বিধবা বায়েক আৰু দুজনী গাভৰু ভনীয়েক, মুঠ পাঁচটি প্ৰাণী। শিক্ষকতা কৰা দেউতাকৰ মৃত্যুৰ পিছত অশেষ কষ্টেৰে ঘৰখন চলিছে। সেয়েহে এম.এ. পাছ কৰাৰ পিছত ঘৰখনক জীপ দিবলৈ তাইৰ চাকৰি এটাৰ অতিকৈ প্ৰয়োজন।১
এই সুমিতাতে বিজয় চৌধুৰীয়ে পুতেকলৈ বিয়া কৰাই আনিলে আৰু এজন পিতৃৰ দায়িত্ব পালন কৰিলে। ঘৰখনক বচাবলৈ তাই অক্ষম ল’ৰা এটালৈ বিয়া হৈ আহিল সঁচা, কিন্তু লাহ-বিলাহৰ উপৰিও তাইৰোতো অন্য কিছুমান প্ৰয়োজন থাকিব পাৰে; এই কথাবোৰ জানিও চৌধুৰীয়ে নজনাৰ ভাও ধৰি থাকিল।১
অভিনয় শিল্পী
- অনিল দাস
- ৰমণী বৰ্মন
- দুলু জামাল
- ধীৰু ভূঞা
- গীতা চৌধুৰী
- মীনাক্ষী দাস
- অনুৰাধা দাস
- বীণা দাস মান্না
- নীনা চৌধুৰী
- জিতেন শৰ্মা
- পীৰবক্স
- অখিল ডেকা
- ৰাজেন শৰ্মা
- ঘন হাজৰিকা
- হেম ভট্ট
- ভানু চেতাৰ্জী
- মুস্তাফা (শিশুশিল্পী) আদি।১
কলা-কুশলী
(তথ্যছ’কত নথকা)
- বেনাৰ- কামাখ্যা চিত্ৰ
- শব্দগ্ৰহণ- অমূল্য
- কলা নিৰ্দেশনা- গৌৰী বৰ্মণ, বিজয় বসু
- সংলাপ- গৌৰী বৰ্মন১
সঙ্গীত
হৃদয়ৰ প্ৰয়োজনৰ সঙ্গীত পৰিচালনা কৰিছে ৰমেন বৰুৱাই। গীত লিখিছে কেশৱ মহন্ত আৰু সতীশ দাসে। ছবিখনত শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত এটাও অন্তৰ্ভুক্ত কৰা হৈছে।২
| ক্ৰমিক নং | গীতৰ শীৰ্ষ | কণ্ঠ | গীতিকাৰ | দৈৰ্ঘ্য |
|---|---|---|---|---|
| ১ | মৰিচিকা এই প্ৰেম এই কল্পনা | নীলিমা খাতুন | কেশৱ মহন্ত | |
| ২ | ইমান চেনেহ ইমান হেঁপাহ আছিল বুকু ভৰি | দ্বীপেন বৰুৱা | কেশৱ মহন্ত | |
| ৩ | ন সূৰুযৰ জ্যোতিত জ্বলিছে লক্ষ অগ্নিকণা | দ্বীপেন বৰুৱা, কৃষ্ণা বৰ্মন | কেশৱ মহন্ত | |
| ৪ | জোনাকৰ এই ঢৌৱে ঢৌৱে উতলা কৰে আমাৰো মন | দ্বীপেন বৰুৱা, নীলিমা খাতুন | সতীশ দাস | |
| ৫ | পাৱে পৰিহৰি কৰোহো কাতৰি, প্ৰাণ ৰাখবি মোৰ (বৰগীত) | কৃষ্ণা বৰ্মন | শংকৰদেৱ |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৃদয়ৰ প্ৰয়োজন” প্ৰবন্ধৰ সংশোধন ৩৯২৯২৩ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।