ডক্তৰ বেজবৰুৱা (Doctor Bezbaruah) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু ৰংঘৰ চিনে প্ৰডাকছন্ছৰ বেনাৰত নিৰ্মিত এইখন প্ৰথম অসমীয়া থ্ৰিলাৰধৰ্মী চিনেমা আছিল।১ ব্যৱসায়িক ভাৱে ডক্তৰ বেজবৰুৱা আছিল অত্যন্ত সফল অসমীয়া কথাছবি।২৩ ডক্তৰ বেজবৰুৱাই অসমীয়া বাণিজ্যিক ধাৰাৰ ছবিৰ পাতনি মেলিছিল বুলি কোৱা হয়। পাছৰ সময়ত অসমীয়া তাৰকা অভিনেতা নিপন গোস্বামীয়ে এই ছবিত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে অসমৰ এজন প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱায়ো এই চলচ্চিত্ৰৰ জৰিয়তেই সংগীত জগতত প্ৰথম খোজ দিছিল।২ ১৯৭০ চনত 'ডক্তৰ বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
কাহিনী সাৰাংশ
এগৰাকী অধ্যৱসায়ী ডাক্তৰে বিলাতত পঢ়া শেষ কৰি ডিব্ৰুগড়ৰ ওচৰৰে এখন ঠাইত নিজাকৈ এটা গৱেষণাগাৰ খুলি দেশৰ সেৱাত লাগিবলৈ মন কৰে। তেখেতৰ বাল্যবন্ধু চাহ বগিচাৰ মালিক ললিত দুৱৰা সপৰিয়ালে ডক্তৰ বেজবৰুৱাৰ গৱেষণাগাৰলৈ ফুৰিবলৈ আহোঁতে পুত্ৰ মতি নিৰুদ্দেশ হয়। ড॰ বেজবৰুৱাই নিজকে সেই দোষৰ ভাগী কৰি মদৰ ৰাগীতে দিন নিয়াবলৈ আৰম্ভ কৰে। এদিনাখন ৰাতি কেইজনমানে ঠগ-বদমাছে আহি ডক্তৰক বন্দী কৰি গৱেষণাগাৰ আৰু হস্পিটেলখন দখল কৰে।৪
বদমাছসকলৰ চৰ্দাৰ পৰমা হাজৰিকাৰ মুখ মণ্ডল ডা. বেজবৰুৱাৰ সতে মিলি যায় বাবে পৰম হাজৰিকাই ডা. বেজবৰুৱাৰ ছদ্মবেশ গ্ৰহণ কৰে, আৰু ডাক্তৰৰ পদবীত নিজকে বহুৱাই নিজৰ গৰ্হিত কামবোৰ কৰি থাকে। নিজ পুত্ৰক হেৰুৱাই ললিত দুৱৰা পত্নীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু নকল ডাক্তৰক দেখুৱাবলৈ ডিব্ৰুগড়লৈ আহে। ডিব্ৰুগড়ৰপৰা উভতি আহোঁতে তেওঁলোকে গাড়ীৰ পিছফালে এটা সৰু ল'ৰা বহি অহা দেখিবলৈ পায়। ল'ৰাজনৰ হাতত প্ৰদীপ নামটো খোদাই কৰি লিখা আছিল। দুৱৰা পৰিয়ালে প্ৰদীপক তুলি লয়।৪
প্ৰদীপ ডাঙৰ হৈ ডিব্ৰুগড়লৈ যাওঁতে ঘটনাচক্ৰত পৰম হাজৰিকাৰ প্ৰকৃত সত্য জানিবলৈ পায়, আৰু বদমাছৰ দলটোক পৰাহুত কৰি প্ৰকৃত ডা. বেজবৰুৱাক উদ্ধাৰ কৰে। ডা. বেজবৰুৱাই নিজে আকাংক্ষাৰ পৰিণতি দেখি দুঃখিত হৈ পৰে। কিন্তু বেজবৰুৱা আৰু দুৱৰা পৰিয়ালে জানিবলৈ পায় যে প্ৰদীপেই তেওঁলোকৰ হেৰোৱা সন্তান মতি।৪
কলা-কুশলী
- ব্ৰজেন বৰুৱা
- নিপন গোস্বামী
- প্ৰতিভা ঠাকুৰ
- ৰেণু শইকীয়া
সংগীত
'ডক্তৰ বেজবৰুৱা'ৰ সংগীত পৰিচালক আছিল ৰমেন বৰুৱা। চিনেমাখনত সন্নিবিষ্ট গীতসমূহ খুব জনপ্ৰিয় হৈছিল আৰু এতিয়াও জনপ্ৰিয়।৫
| ক্ৰমিক নং | গীত | কণ্ঠ | গীতিকাৰ |
|---|---|---|---|
| ১ | জিলিকি জিলিকা তৰা আকাশৰে | দ্বীপেন বৰুৱা | ব্ৰজেন বৰুৱা |
| ২ | কি নাম দি মাতিম | দ্বীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰ | নিৰ্মলপ্ৰভা বৰদলৈ |
| ৩ | মইনা কোন বিধাতাই সাজিলে | দ্বীপেন বৰুৱা আৰু ৰেণু বৰুৱা | ব্ৰজেন বৰুৱা |
| ৪ | ফুল ফুল ফুল | দ্বীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰ | এলি আহমেদ |
সন্মান
ডক্তৰ বেজবৰুৱাই ১৯৬৯ চনৰ সপ্তদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ History of Assamese Cinema. itsmynortheast.com
- ↑ পবিত্ৰ কুমাৰ ডেকা. (২০০৬). অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল. অসমীয়া সা ৰে গা মা. পৃ. ২৭- ২৯
- ↑ নয়ন প্ৰসাদ. (২০০৬). লতাশিলৰ বিস্ময়. অসমীয়া সা ৰে গা মা. পৃ. ১৯- ২০
- ↑ সপ্তদশ্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা. চলচ্চিত্ৰ সঞ্চালকালয়, ভাৰত চৰকাৰ
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮১১৬৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।